শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

76th Republic Day: আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস, ২৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে দেশৰ ৰাষ্ট্ৰপতিয়ে কিয় ৰাষ্ট্ৰীয় পতাকা উৰুৱাই ?

দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । উল্লেখ্য যে, স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টৰ অনুষ্ঠানতকৈ এই অনুষ্ঠানটো পৃথক । ইয়াৰ মূল পাৰ্থক্য কি জানেনে ? ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু আজিৰ দিনটোত ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই ।

76th Republic Day: আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস, ২৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে দেশৰ ৰাষ্ট্ৰপতিয়ে কিয় ৰাষ্ট্ৰীয় পতাকা উৰুৱাই ?
ৰাষ্ট্ৰীয় পতাকা
manas-borah
Manas Borah | Updated On: 26 Jan 2025 10:40 AM

আজি ভাৰতে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস । ১৯৫০ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । এই উপলক্ষে দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । উল্লেখ্য যে, স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টৰ অনুষ্ঠানতকৈ এই অনুষ্ঠানটো পৃথক । ইয়াৰ মূল পাৰ্থক্য কি জানেনে ? ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে আৰু আজিৰ দিনটোত ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই ।

পতাকা উত্তোলন আৰু উৰুৱাৰ পাৰ্থক্য কি ?

পতাকা উত্তোলন আৰু পতাকা উৰুৱা হৈছে ভাৰতীয় জাতীয় পতাকা প্ৰদৰ্শনৰ দুটা ভিন্ন উপায় । পতাকা উত্তোলন কৰাৰ অৰ্থ হ’ল- পতাকাখন খুঁটাৰ গুৰিৰ পৰা ওপৰলৈ উঠাব লাগে । পতাকাখন ওপৰত উঠোৱাৰ পাছতে বান্ধি থোৱা ৰছীৰ এডাল টানি পতাকাখন খুলি দিব লাগে । জাতীয় সংগীত বজোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে পতাকাখন ওপৰলৈ টানি উত্তোলন কৰে । এই পতাকা উত্তোলনে দেশৰ স্বাধীনতা আৰু স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ সংগ্ৰামীসকলে দিয়া ত্যাগক প্ৰতিনিধিত্ব কৰে।

ইয়াৰ বিপৰীতে খুলি দিয়াৰ বা পতাকা উৰুৱাৰ অৰ্থ হ’ল- খুঁটাটোৰ ওপৰত ইতিমধ্যে এটা ৰছীৰে সৈতে পতাকাখন বান্ধি থোৱা থাকে । ৰাষ্ট্ৰপতিয়ে কেৱল মাত্ৰ পতাকাখন বান্ধি থোৱা এডাল ৰছী টানি পতাকাখন খুলি দিয়ে । ৰাষ্ট্ৰপতিয়ে পতাকাখন উৰুৱাবলৈ এটা ৰছী টানি ধৰে আৰু পতাকাখন খুলি যোৱাৰ পাছতে তললৈ ফুল সৰি আহে । ইয়াৰ লগে লগে পতাকাখন বতাহত উৰিবলৈ আৰম্ভ কৰে । ই সাংবিধানিক মূল্যবোধ আৰু গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে।

প্ৰধানমন্ত্ৰীয়ে নহয়, গণৰাজ্য দিৱসত পতাকা উৰুৱাই ৰাষ্ট্ৰপতিয়ে

ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰৰ মুৰব্বী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুৰব্বী হোৱাৰ বাবে প্ৰতি বছৰে গণৰাজ্য দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পতাকা উৰুৱাই । এই কাৰ্যই ৰাষ্ট্ৰপতিৰ নেতৃত্বত জাতিটোৰ ঐক্য আৰু সাৰ্বভৌমত্বক আৰু অধিক প্ৰতিফলিত কৰে। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ নেতৃত্ব দিয়ে আৰু চৰকাৰৰ মুৰব্বী। গতিকে প্ৰধানমন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱসত এই কাৰ্য নকৰে ।