শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এনে সমস্যা আছে নেকি আপোনাৰ? সাৱধান, ভুলতো খালী পেটত নাখাব নেমু চৰবত

সাধাৰণতে পুৱা নেমুৰ পানী খালে শৰীৰত হাইড্ৰেচন পোৱা যায়, ইয়াৰ দ্বাৰা ভাগৰ কম হয় আৰু শক্তিৰ মাত্ৰা বৃদ্ধি পায়। ই শৰীৰক দীৰ্ঘসময়লৈ সুস্থ কৰি ৰাখে। পিছে নেমু চৰবতৰ বহু উপকাৰিতা আছে যদিও সকলো লোকে খালী পেটত এয়া পান কৰা উচিত নহয়।

এনে সমস্যা আছে নেকি আপোনাৰ? সাৱধান, ভুলতো খালী পেটত নাখাব নেমু চৰবত
নেমু চৰবতImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 25 Jul 2025 23:35 PM

নেমুৰ চৰবত আমাৰ দেহৰ বাবে অত্যন্ত উপকাৰী, সেয়া আমি সকলোৱে জানো প্ৰাকৃতিক আৰু সতেজ পানীয় হিচাপে গণ্য কৰা নেমু চৰবতত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা, হজম শক্তি উন্নত কৰা আৰু ছালখন সুস্থ কৰি ৰখাতো ই যথেষ্ট সহায় কৰে। নেমুৰ চৰবতে বিপাকীয় ক্ৰিয়া উন্নত কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে বুলিও প্ৰমাণিত হয়। সাধাৰণতে পুৱা নেমুৰ পানী খালে শৰীৰত হাইড্ৰেচন পোৱা যায়, ইয়াৰ দ্বাৰা ভাগৰ কম হয় আৰু শক্তিৰ মাত্ৰা বৃদ্ধি পায়। ই শৰীৰক দীৰ্ঘসময়লৈ সুস্থ কৰি ৰাখে।

পিছে নেমু চৰবতৰ বহু উপকাৰিতা আছে যদিও সকলো লোকে খালী পেটত এয়া পান কৰা উচিত নহয়। নেমুত অধিক পৰিমাণে চাইট্ৰিক এচিড থাকে, যাৰ ফলত শৰীৰৰ pH ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। অতিৰিক্ত এচিডিটিৰ ফলত হাৰ্টবাৰ্ণ, এচিড ৰিফ্লাক্স আৰু গেছৰ সমস্যা হ’ব পাৰে। লগতে ই দাঁতৰ ইনামেল দুৰ্বল কৰি দাঁতৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে। সেয়ে উপকাৰী লেও নেমু চৰবত সঠিকভাৱে সেৱন কৰিব লাগে।

দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ অজিত কুমাৰে কয় যে খালী পেটত নেমু চৰবত বিশেষকৈ পেটৰ সমস্যা থকা লোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গেষ্ট্ৰিক আলচাৰ, এচিড ৰিফ্লাক্স বা হাৰ্টবাৰ্ণত আক্ৰান্ত লোকে খালী পেটত নেমু চৰবত পান কৰিব নালাগে, কাৰণ নেমুৰ এচিডে পেটৰ আৱৰণ আৰু অধিক সংবেদনশীল কৰি তুলিব পাৰে। সঘনাই এচিডিটিৰ সমস্যা থকা লোকৰ বাবে পুৱা নেমুৰ চৰবত খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।

দাঁতৰ সংবেদনশীলতা কম লে বা দাঁতৰ ইনামেল দুৰ্বল লোকেও নেমু চৰবত সাৱধানে সেৱন কৰিব লাগে, কাৰণ নেমুৰ এচিডে ইনামেলৰ ক্ষতি কৰিব পাৰে। বৃক্কৰ সমস্যা বা নিম্ন ৰক্তচাপ থকা লোকেও খালী পেটত নেমুৰ চৰবত খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এনে পৰিস্থিতিত সঠিক তথ্য আৰু সাৱধানতাৰে নেমুৰ চৰবত সেৱন কৰিলেহে স্বাস্থ্যৰ বাবে উপকাৰী হ

এই দিশসমূহৰ লগতে নেমুৰ চৰবত খোৱাৰ সময়ত কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে এনে কিছু প্ৰয়োজনীয় দিশ হৈছে

নেমুৰ চৰবত খোৱাৰ পিছত পৰিষ্কাৰ পানীৰে মুখ ধুব লাগে, যাতে দাঁতৰ ক্ষতি নহয়।

যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে, খালী পেটত নেমুৰ চৰবত খাব নালাগে।

বেছিকৈ নেমু ব্যৱহাৰ নকৰিব।

কুহুমীয়া পানীত নেমুৰ ৰস দি খালে অধিক উপকাৰ হয়।

যিসকল লোকৰ এলাৰ্জী, নিম্ন ৰক্তচাপৰ সমস্যা, বৃক্ক সম্পৰ্কীয় সমস্যা আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে নেমু চৰবত পান কৰিব লাগে।