শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাঃ ভাগ্যোদয় নায়াৰৰ, অধিনায়কৰ দায়িত্বত এইগৰাকী তাৰকা…

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত ভাৰতৰ ভৱিষ্যতৰ টেষ্ট দল সন্দৰ্ভত ব্যাপক চৰ্চা চলি আহিছে। ইয়াৰ সমান্তৰালকৈ ঘৰুৱা ক্ৰিকেটত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা কৰুণ নায়াৰৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তন সন্দৰ্ভতো অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলি আহিছিল। এই চৰ্চাৰ আংশিক ওৰ পেলাইছে বিচিচিআইয়ে।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাঃ ভাগ্যোদয় নায়াৰৰ, অধিনায়কৰ দায়িত্বত এইগৰাকী তাৰকা…
উভতিল কৰুণImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 May 2025 22:40 PM

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত ভাৰতৰ ভৱিষ্যতৰ টেষ্ট দল সন্দৰ্ভত ব্যাপক চৰ্চা চলি আহিছে। ইয়াৰ সমান্তৰালকৈ ঘৰুৱা ক্ৰিকেটত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা কৰুণ নায়াৰৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তন সন্দৰ্ভতো অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলি আহিছিল। এনে চৰ্চাৰ মাজতে ভাৰতীয় দলৰ আগন্তুক ইংলেণ্ড ভ্ৰমণৰ ওপৰতো দৃষ্টি ৰাখিছে অনুৰাগী আৰু ক্ৰিকেট বিশেষজ্ঞসকলে। অৱশ্যে ইংলেণ্ডৰ বিপক্ষে এই টেষ্ট শৃংখলাৰ বাবে এতিয়াও বিচিচিআইয়ে ভাৰতীয় দল ঘোষণা কৰা নাই।

ছিনিয়ৰ দল ঘোষণাৰ সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰি আছিল ইণ্ডিয়া- এ দলৰ ঘোষণাৰ বাবে। ইংলেণ্ড লায়ঞ্চৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ মেচৰ বাবে আজি বিচিচিআইয়ে ইণ্ডিয়া-এ দল ঘোষণা কৰিছে। ঘোষিত এই দলটোত ঘৰুৱা ক্ৰিকেটৰ অভিজ্ঞ বেটছমেন অভিমন্যু ইশ্বৰনৰ হাতত অৰ্পণ কৰা হৈছে। ইফালে চৰ্চাত থকা কৰুণ নায়াৰ আৰু ঈশান কিষাণকো ঘোষিত দলটোত স্থান দিয়া হৈছে।

উল্লেখ্য যে ইণ্ডিয়া-এ দলটোৱে ইংলেণ্ড ভ্ৰমণত ২ খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ভাৰতীয় ছিনিয়ৰ দলৰ সৈতে এখন অনুশীলন মেচ খেলিব। ঘৰুৱা ক্ৰিকেটত দীৰ্ঘসময় ধৰি বংগৰ হৈ অভিমন্যু ইশ্বৰনে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছিল। সেই সূত্ৰেই তেওঁ ইতিমধ্যে ছিনিয়ৰ দলতো স্থান লাভ কৰিছে। এতিয়া এ দলৰ বাবে তেওঁৰ কান্ধতে অধিনায়কৰ দায়িত্ব দিয়া হৈছে। লক্ষণীয়ভাৱে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ইণ্ডিয়া-এৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল ৰুতুৰাজ গাইকোৱাডে।

এইবাৰ তেওঁক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই যদিও অৱশ্যে দলত নিৰ্বাচিত কৰা হৈছে। ইফালে বিগত সময়ছোৱাত ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকতা প্ৰদৰ্শনেৰে চৰ্চালৈ অহা অভিজ্ঞ বেটছমেন কৰুণ নায়াৰে কেইবাবছৰৰ পাছত ভাৰতীয় দললৈ ঘূৰি অহাৰ এক সুযোগ লাভ কৰিছে। বিগত ঘৰুৱা ছিজনটোত ১৬০০ ৰানতকৈ অধিক ৰান আৰু ৯ শতক অৰ্জন কৰা কৰুণক ভাৰতীয় দলত স্থান দিয়াকলৈ যথেষ্ট আলোচনা দেখা গৈছিল।

ইণ্ডিয়া- এৰ হৈ এতিয়া কৰুণে এই আলোচনাক নায্যতা প্ৰদান কৰাৰ সুযোগ পাব, লগতে মুকলি কৰিব পাৰিব জাতীয় দলৰ দ্বাৰ। একেদৰে আকস্মিকভাৱে কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰাৰ পিছত কেৰিয়াৰ কিছু সংকটাপন্ন হৈ পৰা ঈশান কিষাণকো পুনৰবাৰ সুযোগ দিছে নিৰ্বাচকসকলে। তদুপৰি ভাৰতীয় দলৰ কেইজনমান নিয়মীয়া খেলুৱৈকো এই শৃংখলাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এইক্ষেত্ৰত শুভমন গিল আৰু যশস্বী জয়ছোৱাল অন্যতম।

শেহতীয়া কিছুদিন ধৰি শুভমন গিলে ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব পাব পাৰে বুলি যথেষ্ট আলোচনা হৈছে। যদি সেয়ে হয় ইংলেণ্ডৰ বিপক্ষে আগন্তুক শৃংখলাতে তেওঁ এই দায়িত্ব পালন কৰিব লাগিব। গতিকে এই প্ৰথম শ্ৰেণীৰ শৃংখলাটো তেওঁৰ বাবেও হ’ব গুৰুত্বপূৰ্ণ। অৱশ্যে তেওঁ দ্বিতীয়খন মেচৰ পূৰ্বেহে দলত যোগ দিব। গিলৰ গুজৰাটৰ সতীৰ্থ ছাই সুদৰ্শনেও দ্বিতীয়খন মেচত দলটোত যোগদান কৰিব।

ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত এণ্ডিয়া- এ দলঃ অভিমন্যু ইশ্বৰন (অধিনায়ক), ধ্ৰুৱ জুৰেল (সহ অধিনায়ক), যশস্বী জয়ছোৱাল, কৰুণ নায়াৰ, নীতিশ কুমাৰ ৰেড্ডী, শ্বাৰ্দুল ঠাকুৰ, ঈশান কিষাণ, মানৱ সুথাৰ, তনুশ কোটিয়ান, মুকেশ কুমাৰ, আকাশ দীপ, হৰ্ষিত ৰানা, অংশুল কম্বোজ, খলিল আহমেদ, ৰুতুৰাজ গাইকোৱাড, ছৰফৰাজ খান, তুষাৰ দেশপাণ্ডে, হৰ্ষ ডুবে, শুভমন গিল আৰু ছাই সুদৰ্শন।