Top News: পলকতে পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ
আজি দিনটোত বহুকেইটা ঘটনা সংঘটিত হৈছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

আজি দিনটোত বহুকেইটা ঘটনা সংঘটিত হৈছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশাখাপট্টনমত যোগাসন কাৰ্যসূচীত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোগাসনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ ডিঙিত দেখা যায় অসমৰ গামোচা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচাক দিয়া সন্মানৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বাক্সাত যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰী শৰ্মাই।
- দেওবাৰৰ পৰা অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। এই উলক্ষে কামাখ্যা মন্দিৰত দেখা গৈছে দেশ-বিদেশৰ সাধু-সন্যাসীৰ লগতে ভক্তৰ ভিৰ। ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব। অম্বুবাচী মেলাৰ বাবে নিৰ্দেশনা জাৰী কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাক যুদ্ধ তুংগত থকাৰ সময়তে আজি জালুকবাৰী সমষ্টি ভ্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আগিয়াঠুৰী গণেশ মন্দিৰত পূজা আগবঢ়ায় গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সমুখত মুখ্যমন্ত্ৰীক ৰাজনৈতিক হিন্দু বুলি কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
- অসমৰ এখন বিশেষ আদালতে ছবছৰ পুৰণি এক যৌন নিৰ্যাতনৰ অভিযোগত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে POCSO আইন আৰু আই পি চিৰ অন্যান্য ধাৰাত অভিযোগ দাখিলৰ নিৰ্দেশ দিছে। সেই সময়ত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক আছিল উপাধ্যায়। এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।
- এ পি এছ চি কেলেংকাৰীত নাম সাঙোৰ খোৱা ৫২ গৰাকী বিষয়াক পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্য়ায়ালয়ৰ এই নিৰ্দেশনাক দুৰ্ভাগ্যজনক আখ্যা দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিছে।
- অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নিয়ন্ত্ৰণমূলক নীতি-নিয়ম বাৰে বাৰে উলংঘা তথা কাৰ্যকৰী তদাৰকীত গুৰুতৰ ভুল হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াক তিনিজন জ্যেষ্ঠ বিষয়াক ক্ৰু শ্বিডুলিঙৰ দায়িত্বৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাত নাম উল্লেখ কৰা বিষয়াসকলৰ ভিতৰত আছে চৌৰা সিং; পিংকি মিট্টাল আৰু পায়েল আৰোৰা।
- শান্তিৰ নোবেল বঁটা দিব লাগে ড’নাল্ড ট্ৰাম্পক। পাকিস্তান চৰকাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ২০২৬ চনৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছে। শেহতীয়া ভাৰত-পাকিস্তান সংঘাতৰ সময়ত তেওঁৰ নিৰ্ণায়ক কূটনৈতিক হস্তক্ষেপ আৰু নেতৃত্বৰ বাবে পাকিস্তান চৰকাৰে এই প্ৰস্তাৱ আগবঢ়াইছে।
- ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতক নেতৃত্ব দিয়া শুভমন গিলৰ বিৰুদ্ধে উত্থাপন হৈছে আই চি চিৰ নিয়ম ভংগৰ অভিযোগ। টেষ্ট মেচত খেলুৱৈয়ে বগা মোজা পিন্ধাৰ বাবে আই চি চিয়ে নিয়ম নিৰ্ধাৰণ কৰিছিল যদিও ইংলেণ্ডৰ বিৰুদ্ধে বেটিঙৰ সময়ত ক’লা মোজা পিন্ধিছিল গিলে। যাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব পাৰে।
- ইংলেণ্ডৰ হেডিংলিত অনুষ্ঠিত ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত। টছত জয়ী হৈ ইংলেণ্ডে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ভাৰতক। যশস্বী জয়ছোৱাল, শুভমন গিল আৰু ঋষভ পন্টৰ দৰ্শনীয় শতকেৰে এক সন্তোষজনক স্থিতিত উপনীত হৈছে ভাৰত। আজি খেলৰ দ্বিতীয় দিন।
লগতে পঢ়ক: কিশোৰীৰ সৈতে কু-কৰ্মৰ অভিযোগ, IPS বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ