বাৰে বাৰে নাহে সুযোগ! আইফোন ১৬ প্ৰ’ মেক্সত বৃহৎ ৰেহাই, অথলে যাবলৈ নিদি ৰাহি কৰক জেপৰ ধন…
এপ’ল কোম্পানীৰ শেহতীয়া আইফোন সংস্কৰণ আছিল আইফোন ১৬। এই সংস্কৰণৰে অধিক আকৰ্ষণীয় মডেল আছিল আইফোন ১৬ প্ৰ’ মেক্স। যদি আপুনিও আইফোন ১৬ প্ৰ’ মেক্স ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেতিয়াহ’লে আপোনাৰ হাতলৈ আহিছে উপযুক্ত সুযোগ।

বিভিন্ন কোম্পানীৰ নিত্য–নতুন প্ৰযুক্তিৰ ন–ন মোবাইলে বজাৰত প্ৰায়ে ভুমুকি মাৰে। ইয়াৰে কিছুমানে মোবাইল প্ৰেমীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰে। বজাৰত এইদৰে সদায়েই গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে এপ’ল কোম্পানীৰ আইফোন মোবাইলে। আইফোনৰ প্ৰতিটো সংস্কৰণেই বজাৰত গ্ৰাহকৰ মন জয় কৰি আহিছে। এপ’ল কোম্পানীৰ শেহতীয়া আইফোন সংস্কৰণ আছিল আইফোন ১৬। এই সংস্কৰণৰে অধিক আকৰ্ষণীয় মডেল আছিল আইফোন ১৬ প্ৰ’ মেক্স।
স্বাভাৱিকতেই অধিকাংশ মোবাইল প্ৰেমীৰে আইফোনৰ প্ৰতি এক দুৰ্বলতা থাকে। কিন্তু বাজেটৰ বাবে আইফোন ক্ৰয়ৰ আশা বহুসময়ত সম্ভৱপৰ হৈ নুঠে। কিন্তু আইফোন প্ৰেমীলৈ এতিয়া আহিছে বাজেটৰ চিন্তা দূৰ কৰাৰ উপায়। এতিয়া কম মূল্যতে আইফোন ক্ৰয়ৰ সুযোগ লাভ কৰিব গ্ৰাহকে।
যদি আপুনিও আইফোন ১৬ প্ৰ’ মেক্স ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেতিয়াহ’লে আপোনাৰ হাতলৈ আহিছে উপযুক্ত সুযোগ। শীঘ্ৰেই আৰম্ভ হ’ব ই–কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ ‘Big Billion Days Sale’। এই চেলৰ সময়ত গ্ৰাহকসকলে ১ লাখ টকাতকৈও কম মূল্যত আইফোন ১৬ প্ৰ’ মেক্স ক্ৰয় কৰিব পাৰিব।
সীমিত সময়ৰ বাবে ফ্লিপকাৰ্টে এই সুযোগ আগবঢ়াব। গতিকে হাতলৈ অহা এই সুযোগ লগে লগে কাৰ্যকৰী কৰি গ্ৰাহকে ক্ৰয় কৰিব পাৰিব আইফোন ১৬ প্ৰ’ মেক্স। ফ্লিপকাৰ্টে শেহতীয়াকৈ এক নতুন ছবি শ্বেয়াৰ কৰিছে। এই ছবিত আইফোন ১৬ প্ৰ’ মেক্সৰ দাম প্ৰকাশ কৰা হোৱা নাই যদিও ফোনটোৰ দাম ১ লাখ টকাতকৈও কম হ’ব পাৰে বুলি নিশ্চিত ইংগিত দিছে।
উল্লেখ্য যে বিগত বৰ্ষত আইফোন ১৬ প্ৰ’ মেক্সৰ ২৫৬ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ১ লাখ ৪৪ হাজাৰ ৯০০ টকাত মুকলি কৰা হৈছিল। গতিকে এতিয়া বৃহৎ ৰেহাইৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকসকলে এই মোবাইলটো ক্ৰয় কৰাৰ লগতে যথেষ্ট পৰিমাণৰ ধনো ৰাহি কৰিব পাৰিব। ফোনৰ মূল্যত ৰেহাইৰ উপৰিও বেংক কাৰ্ডৰ সুবিধা অতিৰিক্ত সঞ্চয় কৰিব পাৰিব।