নাম, ধৰ্ম লুকুৱাই যুৱতীৰ সৈতে সম্পৰ্ক! পাছত আমিৰৰ ভয়ংকৰ কাণ্ড…
পুনৰ এক ভয়ংকৰ কাণ্ড। এজন যুৱকে নিজৰ ধৰ্মৰ পৰিচয় লুকুৱাই ৰাখি এগৰাকী যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু পাছত নিৰ্যাতন চলায়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম পৰিবৰ্তনৰ লগত জড়িত বিভিন্ন ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এক ঘটনা পোহৰলৈ আহিছে য’ত এজন যুৱকে নিজৰ ধৰ্মৰ পৰিচয় লুকুৱাই এগৰাকী যুৱতীৰ লগত বিশ্বাসঘাটকতা কৰে। অভিযোগ অনুসৰি, স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা যুৱতীগৰাকীক এজন যুৱকে ভুল পৰিচয় দি জালত পেলায়। এই যুৱকজনৰ প্ৰকৃত নাম মহম্মদ আমিৰ। কিন্তু যুৱকজনে নিজকে আকাশ বুলি পৰিচয় দি বন্ধুত্ব গঢ়ে আৰু পাছত প্ৰেমৰ সম্পৰ্ক গঢ়ে।
ইমানেই নহয়, যুৱকজনে যুৱতীগৰাকীক বিবাহৰ মিছা প্ৰতিশ্ৰুতি যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰোপৰি যুৱকজনে অন্য যুৱতীকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বি কে টি থানা এলেকাত। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে, বি কে টিৰ এখন গাঁৱৰ এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তেওঁ কয় যে, কলেজলৈ অহাৰ সময়ত যুৱকজনৰ সৈতে চিনাকী হয় আৰু বন্ধুত্ব গঢ়ি তোলে। প্ৰথমে যুৱকজনে নিজক আকাশ আৰু অবিবাহিত বুলি চিনাকী দিছিল। যুৱতীগৰাকীয়ে যুৱকজনৰ কথাত ভোল যায় আৰু দুয়োৰে মাজত প্ৰেম গঢ়ি উঠে। ইয়াৰ পাছত যুৱকজনে যুৱতীগৰাকীক শোষণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কিছুদিন পাছত যুৱতীগৰাকীয়ে গম পাই যে যুৱকজনৰ নাম আমিৰ আৰু তেওঁ বিবাহিত। যুৱতীগৰাকীয়ে ইয়াৰ বিৰোধ কৰে যদিও যুৱকজনে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে।
ঘৰত প্ৰৱেশ কৰি নিৰ্যাতন চলাইছিল
ছাত্ৰীগৰাকীয়ে জনোৱা মতে, ২০ জুলাইত যেতিয়া তেওঁৰ পৰিয়ালৰ লোকসকলে মন্দিৰ দৰ্শন কৰিব গৈছিল, তেতিয়া তেওঁ ঘৰত অকলে আছিল। এই সময়ছোৱাত আমিৰে তাইৰ ঘৰত সোমাই ধৰ্ষণ কৰে। ইয়াৰ পিছত চুবুৰীত বাস কৰা যুৱতীগৰাকীৰ পৰিয়ালৰ অন্য এগৰাকী যুৱতীক নিৰ্যাতন চলায়। যুৱতীগৰাকীৰ চিঞৰ শুনি সেই স্থানত ওচৰ-চুবুৰীয়া উপস্থিত হয়, কিন্তু সেই সময়লৈ যুৱকজন পলায়ন কৰে।
এজাহাৰ দাখিল
এই কথা যুৱতীগৰাকীয়ে মাতৃক জনায়। পাছত পৰিয়ালৰ লোকে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জানিব পৰা মতে, সেইদিনা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অন্য ঠাইলৈ ফুৰিব গৈছিল। তেনে অৱস্থাত যুৱকজনে এই কথা সংঘটিত কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ সুৰ সলনি! ইলন মাস্কৰ কোম্পানীৰ ওপৰত ডাঙৰ ঘোষণা…