শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাসগৃহৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা হৈছিল নেকি জগদীপ ধনখড়ক? বিৰোধীৰ প্ৰশ্ন…

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে নিশা ধনখড়ক নিজৰ বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল। লগতে কোৱা হয় যে ধন সেই নিশাৰ পৰাই পেকিং কৰা আৰম্ভ কৰিছিল।

বাসগৃহৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱা হৈছিল নেকি জগদীপ ধনখড়ক? বিৰোধীৰ প্ৰশ্ন…
জগদীপ ধনখড়Image Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 24 Jul 2025 13:39 PM

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে হঠাৎ পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। পদত্যাগৰ কাৰণ শাৰীৰিক অসুস্থতা বুলি উল্লেখ কৰা হৈছে তেওঁ। কিন্তু এই কথা সহজে মানি ল’ব বিচৰা নাই দেশৰ বিৰোধী দলসমূহে। কেইবাজনো নেতাৰ মতে ইয়াৰ আঁৰত আছে আন কোনো ডাঙৰ কাৰণ। যাৰ বাবে কেন্দ্রৰ সৈতে ধনখড়ৰ সংঘাতক লৈও বহুতে উত্থাপন কৰিছে প্রশ্ন ৷

ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। কোৱা হৈছিল যে ধনখড়ক অতি শীঘ্ৰে নিজৰ বাসগৃহৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। ইফালে ঘৰটো ছীল কৰা বুলিও খবৰ আহিছে। অৱশ্যে এই তথ্য ভুৱা বুলি দাবী জনাইছে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো বা পিআইবিয়ে ।

সোমবাৰে নিশা ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। মঙলবাৰে তেওঁৰ পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে নিশা ধনখড়ক বাসগৃহ খালী কৰিবলৈ কোৱা হৈছিল। লগতে কোৱা হয় যে ধনড়ৰে সেই নিশাই পেকিঙো আৰম্ভ কৰিছিল। কিন্তু পিআইবিৰ তথ্য মতে এই খবৰ সম্পূৰ্ণ ভুল । সংবাদ সংস্থাটোৰ মতে পদত্যাগী উপ-ৰাষ্ট্ৰপতিগৰাকীক এনে কোনো নিৰ্দেশ দিয়া হোৱা নাই।

পদত্যাগ পত্ৰখনত ধনখড়ে উল্লেখ কৰিছে তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য মন্ত্ৰীসকলৰ সমৰ্থন কেনেদৰে লাভ কৰিছিল। তেওঁ লিখিছে, “মই যি আন্তৰিকতা লাভ কৰিলোঁ, মোৰ ওপৰত যি আস্থা ৰাখিলে, সেই আস্থাক মই গোটেই জীৱন মনত ৰাখিম। উপ-ৰাষ্ট্ৰপতি হিচাপে লাভ কৰা অভিজ্ঞতাৰ বাবে মই কৃতজ্ঞ।”

অৱশ্যে ইয়াৰ কাৰণ অধিক গভীৰ বুলি কংগ্ৰেছে দাবী কৰে। সোমবাৰে বিয়লি ১ বজাৰ পৰা ৪ বজাৰ ভিতৰত এনে কি সংঘটিত হ’ল? ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে।