শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
manas-borah
Manas Borah | Updated On: 22 Jun 2025 07:33 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ শীৰ্ষ খবৰ

  1. আজিৰে পৰা অম্বুবাচীৰ মহাযোগ ২০২৫ । ইতিমধ্যে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গুৱাহাটীত ভিৰ কৰিছে দেশ-বিদেশৰ লাখ লাখ ভক্ত-দৰ্শনাৰ্থীয়ে । আজি দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৫ জুনৰ নিশা ৩ বাজিৰ ২৯ মিনিটত ।
  2. ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আমেৰিকাৰ । ইৰাণৰ তিনিটা পাৰমানৱিক ঘাটিত আক্ৰমণ সংঘটিত কৰা কথা সদৰী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয় যে, “ইৰাণৰ ফৰ্ড’, নাটানজ, এছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত আমি আমাৰ অতি সফল আক্ৰমণ সম্পূৰ্ণ কৰিছো। সকলো বিমান এতিয়া ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত। সকলো বিমান নিৰাপদে ঘৰলৈ যোৱাৰ পথত। আমাৰ মহান আমেৰিকান ৱাৰিয়ৰ্ছলৈ অভিনন্দন। বিশ্বত আন কোনো সামৰিক বাহিনী নাই যিয়ে এই কাম কৰিব পাৰিলেহেঁতেন। এতিয়া শান্তিৰ সময়! “
  3. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ চিৰাং আৰু বাক্সাত নতুনকৈ নিৰ্মিত দুখন জিলা কাৰাগাৰ উদ্বোধন কৰে। মুখ্যমন্ত্রীয়ে প্রথমে চিৰাঙৰ কাজলগাঁৱত ৭২.৭৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা জিলা কাৰাগাৰখন উদ্বোধন কৰে৷ পিছত তেওঁ ৫৩.৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বাক্সাৰ মুছলপুৰত আন এখন জিলা কাৰাগাৰ উদ্বোধন কৰে।
  4. ‘অপাৰেচন গোষ্ট চিম’ অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে ধুবুৰী জিলাৰ এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে । তেওঁ অনলাইনত মানুহক প্ৰতাৰণা কৰিবলৈ চাইবাৰ অপৰাধীক সহায় কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ বিশেষ টাস্ক ফ’ৰ্চে ধুবুৰী আৰক্ষীৰ সৈতে যৌথভাৱে চলোৱা অভিযানত বিলাসীপাৰাৰ পৰা মঃ ৰূপচন্দ আলী নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। লগতে এটা মোবাইল ফোন, দুখন চিম কাৰ্ড, ১৫খন ভোটাৰ আইডি কাৰ্ড, এখন আধাৰ কাৰ্ড আৰু এখন পেন কাৰ্ড জব্দ কৰে আৰক্ষীয়ে ।
  5. বৰ্তমানেও ভটিয়াপাৰৰ অ’এনজিচিৰ ৰীগত নিৰ্গত হৈ আছে গেছ । এই গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে আমেৰিকাৰ এটা বিশেষজ্ঞ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ONGC য়ে নোৱোৰা কাম কৰিবলৈ শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় আমেৰিকাৰ পৰা অহা তিনিজনীয়া এই বিশেষজ্ঞ দলটো। দলটোৱে গেছ নিৰ্গমন বন্ধৰ কৰা দায়িত্ব লোৱাৰ পাছতে “উল্লেখযোগ্য অগ্ৰগতি” লাভ কৰা বুলি দাবী কৰিছে ONGC য়ে ।
  6. অসমৰ এখন বিশেষ আদালতে ছবছৰ পুৰণি এক যৌন নিৰ্যাতনৰ অভিযোগত আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে POCSO আইন আৰু আই পি চিৰ অন্যান্য ধাৰাত অভিযোগ দাখিলৰ নিৰ্দেশ দিছে। সেই সময়ত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক আছিল উপাধ্যায়। এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।
  7. অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নিয়ন্ত্ৰণমূলক নীতি-নিয়ম বাৰে বাৰে উলংঘা তথা কাৰ্যকৰী তদাৰকীত গুৰুতৰ ভুল হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াক তিনিজন জ্যেষ্ঠ বিষয়াক ক্ৰু শ্বিডুলিঙৰ দায়িত্বৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাত নাম উল্লেখ কৰা বিষয়াসকলৰ ভিতৰত আছে চৌৰা সিং; পিংকি মিট্টাল আৰু পায়েল আৰোৰা।
  8. যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা এখন ইণ্ডিগ’ বিমানক বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয়। এক বৃহৎ আতংকত পাইলটে বেংগালুৰুত নিৰাপদে অৱতৰণ কৰাৰ পূৰ্বে মেডে এলাৰ্ট দিছিল। আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কিছুদিন পিছতে এই ঘটনা সংঘটিত হয়, য’ত ২৪১জন যাত্ৰী আৰু ক্ৰুকে ধৰি কমেও ২৭০ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…