সপোনত ওপৰৰ পৰা পৰি যোৱা দেখিলে কিহৰ ইঙ্গিত দিয়ে?

25 July 2025

TV9 ASSAM

সপোনত কেতিয়াবা ওপৰৰ পৰা পৰি যোৱা দেখিব পাৰে। বাস্তৱ জীৱনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এনে সপোনৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে।

সপোন

মনোবিজ্ঞানীসকলে ইয়াৰ বিভিন্ন ব্যাখ্যা আগবঢ়ায়। সপোনত পৰি যোৱাটো প্ৰায়ে নিৰাপত্তাহীনতা বা জীৱনত নিয়ন্ত্ৰণ হেৰুৱাৰ অনুভৱৰ প্ৰতীক হ’ব পাৰে।

নিৰাপত্তাহীনতা

ই আপোনাৰ মানসিক চাপ বা উদ্বেগৰ প্ৰকাশো হ’ব পাৰে। কোনো এটা কথা বেছিকৈ ভাবি থাকিলে সপোনত সেই কথাৰ কোনো চিন থাকিব পাৰে।

মানসিক চাপ

মনোবিজ্ঞানীসকলে কয় যে ওপৰৰ পৰা পৰি যোৱা সপোনে কোনো এটা বিষয়ত দ্বিধাবোধৰ অৱস্থাৰ ইংগিত দিব পাৰে।

দ্বিধাবোধ

বহুলোকে এনে সপোন জীৱনৰ পৰিৱৰ্তনৰ ইংগিত হ’ব পাৰে বুলিও কয়। লগতে এনে সপোন ভৱিষ্যতে হ’ব পৰা অজ্ঞাত পৰিৱৰ্তনৰ লক্ষণ হ’ব পাৰে।

জীৱনৰ পৰিৱৰ্তন

কেতিয়াবা টোপনিৰ সময়ত শাৰীৰিক গতিবিধিৰ বাবেও এনে সপোন দেখিব পাৰে। সপোনত বাস্তৱ প্ৰতিফলিত হ’ব পাৰে। ইয়াক হিপনিক জাৰ্ক বোলা হয়।

হিপনিক জাৰ্ক

স্বপ্নশাস্ত্র মতে এনে সপোনে কিছুমান অশুভ পৰিঘটনাৰ ইংগিত দিব পাৰে। ই বিফলতাৰ সংকেত হ’ব পাৰে বা সমস্যাৰ সন্মুখীন হোৱাৰ সংকেত হ’ব পাৰে।

স্বপ্নশাস্ত্র

অৱশ্যে এয়া সদায় সঁচা নহ’বও পাৰে। কিন্তু প্ৰায়ে একেধৰণৰ কথাৰ সপোন দেখিলে আৰু ই আপোনাক উদ্বিগ্ন কৰি তুলিলে মনোবিজ্ঞানীৰ সহায় লওক।

মনোবিজ্ঞানী

পঢ়িবলৈ ক্লিক কৰক 

নাগ পঞ্চমীত সাপ দেখাটো শুভ নে অশুভ?