শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আনৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ! নিজৰ বাবে নাছিল টকা, শুই থকা অৱস্থাত চালি খহি মৃত্যু শ্ৰমিকৰ

ঘৰৰ চালি খহি এজন ৩০ বছৰীয়া যুৱকৰ মৃত্যু হয়। ইয়াৰ বিপৰীতে ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁৰ পত্নী আৰু সন্তানৰ। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আনৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ! নিজৰ বাবে নাছিল টকা, শুই থকা অৱস্থাত চালি খহি মৃত্যু শ্ৰমিকৰ
যুৱকজনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 08 Sep 2025 15:42 PM

সোমবাৰে পুৱা পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। শুই থকা অৱস্থাত ঘৰৰ চালি খহি এজন ৩০ বছৰীয়া লোকে মৃত্যুক সাৱতি লয়। সেই সময়ত লোকজনৰ পত্নী আৰু তিনিটা সন্তান ঘৰত উপস্থিত আছিল। কিন্তু তেওঁলোক অন্য এটা কোঠাত আছিল, যাৰ বাবে তেওঁলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে। নিহত লোকজন ৩০ বছৰীয়া আফছাৰুণ বুলি চিনাক্ত হৈছে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ চাহৰানপুৰত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জিলাখনৰ গংগোহ অঞ্চলৰ গুজৰাণ মহল্লাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, পেচাত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল আফছাৰুণে। বহু কষ্টৰে তেওঁ ৫ জনীয়া পৰিয়ালটো পোহপাল দি আছিল। কিন্তু তাৰ মাজতে আজি পুৱা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, পুৱা প্ৰায় ৫ মান বজাত তেওঁলোকৰ ঘৰৰ চালি খহি পৰে। সেই সময়ত তেওঁলোক ঘৰটোত শুই আছিল।

ডাঙৰ কিবা শব্দ শুনাৰ লগে লগে ওচৰ-চুবুৰীয়া সেই স্থানত উপস্থিত হয় আৰু ঘটনাস্থলী দেখি আচৰিত হয়। লগে লগে স্থানীয় ৰাইজে ধ্বংসাৱশেষৰ তলত পোত যোৱা লোকজনক উলিয়াই আনে। কিন্তু তেতিয়ালৈকে মৃত্যু হৈছিল তেওঁৰ। এই ঘটনাৰ ফলত তেওঁলোকৰ ঘৰৰ বিভিন্ন সা-সামগ্ৰী আদিও ধ্বংস হৈ য়ায়। কিন্তু আচৰিত কথা এয়াই যে, ঘটনাৰ ফলত তেওঁৰ ৩টা সন্তান আৰু পত্নীৰ প্ৰাণ ৰক্ষা পৰে। কিয়নো সেই সময়ত তেওঁলোকে ঘৰটোৰ অন্য অংশত শুই আছিল।

স্থানীয় লোকে জনাই যে, আফছাৰুণৰ ঘৰটোৰ অৱস্থা অতি বেয়া আছিল। কেইটামান দিন ধৰি চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত ঘৰটো আৰু অধিক জৰাজীৰ্ণ হৈ পৰিছিল। যাৰ বাবে এই ঘটনা সংঘটিত হয়। লোকজনৰ মৃত্যুৰ পাছতে এতিয়া পৰিয়ালটোত শোকে বিৰাজ কৰিছে। সন্তানক লৈ পত্নী অসহায় হৈ পৰিছে। জানিব পৰা মতে, কিছুদিন পূৰ্বে আফছাৰুণৰ পিতৃৰো মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ পাছত সমগ্ৰ পৰিয়ালটোৰ দায়িত্ব তেওঁৰ ওপৰত আছিল। কিন্তু এতিয়া পৰিয়ালটো উপায়হীন হৈ পৰিছে।

এই ক্ষেত্ৰত লোকজনৰ পৰিয়ালে ঘটনাৰ বাবে চৰকাৰ তথা প্ৰশাসনক জগৰীয়া কৰিছে। কিয়নো আফছাৰুণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে বহুবাৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল। কিন্তু তেওঁ চৰকাৰী ঘৰ লাভ নকৰিলে। তেওঁ নিজেও ঘৰ নিৰ্মাণ কৰিব পৰা অৱস্থাত নাছিল। এনে ক্ষেত্ৰত আনৰ বাবে ঘৰ নিৰ্মাণ কৰা লোকজনে অতি মৰ্মান্তিকভাৱে মৃত্যুক সাৱতি লয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ শুল্কৰ পাছত আমেৰিকাৰ আন এক কঠোৰ সিদ্ধান্ত! লাখ লাখ ভাৰতীয় পৰিব বিপদত…