শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শহুৰৰ ঘৰত জোঁৱাইৰ তাণ্ডৱ! এম্বুলেন্সত আহি গাঁৱৰ লোকক আক্ৰমণ, ১০ জন আহত

গাঁওখনৰ প্ৰত্যক্ষদৰ্শীৰ মতে, এম্বুলেন্স, ভ্যানৰ দৰে বাহন দেখি প্ৰথমে কি হৈছিল ৰাইজে বুজিব পৰা নাছিল। অলপ সময়ৰ ভিতৰতে এই বাহনসমূহৰ পৰা নামি আহে যুৱকসকলে লাঠি, লোহাৰ শিকলি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুয়োপক্ষৰ প্ৰায় ১০ জন লোক গুৰুতৰভাৱে আহত হৈছে।

শহুৰৰ ঘৰত জোঁৱাইৰ তাণ্ডৱ! এম্বুলেন্সত আহি গাঁৱৰ লোকক আক্ৰমণ, ১০ জন আহত
শহুৰৰ ঘৰত জোঁৱাইৰ তাণ্ডৱ!
trishna-kalita
Trishna Kalita | Published: 25 Jul 2025 12:51 PM

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ৰসাউলী গাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা।  লক্ষ্ণৌৰ পৰা দুখন এম্বুলেন্স আৰু এখন ব্যক্তিগত ভ্যানত প্ৰায় ২০ৰ পৰা ২৫জন যুৱকে প্ৰৱেশ কৰি হুলস্থুলৰ সৃষ্টি কৰে গাঁওখনত। জানিব পৰা মতে, বিয়াৰ মাত্ৰ এমাহৰ পাছতেই শহুৰৰ ঘৰত উপস্থিত হোৱা এজন জোঁৱাইৰ নেতৃত্বত গাঁওখনৰ আক্ৰমণ কৰে। ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত গাঁৱৰ ভিতৰত এম্বুলেন্স ৰৈ থকা দেখা গৈছে লগতে দুয়োপক্ষৰ মাজত তীব্ৰ কাজিয়াৰ দৃশ্যও দেখা গৈছে।

গাঁওখনৰ প্ৰত্যক্ষদৰ্শীৰ মতে, এম্বুলেন্স, ভ্যানৰ দৰে বাহন দেখি প্ৰথমে কি হৈছিল ৰাইজে বুজিব পৰা নাছিল। অলপ সময়ৰ ভিতৰতে এই বাহনসমূহৰ পৰা নামি আহে যুৱকসকলে লাঠি, লোহাৰ শিকলি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুয়োপক্ষৰ প্ৰায় ১০ জন লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে ৬ জনৰ অৱস্থা সংকটজনক অৱস্থাত আছে।

দ্ৰুতগতিত গাড়ী চলোৱাক লৈ হৈছিল তৰ্ক

গুৰুতৰভাৱে আহত ৩২ বছৰীয়া নৈমা বানোৱে জনোৱা মতে, ২০২৫ চনৰ ২০ জুনত লক্ষ্ণৌৰ ডুবাগা থানা এলেকাৰ বাসিন্দা মহম্মদ ডানিছৰ সৈতে তেওঁৰ কন্যা জ’য়াক বিয়া দিছিল। কিন্তু গাঁৱৰ পথেৰে দ্ৰুতগতিত গাড়ী চলোৱা গাঁৱৰ মানুহে তেওঁক ৰখাইছিল। এই সন্দৰ্ভত আগতেও তৰ্ক হৈছিল।

আহত আন এজন লোকে জুবাইৰে জনোৱা মতে, বুধবাৰে দ্ৰুতগতিত গাড়ী চলোৱাক লৈ বিবাদ হৈছিল, যাৰ বাবে ডায়েল ১১২ আৰক্ষী সেই স্থানত উপস্থিত হৈ বিষয়টো শান্ত কৰে। তাৰ পিছতে দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে ডেনিছে তিনিখন এম্বুলেন্স আৰু এখন ভ্যানত ২০-২৫ জন লোকক লৈ আহিছিল। সকলোৰে হাতত আছিল লাঠি, লোহাৰ শিকলি আৰু চোকা অস্ত্ৰ। তেওঁ অহাৰ লগে লগে, কোনে আমাক বাধা দিয়ে চাওঁ বুলি কৈ আক্ৰমণ আৰম্ভ কৰিছিল। ঘটনাৰ সময়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰা গাঁওবাসীকো নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হয়। জুবেৰে কয় যে বিয়াৰ পিছৰে পৰা মহম্মদ ডেনিছে প্ৰায়ে গাঁৱৰ ৰাজপথত তীব্ৰ বেগত গাড়ী চলাইছিল, যাৰ বাবে গাঁৱৰ ৰাইজ ক্ষুব্ধ হৈ পৰিছিল। তেওঁকো বহুবাৰ ৰখাইছিল যদিও তেওঁ ভাবুকি দি আছিল।

জোঁৱাইৰ অভিযোগ

জিলা চিকিৎসালয়ত ভৰ্তি ডেনিছে কয় যে তেওঁক আক্ৰমণ কৰা হৈছে। তেওঁ অভিযোগ কৰে যে গাঁৱৰ যুৱকে তেওঁলোকৰ লগত অহা ছোৱালীসকলক জোকাইছিল। তাৰ পিছত তেওঁৰ বন্ধুসকলে বুজাবলৈ আহোতে গাঁৱৰ মানুহে তেওঁলোকৰ আক্ৰমণ কৰে।

এতিয়া এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত গাঁৱৰ মাজত দুখন এম্বুলেন্স আৰু এখন ভ্যান ৰৈ হৈ থকা দেখা গৈছে, আৰু হাতত লাঠি লৈ লোকসকলে যুঁজি থকা দেখা গৈছে। সমগ্ৰ ঘটনাক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ, হত্যাৰ চেষ্টা, সংঘৰ্ষ বুলি অভিহিত কৰি গুৰুতৰ ধাৰাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পক্ষই। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি , প্ৰস্তাৱত অনুমোদন লোকসভাৰ