Male Birth Control Pill YCT-529: পুৰুষেও খাব পাৰিব গৰ্ভনিৰোধক ঔষধ, শীঘ্ৰে বজাৰত উপলব্ধৰ সংকেত!
শীঘ্ৰে পুৰুষৰ বাবে গৰ্ভনিৰোধক ঔষধ প্ৰস্তুত হ'ব পাৰে। এই ঔষধৰ পাৰ্শ্বক্ৰিয়া বা হৰম’নৰ বিকাৰৰ কোনো ভয় নাথাকিব। এই আৱিষ্কাৰে পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।

Male Birth Control Pill: শেহতীয়াকৈ YCT-529 নতুন নন-হৰম’নযুক্ত পুৰুষ গৰ্ভনিৰোধক পিলৰ প্ৰাৰম্ভিক পৰীক্ষাত সুৰক্ষাৰ মানদণ্ড উত্তীৰ্ণ হৈছে। এই ঔষধে কোনো হৰম’নৰ পৰিৱৰ্তন নোহোৱাকৈ শুক্ৰাণু গঠন প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে আৰু ইয়াৰ প্ৰভাৱ ওলোটাও হ’ব পাৰে। ইতিমধ্যে ই জীৱ-জন্তুৰ ওপৰত ডাঙৰ ফলাফল দেখুৱাইছে আৰু পৰৱৰ্তী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। যদি সকলো ঠিকে থাকে, তেন্তে কেইবছৰমানৰ পিছত পুৰুষেও অস্ত্ৰোপচাৰ নকৰাকৈ গৰ্ভনিৰোধক ঔষধ খাব পাৰিব।
এতিয়ালৈকে গৰ্ভনিৰোধৰ দায়িত্ব বেছিভাগেই মহিলাৰ ওপৰত আছিল। তেওঁলোকে পিল খাব লাগিছিল নহ’লে কপাৰ-টি লগাব লাগিছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে এনে এক আৱিষ্কাৰ যিয়ে পুৰুষকো সমানে দায়বদ্ধ কৰি তুলিব পাৰে। আমেৰিকাত নিৰ্মিত পুৰুষৰ নতুন গৰ্ভনিৰোধক বড়ি YCT-529 য়ে মানুহৰ ওপৰত প্ৰাৰম্ভিক পৰীক্ষাত সম্পূৰ্ণ নিৰাপদ বুলি দাবী কৰিছে। বিশেষ কথাটো হ’ল এই বড়িটো হৰম’নযুক্ত নহয়, অৰ্থাৎ ই শৰীৰৰ হৰম’নৰ মাত্ৰাত কোনো বাধা নিদিয়ে।
YCT-529 কি?
YCT-529 নামৰ এই পিল কেৱল পুৰুষৰ বাবেহে তৈয়াৰ কৰা হৈছে। ই শৰীৰৰ এটা বিশেষ ৰিচেপ্টৰ (Retinoic Acid Receptor Alpha)ক লক্ষ্য কৰি লয়, যিটো শুক্ৰাণু গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ। এই ৰিচেপ্টৰটোক বাধা দিলে শুক্ৰাণুৰ উৎপাদন বন্ধ হৈ যায় যদিও হৰম’নৰ ভাৰসাম্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে – যেনে টেষ্টষ্টেৰন।
মানুহৰ ওপৰত হোৱা পৰীক্ষাত কি ওলাই আহিল?
এই পিলৰ প্ৰথম পৰীক্ষা (Phase 1) ১৬ জন পুৰুষৰ ওপৰত কৰা হৈছিল যিসকলক ১০ মিলিগ্ৰামৰ পৰা ১৮০ মিলিগ্ৰামলৈকে বিভিন্ন মাত্ৰা দিয়া হৈছিল। তেওঁলোকৰ কিছুমানক খালী পেটত আৰু কিছুমানক খোৱাৰ পিছত এই পিল দিয়া হৈছিল, যাতে খাদ্যৰ লগে লগে ইয়াৰ প্ৰভাৱ সলনি হয় নে নহয় সেইটো জানিব পৰা যায়। ফলত খাদ্য খোৱাৰ কোনো বিশেষ পাৰ্থক্য নহ’ল আৰু ঔষধটো সকলো অৱস্থাতে ফলপ্ৰসূ হয়।
জীৱ-জন্তুৰ ওপৰত কি প্ৰভাৱ পৰিছিল?
ইয়াৰ পূৰ্বেও এন্দুৰ আৰু বান্দৰৰ ওপৰত YCT-529 পৰীক্ষা কৰা হৈছিল। এই ঔষধটো এন্দুৰক ৪ সপ্তাহৰ বাবে দিলে ৯৯% গৰ্ভধাৰণ ৰোধ হয় আৰু ঔষধ বন্ধ হ’লে কেইসপ্তাহমানৰ ভিতৰতে প্ৰজনন ক্ষমতা ঘূৰি আহে। বান্দৰৰ ক্ষেত্ৰতো একেই কথা দেখা গৈছিল। এই পিল খালে শুক্ৰাণু উৎপাদন বন্ধ হৈ যায় আৰু কিছু সময়ৰ পিছত যেতিয়া বড়ি বন্ধ হৈ গ’ল, তেতিয়া পুনৰ শুক্ৰাণু গঠন হ’বলৈ ধৰিলে।
ইয়াৰ পিছত কি হ’ব?
এতিয়া এই ঔষধৰ পৰৱৰ্তী পৰীক্ষা (Phase 2) চলি আছে। শুক্ৰাণুৰ সংখ্যা কিমান কমি যায় আৰু কিমান গৰ্ভধাৰণ ৰোধ কৰিব পাৰি। ইয়াৰ ওপৰতো অনুসন্ধান কৰা হ’ব। যদি এই সকলোবোৰ সফল হয় তেন্তে ২০২৬ চনৰ পৰা ২০২৯ চনৰ ভিতৰত এই পিল বজাৰত উপলব্ধ হ’ব পাৰে।