শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতত নিষিদ্ধ পাকিস্তানৰ ইউটিউব চেনেল, তালিকাত আছে প্ৰাক্তন ক্ৰিকেটৰ শ্বোৱেইব আখটাৰ আৰু…

পহলগাম আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এটাৰ পাছত আনটো ডাঙৰ পদক্ষেপ। এইবাৰ ভাৰতে পাকিস্তানৰ কেইবাটাও ইউটিউব চেনেলত নিষেধাজ্ঞা জাৰি কৰিছে।

ভাৰতত নিষিদ্ধ পাকিস্তানৰ ইউটিউব চেনেল, তালিকাত আছে প্ৰাক্তন ক্ৰিকেটৰ শ্বোৱেইব আখটাৰ আৰু…
পাকিস্তানী ইউটিউব চেনেলত নিষেধাজ্ঞাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 28 Apr 2025 14:18 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পাছত আনটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আহ্বানৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল পাকিস্তানৰ কেইবাটাও ইউটিউব চেনেল। এই চেনেলসমূহৰ ভিতৰত আছে প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখটাৰ আৰু আৰজু কাজমীৰ দৰে বহু বিশিষ্ট লোকৰ চেনেল। ইমানেই নহয়, চুবুৰীয়া ৰাষ্ট্ৰখনৰ কেইবাটাও মুখ্য সংবাদ মাধ্যমৰ ওপৰত ভাৰতে নিষেধাজ্ঞা জাৰি কৰে।

যোৱা ২২ এপ্ৰিলত সংঘটিত হৈছে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। ইয়াৰ পাছতে ভাৰতৰ সামৰিক আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচতনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, মিছা আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে কেইবাটাও পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।

Ban

তালিকা

 

তালিকাত কি কি আছে

পাকিস্তানৰ কেইবাটাও ইউটিউব চেনেলত জাৰি কৰা নিষেধাজ্ঞা সম্পৰ্কে গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে, ভাৰতৰ বিৰুদ্ধে উচতনিমূলক, সাম্প্ৰদায়িক দিশত সংবেদনশীল, ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে পাকিস্তানী ইউটিউব চেনেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পাকিস্তানৰ মুঠ ১৬ টা চেনেল এতিয়ালৈকে নিষিদ্ধ কৰা হৈছ। ইয়াৰ ভিতৰত আছে ডাউন নিউজ, ইৰ্ছাদ ভাৰতী, ছামা টিভি, এআৰৱাই নিউ, বোল নিউজ, ৰফটাৰ, দ্যা পাকিস্তানী ৰেফাৰেন্স, জিঅ নিউজ, ছামা স্পোৰ্টছ, জি এন এন, উজেইৰ ক্ৰিকেট, উমৰ সীমা এক্সক্লুচিভ, আছফা চিৰাজী., মুনিব ফৰুক, চুনো নিউজ এইচডি, ৰাজি নামা। উল্লেখ্য যে, এই চেনেল কেইটাৰ মুঠ চাবস্ক্ৰাইবাৰ ৬০.০৮ মিলিয়ন।

ভাৰত চৰকাৰে নিষিদ্ধ কৰা ১৬টা পাকিস্তানী ইউটিউব চেনেলৰ মুঠ ৬৩.০৮ মিলিয়ন অৰ্থাৎ ৬.৩ কোটিতকৈ অধিক চাবস্ক্ৰাইবাৰ আছে। ইয়াৰে ভিতৰত জিঅ’ নিউজৰ ইউটিউব চেনেলত সৰ্বাধিক চাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোৰ মুঠ ১৮.১ মিলিয়ন অৰ্থাৎ ১.৮ কোটি চাবস্ত্ৰাইবাৰ আছে। ইযাৰ পাছতে ARY News ৰ প্ৰায় ১৪.৬ মিলিয়ন অৰ্থাৎ ১.৪ কোটিতকৈ অধিক চাবস্ত্ৰাইবাৰ আছে। ইয়াৰ পাছে ছামা নিউজৰ চাবস্ত্ৰাইবাৰৰ সংখ্যা প্ৰায় ১২.৭ মিলিয়ন অৰ্থাৎ ১২ লাখতকৈ অধিক।

 

আৰু পঢ়কঃ পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী আদিল আৰু আছিফৰ ঘৰ ধ্বংস…