শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাসাগৰত চলিব ভাৰতৰ দপদপনি! ১ লাখ কোটিৰ চুক্তি, নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন….

পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ। তথ্য় অনুসৰি, ভাৰতীয় নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন। যাৰ ফলত পানীৰ তলৰ ক্ষমতা বৃদ্ধি পাব ভাৰতৰ।

মহাসাগৰত চলিব ভাৰতৰ দপদপনি! ১ লাখ কোটিৰ চুক্তি, নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন….
চাবমেৰিনImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 08 Sep 2025 12:46 PM

বৃদ্ধি হ’বলৈ গৈ আছে ভাৰতীয় নৌসেনাৰ শক্তি। পুনৰ এক মেগা ডীল অৰ্থাৎ ডাঙৰ চুক্তি কৰিবলৈ সাজু হৈছে ভাৰত। এই চুক্তিৰ মূল্য প্ৰায় ১ লাখ কোটি টকাৰো অধিক হ’ব। চীনৰ সামুদ্ৰিক শক্তি বৃদ্ধি হোৱাৰ মাজতে ভাৰতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ক’ব পাৰি যে, অহা বছৰৰ মাজভাগত হ’বলগীয়া এই চুক্তিয়ে ভাৰত মহাসাগৰত চীন আৰু পাকিস্তানক কিছু পৰিমাণে প্ৰত্যাহ্বান জনাব পাৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, ভাৰতে দুখনকৈ চুক্তি চূড়ান্ত কৰিব। যাৰ অধীনত দেশে কেইবাখনো চাবমেৰিন লাভ কৰিব। ইয়াৰ ফলত পানীৰ তলৰ ক্ষমতা ভাৰতৰ দুগুণ হ’ব। প্ৰথমখন চুক্তি প্ৰায় ৩৬ কোটি টকাৰ। ইয়াৰ অধীনত তিনিখন স্কোৰ্পিয়ান চাবমেৰিন প্ৰস্তুত কৰা হ’ব। মুম্বাইৰ মাজাগন ডক লিমিটেড (MDL) আৰু ফ্ৰান্সৰ নেবল গ্ৰুপে যৌথভাৱে এই চাবমেৰিনসমূহ প্ৰস্তুত কৰিব।গতিকে অহা বছৰৰ মাজভাগত এই চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

দ্বিতীয়টো প্ৰকল্পৰ অধীনত ৬ খন ডিজেল ইলেক্ট্ৰিক ষ্টেলথ চাবমেৰিন নিৰ্মাণ হ’ব।  জাৰ্মানীৰ থাইচেনক্ৰুপ মেৰিন চিষ্টেমছ (টিকেএমএছ) আৰু মাজাগন ডক লিমিটেডে এই চাবমেৰিনসমূহ  নিৰ্মাণ কৰি উলিয়াব। ‘মেক ইন ইণ্ডিয়া’ নীতিৰ অধীনত হ’বলগীয়া এই প্ৰকল্পৰ মূল্য প্ৰায় ৬৫ হাজাৰ কোটি টকা। ইয়াক ‘প্ৰজেক্ট ৭৫ ইণ্ডিয়া’ (P75-I) বুলি জনা যায়। এই প্ৰকল্পক ২০২১ চনত অনুমোদন জনোৱা হৈছিল। মেক ইন ইণ্ডিয়াৰ অধীনত ই এটা ডাঙৰ প্ৰজেক্ট। গতিকে এই চুক্তিও চূড়ান্ত হোৱাৰ দিশে আগবাঢ়িছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, ২০২৬ চনৰ মাজভাগৰ ভিতৰত দুয়োখন চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় ৬ বছৰৰ পাছত ২০৩২ চনৰ পৰা এই চাবমেৰিন ভাৰতলৈ অহা আৰম্ভ হ’ব। তাৰ পাছতে ভাৰতীয় নৌ সেনাৰ শক্তি বৃদ্ধি হ’ব। ভাৰতীয় নৌসেনাৰ বাবে এই চুক্তি অতি প্ৰয়োজনীয়।

অতি সোনকালে নৌসেনাই এই চুক্তিসমূহ সম্পূৰ্ণ কৰিব বিচাৰিছে। কিয়নো পানীৰ তলৰ শক্তিৰ ক্ষেত্ৰত বিৰোধিক ভাৰতৰ ক্ষমতা দেখুৱাই দিয়া অতি প্ৰয়োজন। মনকৰিবলগীয়া যে, ভাৰতে বিগত সময়চোৱাত প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই চুক্তিয়ে ভাৰতৰ নৌসেনাৰ শক্তিক দুগুণ কৰিব বুলি আশা কৰৈ হৈছে। যি ভাৰত মহাসাগৰত চীনৰ বিৰুদ্ধে অতি প্ৰয়োজন। ইয়াৰোপৰি ১.০৬ লাখ কোটি ব্যয়ৰে ‘মেক ইন ইণ্ডিয়া’ই নতুন বুষ্ট লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ ভাৰতে সকলোৰে লগত বন্ধুত্ব বিচাৰে কিন্তু কাৰো নিৰ্দেশ ল’ব নিবিচাৰে…কোনে স্পষ্ট কৰি দিলে আমেৰিকাক?