শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্ববাসীৰ আগত উন্মোচিত হ’ল পাকিস্তানৰ মিথ্যাচাৰঃ ভাৰতে উদঙালে পাকিস্তানৰ ৫টা গুৰুতৰ মিছা দাবী

আজি সন্ধিয়া যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমতত হয় ভাৰত-পাকিস্তান। যুদ্ধবিৰতিৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে ভাৰতে বিশ্ববাসীৰ আগত উন্মোচিত কৰি দিয়ে পাকিস্তানৰ চূড়ান্ত মিথ্যাচাৰ। পাকিস্তানে দাবী কৰা ৫টাকৈ দাবীক সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত কৰি ভাৰতে। এতিয়া বিশ্ববাসীৰ আগত পাকিস্তানে নিজৰ এই মিথ্যাচাৰৰ কিদৰে উত্তৰ দিব, সেয়া চাবলগীয়া হ’ব।

বিশ্ববাসীৰ আগত উন্মোচিত হ’ল পাকিস্তানৰ মিথ্যাচাৰঃ ভাৰতে উদঙালে পাকিস্তানৰ ৫টা গুৰুতৰ মিছা দাবী
পাকিস্তানৰ মিথ্যাচাৰ ফাদিলImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 10 May 2025 20:10 PM

বিগত কিছুদিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত দেখা গ’ল যুদ্ধৰ ব্যাপক উত্তেজনা। সীমান্তত পাকিস্তানৰ আক্ৰমণ আৰু তাৰ পাছতে ভাৰতৰ প্ৰত্যাক্ৰমণে যুদ্ধৰ আশংকা ঘণীভূত কৰি তুলিছিল। তাৰ মাজতে আজি সন্ধিয়া দুয়োখন দেশে যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমতত হয়। যুদ্ধবিৰতিৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে ভাৰতে বিশ্ববাসীৰ আগত উন্মোচিত কৰি দিয়ে পাকিস্তানৰ চূড়ান্ত মিথ্যাচাৰ। পাকিস্তানে দাবী কৰা ৫টাকৈ দাবীক সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত কৰি ভাৰতে। এতিয়া বিশ্ববাসীৰ আগত পাকিস্তানে নিজৰ এই মিথ্যাচাৰৰ কিদৰে উত্তৰ দিব, সেয়া চাবলগীয়া হ’ব।

ভাৰতে উদঙাই দিয়া পাকিস্তানৰ ৫টা মিছা দাবীৰ বিষয়ে জানো আহক-

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে পাকিস্তানৰ এই দাবী নাকচ কৰি কয় যে চুৰাটগড়, ছিৰছা আৰু উধমপুৰৰ এছ-৪০০ ৰাডাৰ ঘাটিকে ধৰি কোনো সামৰিক বা অসামৰিক আন্তঃগাঁথনিৰ কোনো ক্ষতি হোৱা নাই।

তেওঁ কয় যে পাকিস্তানে কৰা বেছিভাগ ঘোষণা ভুল তথ্য, মিছা আৰু অপপ্ৰচাৰৰ ভিত্তিত কৰা হৈছে। ভাৰতে কেৱল প্ৰত্যাক্ৰমণহে কৰা বুলি উল্লেখ কৰি তেওঁ লগতে সেই প্ৰত্যাক্ৰমণৰ সময়তো ভাৰসাম্য ৰক্ষা কৰি জুখিমাখি কেৱল সামৰিক লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি স্পষ্ট কৰি দিয়ে।

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে সংবাদমেলত কয় যে পাকিস্তানে JF 17 বিমানে ভাৰতৰ S400 আৰু ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ ঘাটিৰ ক্ষতিসাধন কৰিছে বুলি কৰা দাবী সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিং আৰু সেনা কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে পাকিস্তানে ভাৰতীয় বিমান ঘাটি আৰু ব্ৰাহ্মোছ ব্যৱস্থা ধ্বংস কৰা বুলি বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলাইছিল।

পাথানকোট, ভাটিন্দা, নলিয়া, ছিৰছা, জম্মু, ভূজত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটি ক্ষতিগ্ৰস্ত হোৱা বুলি পাকিস্তানে ভুল তথ্য প্ৰচাৰ কৰিছিল। ব্যাস আৰু চণ্ডীগড়ত থকা ভাৰতৰ গোলাবাৰুদৰ ঘাটিসমূহ ক্ষতিগ্ৰস্ত হোৱা বুলি পাকিস্তানে ভুৱা তথ্য প্ৰচাৰ কৰিছিল।

ভাৰতে ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱা বুলি পাকিস্তানে কৰা অভিযোগো ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে নাকচ কৰে। কৰ্ণেল কুৰেশ্বীয়ে কয় যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু আমাৰ সেনাই সংবিধানৰ মূল্যবোধক সম্পূৰ্ণৰূপে সন্মান কৰে। আমি কোনো ধৰ্মীয় স্থানক টাৰ্গেট কৰা নাছিলো। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে জনোৱা মতে, পাকিস্তানে চলোৱা অনুপ্ৰৱেশ আৰু ড্ৰ’ন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে মুৰিদ, ৰফিকী, চাকলালা, ৰহিম ইয়াৰ খান, চুক্কুৰ আৰু চুনিয়ান বিমানঘাটিকে ধৰি একাধিক পাকিস্তানী স্থানত নিখুঁত আক্ৰমণ চলায়।