শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পত্নীৰ উৱলি যোৱা মৃতদেহৰ ওচৰত খালে খাদ্য, পান কৰিলে সুৰা! ৫ বছৰীয়া প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতি…

পুনৰ এক ভয়ংকৰ হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, এজন যুৱকে নিজৰ পত্নীক হত্যা কৰে আৰু তাৰ পাছত মৃতদেহৰ ওচৰত খাদ্য আৰু সুৰা গ্ৰহণ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্নীৰ উৱলি যোৱা মৃতদেহৰ ওচৰত খালে খাদ্য, পান কৰিলে সুৰা! ৫ বছৰীয়া প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতি…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 25 Jul 2025 12:42 PM

দেশত প্ৰতিদিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ পাছতে পুনৰ এক নৃশংস কাণ্ডৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ২০ বছৰীয়া এজন যুৱকে হত্যা কৰে নিজৰ গৰ্ভৱতী পত্নীক। ইমানেই নহয়, হত্যাৰ পাছত পত্নীৰ উৱলি যোৱা মৃতদেহ ওচৰত সুৰাৰ লগতে খাদ্য গ্ৰহণ কৰে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংগালুৰুত।

জানিব পৰা মতে, বুধবাৰ (২৩ জুলাই) য়ে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে যে তেওঁলোকৰ ওচৰৰ ঘৰৰ পৰা বেয়া গোন্ধ ওলাই আছে। লগে লগে সেই স্থানত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। মহিলাগৰাকী ৩ মাহৰ গৰ্ভৱতী আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে, মহিলাগৰাকীৰ স্বামী শিৱমে এই হত্যাকাণ্ড সংঘটিত কৰিছে। তেওঁ এজন পেইন্টাৰ হিচাপে কাম কৰি আছে। মূলতঃ তেওঁ উত্তৰ প্ৰদেশৰ কুছিনগৰৰ বাসিন্দা। আৰক্ষীৰ সন্দেহ অনুসৰি, মৃতদেহ উদ্ধাৰৰ প্ৰায় ২ দিন পূৰ্বে তেওঁ পত্নী সুমনত হত্যা কৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, তেওঁলোকে প্ৰায় ৫ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু পাছত বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পাছত দুয়ো যোৱা ৫ মাহ ধৰি বাংগালুৰুত বাস কৰি আছে।

আৰক্ষীয়ে জনাই যে, মহিলাগৰাকীৰ নাকৰ পৰা তেজ ওলাই আছিল। কিন্তু বাকী আন কোনো অংশত আঘাতৰ চিন নাই। আৰক্ষীয়ে মৃতদেহৰ ওচৰৰ পৰা সুৰাৰ বটল আৰু খাদ্য উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনাই যে, শিৱমে যেতিয়া গম পাই পত্নীৰ মৃত্যু হোৱা বুলি তেতিয়া তেওঁ ঘৰ এৰি পলায়ন কৰে। কিন্তু আৰক্ষীয়ে তেওঁ বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে কিছুমান সৰু সৰু কথাক লৈ শিৱমে পত্নীৰ সৈতে কাজিয়া কৰিছিল। সোমবাৰে সন্ধিয়াও তেওঁলোকে কাজিয়া কৰিছিল আৰু পাছত শিৱমে মাৰপিট কৰিছিল। তাৰ পাছতে দুয়ো বেলেগ বেলেগ কোঠাত শুই যায়।

পাছত মঙলবাৰে পুৱা তেওঁ পত্নীক টোপনিৰ পৰা উঠাবলৈ চেষ্টা কৰে কিন্তু কোনো মাত নিদিয়ে। তাৰ পাছত শিৱমে খাদ্য বনাই আৰু সেয়া গ্ৰহণ কৰি কামলৈ যায়। নিশা পুনৰ ঘৰলৈ উভতি আহি সুৰা আৰু খাদ্য গ্ৰহণ কৰে। বুধবাৰে পুৱা পুনৰ তেওঁ পত্নীক উঠাবলৈ চেষ্টা কৰে কিন্তু তেতিয়া গম পাই যে পত্নীৰ মৃত্য়ু হৈছে। তাৰ পাছতে তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৩০ দিন ছুটীঃ কেন্দ্ৰীয় মন্ত্ৰী