ইউ এছ অ’পেন জয়ী আলকাৰাজে লাভ কৰিলে ইমান ধনৰাশিৰ পুৰস্কাৰ

8 Sept 2025

TV9 ASSAM

ইউ এছ অ’পেন ২০২৫ৰ খিতাপ দখল কৰিছে স্পেইনৰ কাৰ্লোছ আলকাৰাজে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ ইটালীৰ য়ানিক ছিনাৰক পৰাস্ত কৰে।

ইউ এছ অ’পেন

চাৰিটা ছেটৰ যুঁজত আলকাৰাজে ছিনাৰক ৬-২, ৩-৬, ৬-১, ৬-৪ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ইউ এছ অ’পেন চেম্পিয়ন হয়।

ব্যৱধান

খিতাপ জয়ৰ লগে লগে ছিনাৰক অতিক্ৰম কৰি আলকাৰাজে পুৰুষৰ টেনিছ ৰেংকিঙৰ একক শাখাত বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ ৰূপে পৰিগণিত হয়।

শীৰ্ষ ৰেংক

খিতাপজয়ী আলকাৰাজে ৫০ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ৪৪ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। আনহাতে ৰাণাৰ্ছ আপ ছিনাৰে লাভ কৰে প্ৰায় ২২ কোটি টকা।

পুৰস্কাৰ

কাৰ্লোছৰ উপাৰ্জনৰ অধিকাংশই পুৰস্কাৰৰ ধনৰ পৰাই আহে। এক প্ৰতিবেদন অনুসৰি কাৰ্লোছ আলকাৰাজৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৫৬ কোটি টকা।

আলকাৰাজৰ সম্পত্তি

চলিত বৰ্ষত তৃতীয়বাৰৰ বাবে দুয়ো কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত মুখামুখি হৈছিল। ইয়াৰে উইম্বলডনত ছিনাৰে আৰু ফ্ৰেন্স-ইউ এছ অ’পেনত জয়ী হয় আলকাৰাজ।

বৰ্ষৰ গ্ৰেণ্ডশ্লেম

পঢ়িবলৈ ক্লিক কৰক 

দৈনিক এনে অভ্যাসে দূৰ কৰিব টোপনিৰ সমস্যা