বহু সামগ্ৰীত GST হ্ৰাস হ’লেও Sin Goods ৰ ওপৰত ৪০% GST আৰোপ, কি এই Sin Goods?
চৰকাৰে Sin Goods ৰ ওপৰত ৪০% GST আৰোপ কৰিছে। এইবোৰ হৈছে স্বাস্থ্য আৰু সমাজৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত সামগ্ৰী, যেনে ধঁপাতজাতী সামগ্ৰী। এই গধুৰ কৰৰ লক্ষ্য হৈছে এই সামগ্ৰীসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু জনস্বাস্থ্য উন্নত কৰা। এই শ্ৰেণীৰ সামগ্ৰীসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হয়।

৫৬ সংখ্যক GST পৰিষদৰ বৈঠকৰ সময়ত এইবাৰ কেইটামান বিশেষ সিদ্ধান্ত লোৱা হয়। পূৰ্বে GST ৰ স্লেৱ চাৰিটা আছিল যদিও এইবাৰ ৫% আৰু ১৮% ৰ দুটা GST স্লেৱলৈ হ্ৰাস কৰা হৈছে। তাৰ পাছতেই বহু সামগ্ৰীৰ দাম হ্ৰাস হ’ব বুলিও চৰ্চা হৈছে। অহা ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন GST। কিন্তু তাৰ মাজতেই কেতবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪০% GST আৰোপৰ কথাও ঘোষণা কৰা হৈছে।
কোনবোৰ সামগ্ৰীৰ ওপৰত ৪০% GST আৰোপ কৰা হৈছে জানো আহক। কেতবোৰ নিৰ্দিষ্ট সামগ্ৰী ইয়াৰ পৰিসৰৰ ভিতৰত ৰখা হৈছে। যিবোৰক Sin Goods বুলি কোৱা হৈছে। কিন্তু Sin Goods মানে কি? Sin মানে হৈছে পাপ আৰু Goods মানে সামগ্ৰী। সাধাৰণভাৱে চাবলৈ গ’লে ইয়াৰ অৰ্থ হ’ব পাপৰ সামগ্ৰী। কিন্তু পাপৰ সামগ্ৰী বুলি জানো কিবা থাকিব পাৰে! আচলতে যিবোৰ সামগ্ৰীয়ে মানুহৰ দেহৰ বা পৰিৱেশৰ ক্ষতি কৰে সেইবোৰ সামগ্ৰীক Sin Goods বুলি কোৱা হয়।
Sin Goods শ্ৰেণীৰ ভিতৰত পৰে ধঁপাতজাতীয় সামগ্ৰী, সুৰা, গুটখা, পাণ মচলা আদি। চৰকাৰে এইসমূহ সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰিছে, যাতে ইয়াৰ ব্যৱহাৰ কম কৰিব পৰা যায়। পুৰণি নিয়মৰ অধীনত এনে সমাগ্ৰীৰ ওপৰত ২৫% GST আৰু ক্ষতিপূৰণ কৰ আৰোপ কৰা হৈছিল। যিটো কৰৰ হিচাপ প্ৰায় ৪০% হয়গৈ। এতিয়া নতুন GST ব্যৱস্থাত ক্ষতিপূৰণ কৰ আঁতৰাই সামগ্ৰিকভাৱে ৪০% GST আৰোপৰ কথা ঘোষণা কৰা হৈছে। যাৰ দ্বাৰা GST ৰ পৰিমাণ অধিক সৰল তথা স্পষ্ট হৈ পৰিছে।
৪০% GST ৰ অধীনত কি কি সামগ্ৰী অন্তৰ্ভুক্ত?
GST পৰিষদে যিবোৰ সামগ্ৰীক Sin Goods শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে, সেইসমূহৰ ওপৰত ৪০ শতাংশ GST আৰোপ কৰা হ’ব। এইসমূহ সামগ্ৰীক মূলতঃ দুটা ভাগত বিভক্ত কৰা হৈছে।
বিলাসী বাহন আৰু যাতায়ত
- পেট্ৰ’ল ইঞ্জিনযুক্ত ১২০০ চিচিতকৈ অধিক ক্ষমতাৰ বাহন
- ডিজেল ইঞ্জিনযুক্ত ১৫০০ চিচিতকৈ অধিক ক্ষমতাৰ বাহন
- ৩৫০ চিচিতকৈ অধিক ক্ষমতাযুক্ত মটৰ চাইকেল
- যাত্ৰী পৰিবহনৰ বাবে নিৰ্মিত উচ্চমানৰ বাহন যেনে ষ্টেচন ৱেগন আৰু ৰেচিং বাহন
- ব্যক্তিগত হেলিকপ্টাৰ আৰু উৰাজাহাজ
- ইয়াট আৰু অনান্য বিলাসী নাও
ধঁপাতজাতীয় সামগ্ৰী
- পাণ মচলা, গুটখা, বিড়ি, চোবাই খোৱা ধপাঁত, চিগাৰেট
- প্ৰচেছ নকৰা ধঁপাত আৰু ধঁপাতৰ গুড়ি
- চিগাৰ, চিগাৰেট হোল্ডাৰ আৰু স্মকিং পাইপ
পানীয় সামগ্ৰী
- চেনি বা মিঠাযুক্ত পানীয়
- কেফেইন যুক্ত পানীয়
- কাৰ্বনাইটেড ফ্ৰুট ডিংকছ আৰু ফ্ৰুট-বেছড পানীয়
- অন্য এলকহলযুক্ত পানীয়
কৰ পৰিৱৰ্তনৰ পাছত সাধাৰণ গ্ৰাহকৰ ওপৰত কি প্ৰভাৱ পৰিব?
পূৰ্বতে Sin Goods সমূহত ২৮ শতাংশ GST আৰোপ কৰা হৈছিল আৰু ক্ষতিপূৰণ কৰসহ মুঠ কৰৰ পৰিমাণ প্ৰায় ৪০ শতাংশ আশে-পাশে আছিল। এতিয়া নতুন ৪০% GST স্লেৱৰ দ্বাৰা এই কৰ সৰল আৰু স্পষ্ট কৰি তোলা হৈছে। এনে কৰাৰ উদ্দেশ্য হৈছে এই ধৰণৰ সামগ্ৰীৰ প্ৰচলন কম কৰা আৰু চৰকাৰৰ ৰাজহ বৃদ্ধি কৰা।
যিসমূহ সামগ্ৰীয়ে মানুহৰ স্বাস্থ্য আৰু সামাজিক পৰিৱেশৰ ক্ষতি কৰে সেইবোৰেই হৈছে Sin Goods, এইসমূহৰ ওপৰত কৰ বৃদ্ধি কৰি চৰকাৰে এক বাৰ্তা দিব খুজিছে যে এনে সামগ্ৰীৰ ব্যৱহাৰ কমাব লাগে। ইয়াৰ ফলত জনস্বাস্থ্যৰ ক্ষেত্ৰতো এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অহা ২২ ছেপ্টেম্বৰত নতুন কৰ কাৰ্যকৰী হ’ব, যাৰ দ্বাৰা সাধাৰণ গ্ৰাহকে নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীৰ ক্ষেত্ৰত ৰেহায় পাব। কিন্তু Sin Goods শ্ৰেণীৰ সামগ্ৰীৰ দাম বাঢ়িব।