শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

India Pakistan News live Updates : ভাৰত-পাক সামৰিক সংঘাতৰ ওপৰত এম ই এৰ বিশেষ প্ৰেছ ব্রিফিং…

India Pakistan News LIVE Updates in Assamese : শুকুৰবাৰে নিশাৰ পৰা জম্মু চহৰত ধাৰাবাহিকভাৱে বিস্ফোৰণৰ শব্দ শুনা গৈছিল।  কিছুমান ঠাইত ক’লা ধোঁৱা দেখা গৈছে। জম্মু, শ্ৰীনগৰ, জয়ছালমেৰৰ পৰা অমৃতসৰলৈকে সকলোতে ড্ৰোন আক্ৰমণৰ চেষ্টা কৰে পাকিস্তানে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে মাজনিশা পাকিস্তান অধিকৃত কাশ্মীৰৰ উগ্ৰপন্থী শিবিৰত গোলাবৰ্ষণ কৰে।

manas-borah
Manas Borah | Updated On: 10 May 2025 12:09 PM
India Pakistan News live Updates : ভাৰত-পাক সামৰিক সংঘাতৰ ওপৰত এম ই এৰ বিশেষ প্ৰেছ ব্রিফিং…

LIVE NEWS & UPDATES

  • 10 May 2025 12:09 PM (IST)

    আমেৰিকাৰ বিদেশ মন্ত্ৰীৰে বাৰ্তালাপ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

    ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। ৰুবিঅ’ই কয় যে দুয়োপক্ষই উত্তেজনা হ্ৰাস কৰিবলৈ আৰু ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ প্ৰত্যক্ষ আলোচনাৰ উপায় গ্ৰহণ কৰাটো প্ৰয়োজন । এই তথ্য দিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে।

  • 10 May 2025 11:30 AM (IST)

    সংবাদমেলত কি তথ্য দিলে উইং কমাণ্ডাৰ ব্যোমিকা সিঙে?

    উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয়, পাকিস্তানৰ সেনাই আক্ৰমণাত্মক কাৰ্য্যকলাপ অব্যাহত ৰাখিছে । পাকিস্তানে অসামৰিক অঞ্চল আৰু সামৰিক আন্তঃগাঁথনি লক্ষ্য কৰি ড্ৰোন, দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে বিফল কৰে ভাৰতীয় সেনাই ।

  • 10 May 2025 11:24 AM (IST)

    পাকিস্তানৰ দাবী মিছা !

    পাকিস্তানে ভাৰতৰ আন্তঃগাঁথনিৰ ক্ষতি কৰাৰ বুলি কৰা দাবী মিছা বুলি উল্লেখ কৰিছে ভাৰতে । ভাৰতে কয় যে, পাকিস্তানে জটিল আন্তঃগাঁথনিৰ ক্ষতি কৰাৰ বুলি কৰা দাবী ‘সম্পূৰ্ণ মিছা’।

  • 10 May 2025 11:20 AM (IST)

    অসামৰিক আন্তঃগাঁথনিত আক্ৰমণৰ লক্ষ্য় পাকিস্তানৰ

    কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয়, ” পাকিস্তানে শ্ৰীনগৰ, আৱন্তীপুৰ আৰু উধামপুৰৰ বিমান ঘাটিত চিকিৎসালয় আৰু বিদ্যালয় চৌহদক লক্ষ্য কৰি লৈছিল। ইয়াৰ দ্বাৰা পুনৰবাৰ তেওঁলোকৰ অসামৰিক আন্তঃগাঁথনি আক্ৰমণ কৰাৰ দায়িত্বহীন প্ৰৱণতা উন্মোচিত হৈছে ।”

  • 10 May 2025 11:13 AM (IST)

    ৰাতিপুৱা পুনৰ মোদী-ডোভালৰ বৈঠক

    শুকুৰবাৰে নিশাৰ পিছত শনিবাৰে পুৱা আন এখন বৈঠক অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে পুৱা মোদীৰ বাসগৃহত উপস্থিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। নিশা প্ৰায় ২৬ ঠাইত পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল। গতিকে এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

  • 10 May 2025 11:09 AM (IST)

    ভাৰত-পাক সামৰিক সংঘাতৰ ওপৰত এম ই এৰ বিশেষ প্ৰেছ ব্রিফিং

    কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয়, “পাকিস্তানী বাহিনীয়ে সমগ্ৰ পশ্চিম ফ্ৰণ্টত আগ্ৰাসী কাৰ্যকলাপ অব্যাহত ৰাখিছে । ইউচিএপি ড্ৰোন, দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু যুদ্ধ বিমান ব্যৱহাৰ কৰি তেওঁলোকে সেনাৰ আন্তঃগাঁথনি লক্ষ্য কৰি লৈছে। LoC ত প্ৰচণ্ড গুলীচালনা দেখা গৈছে। LoC আৰু IB ত তেওঁলোকৰ যুদ্ধ বিমানে ২৬ টাতকৈও অধিক স্থানত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে তেওঁলোকৰ প্ৰচেষ্টা বিফল কৰে । কিন্তু তেওঁলোকে উধামপুৰ, পাঠানকোট, ভূজ, বাথিদা ষ্টেচনৰ বায়ুসেনাৰ ষ্টেচনত কিছু ক্ষতিসাধন কৰে ।”

  • 10 May 2025 10:48 AM (IST)

    পাকিস্তান সমৰ্থক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত আৰু তিনিজন গ্ৰেপ্তাৰ

    পাকিস্তান সমৰ্থক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত অসমৰ গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৮ জনলৈ বৃদ্ধি । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, শেহতীয়াকৈ ধুবুৰী জিলাৰ পৰা আৰিফ ৰেহমান আৰু আবুবিন মেৰাজ উদ্দিন এছ কে আৰু কাছাৰ জিলাৰ পৰা নাছিম উদ্দিন লস্কৰ নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

  • 10 May 2025 10:46 AM (IST)

    ওড়িশা চৰকাৰে বাতিল কৰিলে আই পি এছ বিষয়াৰ ছুটী

    ওড়িশা চৰকাৰে বাতিল কৰিলে আই পি এছ বিষয়াৰ ছুটী। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছুটীত যোৱা বিষয়াসকলক অনতিপলমে মুখ্য কাৰ্যালয়লৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

  • 10 May 2025 10:10 AM (IST)

    পাকিস্তানৰ ছিয়ালকোটত ভাঙিলে সন্ত্ৰাসবাদীৰ লঞ্চ পেড

    আখনূৰ ছেক্টৰৰ বিপৰীতে পাকিস্তানৰ ছিয়ালকোট জিলাৰ লুনিত থকা সন্ত্ৰাসবাদী লঞ্চ পেডটো বি এছ এফে সম্পূৰ্ণৰূপে ধ্বংস কৰে।

  • 10 May 2025 09:45 AM (IST)

    পাকিস্তানৰ প্ৰচণ্ড গোলাবৰ্ষণ

    পাকিস্তানৰ প্ৰচণ্ড গোলাবৰ্ষণৰ ফলত জম্মুৰ অসামৰিক অঞ্চলৰ এটা ঘৰত ব্যাপক ক্ষতিসাধন হয়।

  • 10 May 2025 09:29 AM (IST)

    উদ্ধাৰ ক্ষেপণাস্ত্ৰৰ কিছু অংশ

    জলন্ধৰ গ্ৰাম্যৰ এখন গাঁৱৰ পথাৰত উদ্ধাৰ ক্ষেপণাস্ত্ৰৰ কিছু অংশ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বিষয়া।

  • 10 May 2025 08:53 AM (IST)

    আন্তঃৰাষ্ট্ৰীয় সীমাত যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ !

    ৯ মে’ৰ নিশা পাকিস্তানে কোনো প্ৰৰোচনা নকৰাকৈ জম্মু খণ্ডৰ বি এছ এফৰ পোষ্টত গুলীচালনা কৰে। বি এছ এফে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষৰ পাকিস্তান ৰেঞ্জাৰৰ পোষ্ট আৰু সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰিছে। ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ আমাৰ সংকল্প অটল: বি এছ এফ

  • 10 May 2025 08:46 AM (IST)

    ভাৰতে ধ্বংস কৰিলে দুখন পাকিস্তানী যুদ্ধ বিমান!

    কাশ্মীৰত উদ্ধাৰ পাকিস্তানী যুদ্ধ বিমানৰ ধ্বংসাৱশেষ। স্থানীয় সূত্ৰ অনুসৰি পাকিস্তানে যুদ্ধ বিমান লৈ প্ৰৱেশৰ চেষ্টা চলাইছিল। অৱশ্যে এই বিষয়ত ভাৰতে এই পৰ্যন্ত কোনো বক্তব্য দিয়া নাই।

  • 10 May 2025 08:45 AM (IST)

    ইছলামবাদত বন্ধ হৈ গ’ল সকলো পেট্ৰ’ল পাম্প

    পাকিস্তানৰ ৰাজধানী ইছলামবাগত সকলো পেট্ৰ’ল-ডিজেল ফিলিং ষ্টেচন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি ইয়াৰ বাবে তাৎক্ষণিক নিৰ্দেশ জাৰি কৰা হৈছে।

  • 10 May 2025 08:11 AM (IST)

    পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এনচিএৰ বৈঠক আহ্বান কৰে

    ভাৰতৰ প্রতিশোধমূলক কার্যৰ পাছত আতংকিত হৈ পৰিছে পাকিস্তান৷ ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক আহ্বান কৰিছে।

  • 10 May 2025 07:42 AM (IST)

    ভাৰতীয় সেনাই ধ্বংস কৰিলে পাকিস্তানৰ চকী আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড

    ভাৰতীয় সেনাই জম্মুৰ সমীপত পাকিস্তানী চকী আৰু সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰিছে, য’ৰ পৰা টিউব লঞ্চ ড্ৰোনো নিক্ষেপ কৰা হৈছিল। প্ৰতিৰক্ষা সূত্ৰৰ উদ্ধৃতি দি এই তথ্য পোহৰলৈ আহিছে।

  • 10 May 2025 07:19 AM (IST)

    ভাৰত, পাকিস্তানৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ আহ্বান G-7 দেশসমূহৰ

    জি-৭ দেশসমূহে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাৰ বৈদেশিক মন্ত্ৰী আৰু ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধিয়ে ২২ এপ্ৰিলত পহলগামত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে ভাৰত আৰু পাকিস্তান উভয়কে সৰ্বোচ্চ সংযম কৰিবলৈ আহ্বান জনাইছে। G-7 দেশসমূহে কয় যে, অধিক সামৰিক কাৰ্যকলাপ বৃদ্ধিয়ে আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। দুয়োপক্ষৰ নাগৰিকৰ সুৰক্ষাৰ বাবে আমি অতিশয় চিন্তিত। আমি উত্তেজনা তাৎক্ষণিকভাৱে হ্ৰাস কৰাৰ আহ্বান জনাইছো আৰু শান্তিপূৰ্ণ ফলাফলৰ বাবে দুয়োখন দেশক প্ৰত্যক্ষ আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছো। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু দ্ৰুত আৰু স্থায়ী কূটনৈতিক সমাধানৰ বাবে আমাৰ সমৰ্থন প্ৰকাশ কৰিছো । এক বিবৃতিত এইদৰে কয় জি-৭ বৈদেশিক মন্ত্ৰীয়ে ।

  • 10 May 2025 07:13 AM (IST)

    পাকিস্তানে দাবী কৰিছে যে বায়ুসেনা ঘাটিত লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল ভাৰতে

    পাকিস্তানে দাবী কৰিছে যেস ভাৰতে ৩টা এয়াৰবেছক লক্ষ্য কৰি মুঠ ৬টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। পাকিস্তানী সামৰিক মুখপাত্ৰই কয় যে, ভাৰতে তিনিটা বিমান ঘাটিত আক্ৰমণ চলাইছে। ৰাৱালপিণ্ডিৰ নূৰ খান এয়াৰ বেছ, শ্বোৰকোটৰ ৰফিক এয়াৰ বেছ, মুৰিদ এয়াৰ বেছক লক্ষ্য কৰি আক্ৰমণ কৰে। অৱশ্যে এই সন্দৰ্ভত ভাৰতে এতিয়াও একো ঘোষণা কৰা নাই।

  • 10 May 2025 07:11 AM (IST)

    অমৃতসৰত ড্ৰোন আক্ৰমণৰ চেষ্টা

    অমৃতসৰত এয়াৰ ৰেইড ৱাৰ্নিং চাইৰেন সক্ৰিয় কৰা হয়। পুৱা ৫ বজাত অমৃতসৰত আন এক ড্ৰোন আক্ৰমণৰ চেষ্টাক ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰে। আজি পুৱা অমৃতসৰত আন এক বিস্ফোৰণৰ শব্দ শুনা যায়।

  • 10 May 2025 07:07 AM (IST)

    পঞ্জাৱৰ জলন্ধৰত জাৰি কৰা হয় ব্লেকআউট

    পঞ্জাৱৰ জলন্ধৰত কিছুমান ড্ৰ’ন দেখা পোৱাৰ খবৰ পোৱাৰ পিছত ব্লেকআউট জাৰি কৰা হয় । ইয়াৰ নিৰাপত্তা বাহিনীয়ে তদন্ত আৰম্ভ কৰে । ইয়াৰ লগতে সকলোকে শান্তি বজাই ৰখাৰ  লগতে ব্লেকআউট প্ৰট’কল মানি চলিবলৈ জলন্ধৰ প্ৰশাসনে আহ্বান জনায় ।

  • 10 May 2025 06:38 AM (IST)

    ২৬টা স্থানত পাকিস্তানীৰ ড্ৰোন আক্ৰমণ প্ৰচেষ্টাক বিফল কৰিলে ভাৰতে

    পাকিস্তানে একেৰাহে শুকুৰবাৰ নিশা জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ২৬ টা স্থানত ড্ৰোন আক্ৰমণ চলাইছিল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, বিমানবন্দৰ আৰু বায়ুসেনাৰ ঘাটিকে ধৰি গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যনসমূহত শত্ৰুৰ আক্ৰমণ বিফল হৈছে। পঞ্জাৱৰ ফিৰোজপুৰত নিশাৰ আন্ধাৰত সংঘটিত আক্ৰমণত আহত হয় এটা পৰিয়ালৰ কিছু সদস্য। এই আক্ৰমণত কোনো লোক আহত হোৱাৰ একমাত্ৰ খবৰ আছিল এইটোৱেই। পাকিস্তানৰ সীমান্তৱৰ্তী সকলো ৰাজ্যতে ব্লেকআউট জাৰি কৰা হৈছিল।

শুকুৰবাৰে নিশাৰ পৰা জম্মু চহৰত ধাৰাবাহিকভাৱে বিস্ফোৰণৰ শব্দ শুনা গৈছিল।  কিছুমান ঠাইত ক’লা ধোঁৱা দেখা গৈছে। জম্মু, শ্ৰীনগৰ, জয়ছালমেৰৰ পৰা অমৃতসৰলৈকে সকলোতে ড্ৰোন আক্ৰমণৰ চেষ্টা কৰে পাকিস্তানে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে মাজনিশা পাকিস্তান অধিকৃত কাশ্মীৰৰ উগ্ৰপন্থী শিবিৰত গোলাবৰ্ষণ কৰে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে আজি ৰাজনাথ সিঙে চিডিএছ আৰু তিনিজন সেনা প্ৰধানৰ সৈতে বৈঠকত মিলিত হ’ব।  আই এম এফে পাকিস্তানক ১ বিলিয়ন ডলাৰৰ ঋণ দিয়ে। শ্ৰীনগৰ, অমৃতসৰকে ধৰি দেশৰ উত্তৰ আৰু পশ্চিম প্ৰান্তৰ ৩২টা বিমানবন্দৰত ১৫ মে’লৈকে অসামৰিক বিমান সেৱা নিষিদ্ধ কৰা হৈছে। পাকিস্তান সেনাই নিয়ন্ত্ৰণ ৰেখা (LoC) আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (IB)ৰ কাষৰীয়া ভাৰতীয় চহৰসমূহত ড্ৰোন আক্ৰমণৰ পিছত ভাৰতীয় সেনাই জম্মু খণ্ডত তীব্ৰ প্ৰতিশোধ গ্ৰহণ কৰিছে বুলি প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰিছে।

Published On - May 10,2025 6:36 AM