৪ হাজাৰ ৭৮ দিন, প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধীক অতিক্ৰম কৰিলে নৰেন্দ্ৰ মোদীয়ে, আগত আছে কেৱল নেহৰু…
প্ৰধানমন্ত্ৰী হিচাপে ৪ হাজাৰ ৭৮ দিন সম্পূৰ্ণ কৰিছে মোদীয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অতিক্ৰম কৰিছে।

নতুন অভিলেখ গঢ়িবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদী হৈছে সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী হোৱা দ্বিতীয়জন নেতা। ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে ৪ হাজাৰ ৭৮ দিন সম্পূৰ্ণ কৰিছে মোদীয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অতিক্ৰম কৰিছে। কিন্তু চাবলৈ গ’লে সামগ্ৰিকভাৱে ইন্দিৰা গান্ধীৰ কাৰ্যকাল মোদীতকৈ এতিয়াও অধিক।
ইন্দিৰা গান্ধীক অতিক্ৰম কৰি শুকুৰবাৰে নৰেন্দ্ৰ মোদী ধাৰাবাহিকভাৱে সৰ্বাধিক দিন প্ৰধানমন্ত্ৰী হোৱা দ্বিতীয়গৰাকী নেতা হিচাপে পৰিগণিত হয়। বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কাৰ্যালয়ত ৪০৭৮ দিন সম্পূৰ্ণ কৰিবলৈ ওলাইছে। ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৪০৭৭ দিন সম্পূৰ্ণ কৰিছিল। ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ অবিৰতভাৱে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৩ টা লোকসভা নিৰ্বাচনত নিজৰ দলৰ নেতৃত্বত জয়লাভ কৰিছিল। ইতিমধ্যে তেওঁৰ হাতত একেৰাহে ৩ বাৰকৈ দলটোক জয়ৰ অভিলেখ আছে, জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাপে ৬১৩০ দিন দেশৰ সেৱা কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছিল নেহৰু। তেওঁ কাৰ্যকাল ১৬ বছৰ ৯ মাহ ১২ দিন চলিছিল। একেদৰে নৰেন্দ্ৰ মোদীয়ে একেৰাহে ৩টা লোকসভা নিৰ্বাচনত তেওঁ নিজৰ দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছে।
গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদী ২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিল আৰু এতিয়াও প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ সৰ্বাধিক দিনৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। বিষয়াসকলৰ মতে, তেওঁ দুটা কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথম আৰু একমাত্ৰ অকংগ্ৰেছী নেতা।
একেটা দলৰ প্ৰতিনিধি হিচাপে একেৰাহে ছটা বৃহৎ নিৰ্বাচনত ঐতিহাসিক জয় পঞ্জীয়ন কৰা ভাৰতৰ একমাত্ৰ নেতা নৰেন্দ্ৰ মোদী। ২০০২, ২০০৭ আৰু ২০১২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত আৰু তাৰ পিছত ২০১৪, ২০১৯ আৰু ২০২৪ চনত লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।