শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ পৰা প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন ভ্ৰমণলৈ, পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ

মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ পৰা প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন ভ্ৰমণলৈ, পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 24 Jul 2025 23:48 PM

আজি ব্ৰিটেইনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সৈতে ভাৰতৰ এক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰীয়ে। এই চুক্তিয়ে অংশীদাৰিত্বত নতুন মাত্ৰ প্ৰদান কৰিব বুলি কয় মোদীয়ে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় ভ্ৰমণৰ সময়ত দুটাকৈ মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ ১৪৭ কোটি টকাৰ প্ৰকল্প আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়  আৰু ৩৫৭ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰে। ইফালে আজি ব্ৰিটেইনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সৈতে ভাৰতৰ এক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰীয়ে। এই চুক্তিয়ে অংশীদাৰিত্বত নতুন মাত্ৰ প্ৰদান কৰিব বুলি কয় মোদীয়ে।

গোৱালপাৰাত সংঘটিত উচ্ছেদ অভিযান সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আজি ন্য়ায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে অসমৰ মুখ্য সচিব আৰু আন বিষয়ালৈ জাননী জাৰি কৰিছে। দুসপ্তাহৰ ভিতৰত ইয়াৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে।

চাওঁ আহক দিটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…