ষ্টেচন বা ৰে’লত ৰীল বনোৱাসকল সাৱধান! কেৱল জৰিমনাই নহয় হ’ব পাৰে জে’ল
কিছু মাহ পূৰ্বে চেন্নাইৰ সমীপত ৰীল নিৰ্মাণ কৰি থকা অৱস্থাত মৃত্যু হৈছিল এজন ১৫ বছৰীয়া ছাত্ৰৰ। ইয়াৰ পিছত সাধাৰণ লোকৰ বাবে ৰে’ল ষ্টেচনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনোৱা। যাৰ বাবে তেওঁলোকৰ দাবী মানি লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’লৱে।

বৰ্তমান সময়ত ৰীল বনোৱাটো এক নিচাত পৰিণত হৈছে। কৰ্মস্থলীতেই হওক বা ঘৰতেই হওক, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ৰীল বনোৱাত ব্যস্ত হৈ থাকে। বহুতে ৰীল বনোৱাৰ উন্মাদনাত নিজৰ জীৱনটোক বিপদত পেলোৱাৰ আগত এবাৰো চিন্তা নকৰে। ৰে’ল ষ্টেচনত, আনকি ৰে’ল লাইনত বা ৰে’লৰ ভিতৰতো বহুতে ৰীল বনায়। কিন্তু এতিয়া এই ক্ষেত্ৰত সাৱধান হওক। ৰে’লত বা ষ্টেচনত ৰীল বনাই ধৰা পৰিলে জৰিমনা ভৰিব লাগিব আপুনি।
কিছু মাহ পূৰ্বে চেন্নাইৰ সমীপত ৰীল নিৰ্মাণ কৰি থকা অৱস্থাত মৃত্যু হৈছিল এজন ১৫ বছৰীয়া ছাত্ৰৰ। ইয়াৰ পিছত সাধাৰণ লোকৰ বাবে ৰে’ল ষ্টেচনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনোৱা। যাৰ বাবে তেওঁলোকৰ দাবী মানি লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’লৱে। তামিলনাডুতো ৰে’ল ষ্টেচন আৰু ৰে’লত ৰিল নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এতিয়াৰে পৰা ভিডিঅ’ বা ৰীল বনাই পোষ্ট কৰিলে নূন্যতম ১০০০ টকা জৰিমনা বিহা হ’ব।
ৰাজহুৱা স্থানত ৰীল নিৰ্মাণৰ উন্মাদনা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি জনাইছে ৰে’লৱে ব’ৰ্ডে। বিশেষকৈ ৰে’ল ষ্টেচন, ৰে’ল লাইন আৰু ৰে’লৰ ডবাত বিপজ্জনকভাৱে ৰীল নিৰ্মাণ কৰাটো জনপ্ৰিয় হৈ পৰাৰ বাবে বিপদৰ কথা নাভাবি মানুহে ৰীল বনোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এতিয়াৰে পৰা ৰে’ল ষ্টেচন, ৰে’ল লাইন আৰু ৰে’ল ডবাত ৰিল নিৰ্মাণ কৰিলে কমেও ১০০০ টকা জৰিমনা বিহা হ’ব। তদুপৰি ৰে’লৰ পৰা প্লেটফৰ্মত জপিওৱা বা এনে ৰিস্কি ভিডিঅ’ বনোৱা লোকক গ্ৰেপ্তাৰ কৰা হ’ব।
সাধাৰণতে ৰে’ল ষ্টেচনত ভিডিঅ’ ৰেকৰ্ডিং কৰা নিষিদ্ধ। কিন্তু ৰRলৰ উন্মাদনাৰ বাবে বহুতে ভিডিঅ’ ৰেকৰ্ডিং কৰি পোষ্ট কৰে। যাৰ বাবে নিৰাপত্তাৰ স্বার্থত আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু ৰে’ল ষ্টেচনৰ পৰিচালকে চিচিটিভি কেমেৰাৰ জৰিয়তে ৰে’ল ষ্টেচনসমূহ নিৰীক্ষণ কৰে৷ বিশেষকৈ চলন্ত ৰে’লত ভিডিঅ’ কৰা, ৰে’লখন ট্ৰেকত পোৱাৰ আগতেই অন্তৰংগ ভিডিঅ’ বনোৱা, ট্ৰেকত খোজ কঢ়া, ট্ৰেকত শোৱা আৰু চলন্ত ৰে’লৰ পৰা প্লেটফৰ্মলৈ জপিয়াই পৰা আদি ভিডিঅ’ যাতে নিৰ্মাণ নহয় তাৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে মুম্বাই, দিল্লী আৰু উত্তৰ প্ৰদেশতো ৰে’ল ষ্টেচনত ৰীল নিৰ্মাণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।