“যোগ সনাতন ধৰ্মৰ সাৰ”, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বাবা ৰামদেৱ…
বাবা ৰামদেৱে ঘোষণা কৰে যে, কমন যোগ প্ৰট’কল অনুসৰি পতঞ্জলি যোগ সমিতিৰ দ্বাৰা সমগ্ৰ ভাৰতৰ ৬৫০ খন জিলাৰ আটাইকেইখনতে বিনামূলীয়া যোগ প্ৰশিক্ষণ অধিবেশন অনুষ্ঠিত কৰা হয়। এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু আছিল “এখন পৃথিৱী, এক স্বাস্থ্য।”

বাবা ৰামদেৱৰ নিৰ্দেশনাত কুৰুক্ষেত্ৰত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। পতঞ্জলি যোগপীঠ, হাৰিয়ানা যোগ আয়োগ, আৰু হাৰিয়ানাৰ আয়ুষ বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছৈনী, স্বামী ৰামদেৱ, আৰু আচাৰ্য বালকৃষ্ণৰ নেতৃত্বত ঐতিহাসিক ব্ৰহ্ম সৰোৱৰত এক বৃহৎ যোগাসন অধিবেশন অনুষ্ঠিত হয়, য’ত এক লাখৰো অধিক লোকে একেলগে যোগাসন কৰি এক নতুন মাইলৰ খুঁটি স্থাপন কৰে।
বাবা ৰামদেৱে ঘোষণা কৰে যে, কমন যোগ প্ৰট’কল অনুসৰি পতঞ্জলি যোগ সমিতিৰ দ্বাৰা সমগ্ৰ ভাৰতৰ ৬৫০ খন জিলাৰ আটাইকেইখনতে বিনামূলীয়া যোগ প্ৰশিক্ষণ অধিবেশন অনুষ্ঠিত কৰা হয়। এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু আছিল “এখন পৃথিৱী, এক স্বাস্থ্য।”
ভাষণত বাবা ৰামদেৱে কয় যে, বিশ্বজুৰি ২ বিলিয়নৰো অধিক লোকে যোগৰ অনুশীলন কৰি যোগ এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে। তেওঁ কয়,”যোগ এতিয়া যুগৰ কৰ্তব্য। ই আমাৰ পৰম্পৰা আৰু প্ৰকৃতিৰ মাজত শিপাই থকা সনাতন ধৰ্মৰ সাৰমৰ্ম ।” ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘যোগী যোদ্ধা’ বুলি অভিহিত কৰি বিশ্বজুৰি যোগৰ প্ৰচাৰ আৰু গাঁৱৰ নেতাসকলক নিজৰ সম্প্ৰদায়ৰ মাজত যোগাসনৰ প্ৰচাৰৰ বাবে উৎসাহিত কৰাৰ বাবে কৃতিত্ব দিয়ে বাবা ৰামদেৱে।
তেওঁ লগতে কয় যে, ভাৰতৰ শীৰ্ষ নেতাসকলে — প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, আৰু প্ৰতিৰক্ষা মন্ত্ৰী — সকলোৱে যোগাসন কৰে, যাৰ ফলত ই ৰাষ্ট্ৰীয় নেতৃত্বৰ বাবে এক জীৱনশৈলী। যোগে দেশৰ স্বাস্থ্যসেৱাৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব পাৰে, যিটো বৰ্তমান বছৰি ১০ লাখ কোটি টকা। “দেশৰ সকলোৱে যদি যোগাসন কৰে তেন্তে এই স্বাস্থ্য বাজেট শূন্যলৈ হ্ৰাস কৰিব পৰা যাব।” এই দৰে কয় বাবা ৰামদেৱে।
বাবা ৰামদেৱে যোগক ভাৰতৰ অৰ্থনৈতিক স্বাধীনতাৰ জড়িত কৰি আলোকপাত কৰিছিল। তেওঁ নাগৰিকসকলক দৈনন্দিন জীৱনত স্বদেশী (থলুৱা) সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে, ১৭৬৫ চনৰ পৰা ১৯০০ চনৰ ভিতৰত বিদেশী কোম্পানীয়ে ভাৰতৰ পৰা ১০০ ট্ৰিলিয়ন ডলাৰৰ ওপৰত লুণ্ঠন কৰিছিল।
শিক্ষাৰ ৰূপান্তৰ ঘটোৱাৰ বাবে পতঞ্জলিয়ে ভাৰতীয় শিক্ষা ব’ৰ্ডৰ সৈতে মিলাই পতঞ্জলি গুৰুকুলাম আৰু আচাৰ্যকুলামৰ দৰে প্ৰতিষ্ঠান আৰম্ভ কৰি দেশখনক পুৰণি ঔপনিৱেশিক শিক্ষা ব্যৱস্থাৰ পৰা মুক্ত কৰি শক্তিশালী চৰিত্ৰৰ নেতা গঢ়ি তুলিছে। আচাৰ্য বাল্কৃষ্ণই লগতে কয় যে, দৈনিক মাত্ৰ ৩০ৰ পৰা ৬০ মিনিট যোগাসন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে আৰু সুস্থ আৰু সুখী জীৱনৰ সূচনা হ’ব পাৰে।