ষ্টেচন বা ৰে’লত ৰীল বনোৱাসকলৰ বাবে বিপদ! জৰিমনাই নহয়, হ’ব পাৰে জে’ল
ৰাজহুৱা স্থানত ৰীল নিৰ্মাণৰ উন্মাদনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি জনাইছে ৰে’লৱে ব’ৰ্ডে। বিশেষকৈ ৰে’ল ষ্টেচন, ৰে’ল লাইন আৰু ৰে’লৰ ডবাত বিপজ্জনকভাৱে ৰীল নিৰ্মাণ কৰাটো জনপ্ৰিয় হৈ পৰাৰ বাবে বিপদৰ কথা নাভাবি মানুহে ৰীল বনোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।
বৰ্তমান সময়ত ৰীল বনোৱাটো এক নিচাত পৰিণত হৈছে। কৰ্মস্থলীতেই হওক বা ঘৰতেই হওক, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ৰীল বনোৱাত ব্যস্ত হৈ থাকে। বহুতে ৰীল বনোৱাৰ উন্মাদনাত নিজৰ জীৱনটোক বিপদত পেলোৱাৰ আগত এবাৰো চিন্তা নকৰে। ৰে’ল ষ্টেচনত, আনকি ৰে’ল লাইনত বা ৰে’লৰ ভিতৰতো বহুতে ৰীল বনায়। কিন্তু এতিয়া এই ক্ষেত্ৰত সাৱধান হওক। ৰে’লত বা ষ্টেচনত ৰীল বনাই ধৰা পৰিলে জৰিমনা ভৰিব লাগিব আপুনি।
কিছু মাহ পূৰ্বে চেন্নাইৰ সমীপত ৰীল বনাই থকা অৱস্থাত মৃত্যু হৈছিল এজন ১৫ বছৰীয়া ছাত্ৰৰ। ইয়াৰ পিছত সাধাৰণ লোকৰ বাবে ৰে’ল ষ্টেচনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনোৱা। যাৰ বাবে তেওঁলোকৰ দাবী মানি লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’লৱে। তামিলনাডুতো ৰে’ল ষ্টেচন আৰু ৰে’লত ৰিল নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এতিয়াৰে পৰা ভিডিঅ’ বা ৰীল বনাই পোষ্ট কৰিলে নূন্যতম ১০০০ টকা জৰিমনা বিহা হ’ব।