শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল'বলৈ ৩০ দিনৰ ছুটী...

বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল’বলৈ ৩০ দিনৰ ছুটী…

barasha-sarma
Barasha Sarma | Published: 25 Jul 2025 21:38 PM

বহুতৰে ঘৰত বৃদ্ধ পিতৃ-মাতৃ থাকে। কিন্তু সময়ৰ অভাৱৰ বাবে মানুহে তেওঁলোকৰ যত্ন ল'ব নোৱাৰে। কিন্তু ইয়াৰ বাবে ৩০দিন পৰ্যন্ত ছুটী লাভ কৰিব।

বহু মানুহে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল’ব বিচাৰে। কিন্তু ছুটী নাপায়। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ক্ষেত্ৰত ডাঙৰ মন্তব্য প্ৰদান কৰে।সংসদত এটা প্ৰশ্ন উত্থাপন হৈছিল যে চৰকাৰী কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাৰ কোনো নিয়ম আছে নেকি? কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত ইয়াৰ উত্তৰ দিয়ে। লগতে কয় যে, সেৱাৰ নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ব্যক্তিগত কাৰণত ৩০ দিন পৰ্যন্ত ছুটী লাভ কৰিব পাৰিব। ইয়াৰ ভিতৰত পিতৃ-মাতৃৰ শাৰীৰিক অসুস্থতা আৰু তেওঁলোকৰ যত্ন লোৱা অন্তৰ্ভুক্ত।

উত্তৰত কয় যে, কেন্দ্ৰীয় অসামৰিক সেৱা (ছুটী) নিয়ম, ১৯৭২ৰ বিধান অনুসৰি ছুটী প্ৰদান কৰা হয়।