India UK Free Trade Deal: মুক্ত বাণিজ্য চুক্তিত ভাৰতীয়সকলৰ বাবে বৃহৎ চাকৰিৰ সুযোগ
তিনি বছৰীয়া আলোচনাৰ অন্তত ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰ হয় ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি। চুক্তিত স্বাক্ষৰ কৰে দুই দেশৰ বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু জনাথন ৰেনল্ডেছে।
দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল। ২৪ জুলাই বৃহস্পতিবাৰে তিনি বছৰীয়া আলোচনাৰ অন্তত ভাৰত-ব্ৰিটেইনৰ মাজত স্বাক্ষৰ হয় ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি। চুক্তিত স্বাক্ষৰ কৰে দুই দেশৰ বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েল আৰু জনাথন ৰেনল্ডেছে। উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ।
দুয়োখন দেশৰ অনুমান অনুসৰি ইয়াৰ দ্বাৰা বছৰি ৩৪ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্ভৱ হ’ব। এফালে এই বাণিজ্যিক চুক্তিয়ে বহু সামগ্ৰী দাম হ্ৰাস কৰিব। আনফালে ভাৰতীয়সকলৰ বাবে কেইবাটাও ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইংলেণ্ডলৈ গৈ তথ্য প্ৰযুক্তি, মেনেজমেণ্ট কনচালটিং, আৰ্কিটেকচাৰ, ইঞ্জিনিয়াৰিংকে ধৰি কেইবাটাও ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিব যুৱ প্ৰজন্মই।
ইতিমধ্যে ২৬ টা ব্ৰিটিছ কোম্পানীয়ে ভাৰতত নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। চাওক এই মুক্ত বাণিজ্য চুক্তিৰ ফলত কি কি সামগ্ৰী সস্তা হ’ব-