শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অব্যাহত সন্ত্ৰাসবাদ নিৰ্মূল অভিযানঃ কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ জালত ৩ সন্ত্ৰাসবাদী সহায়ক

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে চলাই থকা অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে। এই অভিযানৰ অংশ হিচাপে আজি নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সাফল্য। কাশ্মীৰ অঞ্চলৰ বুডগাম জিলাত আজি আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সহায়কক গ্ৰেপ্তাৰ কৰিছে।

অব্যাহত সন্ত্ৰাসবাদ নিৰ্মূল অভিযানঃ কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ জালত ৩ সন্ত্ৰাসবাদী সহায়ক
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 May 2025 23:17 PM

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস আক্ৰমণৰ পিছত ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে উপত্যকাটোত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে চলাই থকা অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে। এই অভিযানৰ অংশ হিচাপে আজি নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সাফল্য। কাশ্মীৰ অঞ্চলৰ বুডগাম জিলাত আজি আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তিনিজন সহায়কক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ এই সাফল্য উপত্যকাটোত সন্ত্ৰাসবাদী নেটৱৰ্কত এক বৃহৎ আঘাত হিচাপে পৰিগণিত হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনি সহায়কক ক্ৰমে মুজাম্মিল আহমেদ, ইছফাক পণ্ডিত আৰু মুনীৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে। মুজাম্মিল আহমেদ আৰু ইছফাক পণ্ডিত আলগাৰ পাটানৰ বাসিন্দা। আনহাতে মুনীৰ আহমেদ বীৰৱাহৰ মিৰপোৰাৰ বাসিন্দা। মগামৰ কাভুছা নৰবাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্ত্ৰাসবাদীৰ এই তিনি সহায়কক। আৰক্ষীয়ে ধৃত এই তিনিগৰাকী সহায়কৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেড আৰু গুলী উদ্ধাৰ কৰা বুলি সদৰী কৰিছে।

এই সন্দৰ্ভত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ প্ৰাসংগিক ধাৰাত থানা মাগামত এফআইআৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। এই তিনিগৰাকী সন্ত্ৰাসবাদী সহায়কক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে কৰা তদন্তত ধৃত এই তিনিওজন সদস্য লস্কৰ-ই-তৈবাৰ সক্ৰিয় সন্ত্ৰাসবাদী আবিদ কায়ুম ল’নৰ সংস্পৰ্শত আছিল বুলি পোহৰলৈ আহিছে।’

উল্লেখ্য যে এইজন আবিদ কায়ুম ৱুছান পাটানৰ বাসিন্দা আৰু ২০২০ চনত পাকিস্তানত অনুপ্ৰৱেশ কৰি লস্কৰ-ই-তৈবাত যোগদান কৰিছিল বুলি তথ্যত প্ৰকাশ। বৰ্তমান আবিদ পাকিস্তানত আছে আৰু তাৰ পৰাই ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰযকলাপৰ ষড়যন্ত্ৰ কৰি আছে বুলি কোৱা হৈছে। তথ্য অনুসৰি লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আবিদে কাশ্মীৰৰ যুৱক-যুৱতীক প্ৰলোভিত কৰি সন্ত্ৰাসবাদীলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যত জড়িত হৈ পৰিছে।

বুদগামৰ নৰ্বাল-মাগাম অঞ্চলতো সন্ত্ৰাসবাদ সম্পৰ্কীয় কাম-কাজ চলাই আহিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা এই সন্ত্ৰাসবাদী সহায়কসকলে তেওঁৰ নিৰ্দেশনা অনুসৰি কাম কৰি আছিল বুলিও এতিয়া প্ৰকাশ পাইছে। ধৃত এই তিনিওজন সহায়কক অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ লগতে যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদীলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব দিয়া হৈছিল বুলি কোৱা হৈছে।