শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানক সকীয়নি! আৰৱ সাগৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতীয় নৌ সেনাই দিলে বিশেষ ইংগিত…

আৰৱ সাগৰৰ পৰা পাকিস্তানক সকীয়নি ভাৰতীয় নৌ সেনাৰ। অনুশীলন চলাই ভাৰতীয় নৌ সেনাই আৰৱ সাগৰৰ পৰা নিক্ষেপ কৰিলে কেইবাটাও ক্ষেপণাস্ত্ৰ। উল্লেখ্য যে, পহলগাম আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।

পাকিস্তানক সকীয়নি! আৰৱ সাগৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ভাৰতীয় নৌ সেনাই দিলে বিশেষ ইংগিত…
ভাৰতীয় নৌ সেনাImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 28 Apr 2025 14:25 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে ভাৰতীয় নৌ সেনাই যিকোনো পৰ্যায়তে সামুদ্ৰিক স্বাৰ্থ আৰু নিৰাপত্তা ৰক্ষা কৰিবলৈ সাজু বুলি ইংগিত প্ৰদান কৰে। দেওবাৰে ভাৰতীয় নৌ সেনাই আৰৱ সাগৰত অনুশীলন চলাই কেইবাটাও ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰে লগতে ইয়াৰ ভিডিঅ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

এই অনুশীলনৰ দ্বাৰা ভাৰতীয় নৌ সেনাই যেন বুজাই দিলে সাজু হৈছে ভাৰত। পহলগাম আক্ৰমণৰ ঘটনাৰ পাছত কৰাচী বন্দৰত পাকিস্তানৰ নৌসেনাৰ উপস্থিতি বৃদ্ধি পোৱা দেখা গৈছে। পাকিস্তানী সেনাই কৰাচীত কৰি গৈছে অনুশীলন। পাইনলেব আৰু অণ্টোআৰ্থৰ দৰে কেইবাটাও কোম্পানীৰ উপগ্ৰহৰ ছবিৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে। এই চেটেলাইটৰ ছবিসমূহ বিশ্লেষণ কৰাৰ পিছত সামৰিক বিষয়াসকলে দেখে যে পাকিস্তানৰ জলসীমাত যুদ্ধ জাহাজৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে। বিশেষকৈ আৰব সাগৰত দেখা গৈছে বহু যুদ্ধ জাহাজ।

এই কথা পোহৰলৈ অহাৰ পাছতে এইবাৰ আৰৱ সাগৰৰ পৰা পাকিস্তানক সকীয়নি দিছে ভাৰতীয় নৌসেনাই। দেওবাৰে আৰৱ সাগৰত ভাৰতীয় নৌসেনাই বিশেষ অনুশীলন  চলায়। ইতিমধ্যে ইয়াৰ ভিডিঅ নৌ সেনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। নৌ সেনাই কেনেকৈ দূৰত আত্মগোপন কৰি থকা শত্ৰুৰ জাহাজ ধ্বংস কৰিব পাৰে তাৰ অনুশীলন কৰিবলৈ কেইবাখনো যুদ্ধ জাহাজ আৰৱ সাগৰত গোট খাইছে। তাৰ পাছতে নিক্ষেপ কৰা হৈছিল ইটোৰ পাছত সিটো ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ।

 

ভাৰতৰ নৌসেনাই ছ’চিয়েল মিডিয়াত সাগৰৰ মাজৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ভিডিঅ’টো পোষ্ট কৰে। লগতে লিখে যে, ‘ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজে কেনেকৈ দূৰৰ পৰা শত্ৰুক ধ্বংস কৰে সেই বিষয়ে অনুশীলন চলোৱা হয়। আচলতে এই অনুশীলনে আমাৰ প্ৰস্তুতিও নিশ্চিত কৰিছে।’ নৌসেনা যুদ্ধৰ বাবে সাজু হোৱাৰ ইংগিত দি কয় যে , ‘ভাৰতীয় নৌসেনা যিকোনো সময়তে, যিকোনো ঠাইতে ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ আৰু নিৰাপত্তা ৰক্ষা কৰিবলৈ সাজু।’

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পাছত আনটো পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে পাকিস্তানেও ভাৰতক দি গৈছে সকীয়নি। পাকিস্তানে যুদ্ধ অনুশীলন চলাই থকাৰ লগতে বাৰে বাৰে দি গৈছে যুদ্ধ কৰাৰ হুংকাৰ। অৱশ্যে এনে সময়ত হাত সাৱতি বহি থকা নাই ভাৰত। ইয়াৰে প্ৰমাণ দি ভাৰতীয় নৌ সেনাই কালি অনুশীলন চলাই ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰি পাকিস্তানক এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে।

 

অন্য খবৰ পঢ়কঃ ভাৰতত নিষিদ্ধ পাকিস্তানৰ ইউটিউব চেনেল, তালিকাত আছে প্ৰাক্তন ক্ৰিকেটৰ শ্বোৱেইব আখটাৰ আৰু…