অৱসৰৰ পিছতো ৰোহিত-কোহলীয়ে লাভ কৰিব বৃহৎ ধনৰাশি

16 MAY 2025

TV9 ASSAM

শেহতীয়াকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে টি-২০ ফৰ্মেটকো বিদায় দিছিল।

ৰোহিত-বিৰাটৰ অৱসৰ

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লৈছে যদিও অতি সোনকালে তেওঁলোকে বৃহৎ ধনৰাশি পুৰস্কাৰ লাভ কৰিব।

বৃহৎ পুৰস্কাৰ

আইচিচিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। ভাৰতীয় দলে ফাইনেলত উপনীত নহ’লেও কোটি কোটি টকা লাভ কৰিব৷

WTCৰ পুৰস্কাৰ

এইবাৰ বিজয়ী দলে প্ৰায় ৩১ কোটি টকা আৰু ৰানাৰ্ছ আপ দলে প্ৰায় ১৮.৫ কোটি টকা লাভ কৰিব। আনহাতে তৃতীয় স্থানৰ দলটোৱে লাভ কৰিব প্ৰায় ১২.৩১ কোটি টকা।

পুৰস্কাৰৰ ধনৰাশি

অৰ্থাৎ তৃতীয় স্থান লাভৰ সূত্ৰে ভাৰতীয় দলে আইচিচিৰ পৰা লাভ কৰিব ১২.৩১ কোটি টকা। এই ধন দলৰ খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হ’ব।

ভাৰতীয় দল

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ত ভাৰতীয় দলৰ অংশ আছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। সেয়ে তেওঁলোকেও এই ধনৰাশিৰ অংশ লাভ কৰিব।

ৰোহিত-বিৰাট

ভাৰতে এতিয়া অহা মাহত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ টেষ্ট শৃংখলা খেলিব। এয়া হ’ব ২০২৫-২৭ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথমটো শৃংখলা।

নতুন WTC

পঢ়িবলৈ ক্লিক কৰক 

IPL ২০২৫ৰ দ্বিতীয়াংশত এইসকল নতুন খেলুৱৈ