শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, ২৪ ঘন্টা পূৰ্বে প্ৰকাশ কৰা হ’ব সংৰক্ষিত আসনৰ তালিকা

যাত্ৰীসকলৰ সুবিধাৰ বাবে ভাৰতীয় ৰে'লৱেই এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া ৰে’লৱেৰ ৱেইটিং লিষ্ট চাৰ্ট ৪ ঘণ্টা নহয়, ২৪ ঘন্টা পূৰ্বে প্ৰস্তুত কৰা হ’ব। এই আঁচনিখন বিকানেৰ সংমণ্ডলত সফলতাৰে ৰূপায়ণ কৰা হৈছে আৰু অতি সোনকালে দেশৰ অন্যান্য প্ৰান্ততো এই আঁচনি ৰূপায়ণ কৰা হ’ব।

ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, ২৪ ঘন্টা পূৰ্বে প্ৰকাশ কৰা হ’ব সংৰক্ষিত আসনৰ তালিকা
ভাৰতীয় ৰে'ল
trishna-kalita
Trishna Kalita | Updated On: 11 Jun 2025 16:36 PM

এতিয়াৰে পৰা ৰে’লৰ সংৰক্ষিত আসনৰ তালিকা ৪ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘন্টা পূৰ্বে প্ৰকাশ কৰা হ’ব। ভাৰতীয় ৰে’লৱেৰ সূত্ৰৰ মতে, ৪ ঘণ্টা আগত অধিসূচনা দিয়াৰ বাবেই সাধাৰণ মানুহে বিকল্প ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল। যদি টিকট নিশ্চিত নহয়, তেন্তে সেই ৪ ঘণ্টাৰ ভিতৰত তেওঁ ব্যৱস্থা কৰিব নোৱাৰে।

স্বাভাৱিকতে তেতিয়া তেওঁলোকে দালাল নিয়োগ কৰি টিকটৰ ব্যৱস্থা কৰিছিল। কিন্তু এতিয়াৰে পৰা আপোনাৰ ৱেটিং লিষ্টত থকা টিকট নিশ্চিত হৈছে নে নাই সেয়া তথ্য ২৪ ঘন্টা আগতীয়াকৈ জনোৱা হ’ব। অৰ্থাৎ ২৪ ঘন্টা পূৰ্বে ৰে’লৰ সংৰক্ষিত আসনৰ তালিকা প্ৰকাশ কৰা হ’ব। ভাৰতীয় ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ইয়াৰ পৰা বহুখিনি উপকৃত হ’ব সাধাৰণ লোকসকল। যিহেতু যাত্ৰীসকলৰ হাতত ২৪ ঘণ্টাৰ সময় থাকিব, যিসকল যাত্ৰীৰ টিকট নিশ্চিত নহয় তেওঁলোকে বিকল্প ব্যৱস্থা কৰাটো সুবিধাজনক হ’ব।

ৰে”লত সংৰক্ষিত আসন ক্ষেত্ৰত দালাল এটা ব্যাপক সমস্যা। বহু সময়ত দেখা যায় যে দালালৰ জৰিয়তে টিকট বুকিং কৰাৰ বাবে সাধাৰণ যাত্ৰী বঞ্চিত হয়। সাধাৰণতে দালালসকলে চৰকাৰী মূল্যতকৈ অধিক মূল্যত টিকট বিক্ৰী কৰে, যিটো সাধাৰণ যাত্ৰীৰ বাবে আৰ্থিক বোজা হৈ পৰে।

ইয়াৰ উপৰিও ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যিকোনো কাৰণত বহু সংখ্যক যাত্ৰীয়ে টিকট বাতিল কৰে। ইয়াৰ ভিতৰত শেষ মুহূৰ্তত টিকট বাতিল কৰা যাত্ৰীৰ সংখ্যাও যথেষ্ট বেছি। এনে পৰিস্থিতিত যদি চাৰ্টখন এদিন আগতীয়াকৈ প্ৰস্তুত কৰা হয়, তেন্তে ৰে’লৱেত যাত্ৰীৰ সংখ্যাৰ বিষয়ে অধিক তথ্য থাকিব আৰু সেই অনুসৰি আৰু কিছু প্ৰস্তুতিও কৰিব পৰা যাব।

ৰে’লৱেৰ সূত্ৰ অনুসৰি নতুন নিয়ম প্ৰৱৰ্তনৰ পিছত বৰ্তমানৰ নিয়মৰ কোনো পৰিৱৰ্তন নহ’ব। ইয়াৰ ভিতৰত তৎকালীনো অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, যাত্ৰীসকলে তৎকালীন টিকট সন্দৰ্ভত বৰ্তমানৰ নিয়ম অনুসৰি টিকট ক্ৰয় কৰিব পাৰিব।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দীৰ্ঘ দূৰত্বৰ ৰে’লত সংৰক্ষিত আসনৰ টিকট বুকিং কৰাৰ সময়সীমা সলনি কৰিছিল ৰে’লৱেই । যোৱা বছৰৰ ১ নৱেম্বৰৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰে’লৰ টিকট বুকিং কৰাৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ পূৰ্বে ১২০ দিন আগতীয়াকৈ আগতীয়াকৈ টিকট বুকিংৰ সময়সীমা আৰম্ভ হৈছিল। অৰ্থাৎ যাত্ৰাৰ ১২০ দিন আগতে সংৰক্ষিত আসনৰ টিকট বুকিং কৰিব পৰা গৈছিল। অৱশ্যে সেই সময়সীমা হ্ৰাস কৰিছে ৰে’লৱে। এতিয়াৰে পৰা যাত্ৰাৰ ৬০ দিন আগলৈকে টিকট বুকিং কৰিব পাৰিব।