Gaza peace plan: যুদ্ধ তেতিয়াহে অন্ত হ’ব যেতিয়া ট্ৰাম্পে…কি ক’লে নৰেন্দ্ৰ মোদীয়ে?
Gaza peace plan: ইজৰাইল-গাজা সংঘাত ৰোধৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকাই। আঠখনকৈ মুছলমান দেশো থিয় দিছে আমেৰিকাৰ কাষত। ট্ৰাম্পৰ এই সিদ্ধান্ত সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুবছৰীয়া ইজৰাইল-গাজাৰ সংঘাতৰ অন্ত পেলোৱাৰ বাবে কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰাম্পৰ এই পৰিকল্পনাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে “দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তিৰ” পথ প্ৰদান কৰিছে।
এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, “গাজা সংঘাতৰ অন্ত পেলোৱাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে কৰা বিস্তৃত পৰিকল্পনাৰ ঘোষণাক আমি আদৰণি জনাইছো। ই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ লগতে বৃহত্তৰ পশ্চিম এছিয়া অঞ্চলৰ বাবেও দীৰ্ঘম্যাদী আৰু বহনক্ষম শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ এক কাৰ্যকৰী পথ প্ৰদান কৰিব।”
লগতে পঢ়ক: Israel Gaza Conflicts: ট্ৰাম্পৰ কাষত ৮ খন মুছলমান ৰাষ্ট্ৰ, গাজা শান্তি পৰিকল্পনা সফল হ’ব নে?
এক্সৰ পোষ্টটোত লগতে কোৱা হৈছে, “আমি আশা কৰিছো যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পদক্ষেপৰ আঁৰত সংশ্লিষ্ট সকলোৱে একত্ৰিত হ’ব আৰু সংঘাতৰ অন্ত পেলোৱা তথা শান্তি সুৰক্ষিত কৰাৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিব।”
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত হোৱা বৈঠকৰ পাছত সোমবাৰে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) হোৱাইট হাউছে গাজাৰ সংঘাতৰ অন্ত পেলোৱাৰ শান্তি পৰিকল্পনা প্ৰকাশ কৰে। তাৰ ঠিক পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰিছে।
We welcome President Donald J. Trump’s announcement of a comprehensive plan to end the Gaza conflict. It provides a viable pathway to long term and sustainable peace, security and development for the Palestinian and Israeli people, as also for the larger West Asian region. We…
— Narendra Modi (@narendramodi) September 30, 2025
ইয়াৰ পূৰ্বে কানাডা, কাটাৰ, জৰ্ডান, সংযুক্ত আৰব আমিৰশ্বাহী, ইণ্ডোনেছিয়া, পাকিস্তান, তুৰস্ক, চৌদি আৰব, ইজিপ্তেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পৰিকল্পনাক আদৰণি জনাইছিল।
শান্তি পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হৈছিল যে গাজা হ’ব এক উগ্ৰপন্থী তথা সন্ত্ৰাসমুক্ত অঞ্চল, যিয়ে ইয়াৰ চুবুৰীয়া দেশসমূহৰ বাবে ভাবুকি কঢ়িয়াই আনিব নোৱাৰে। লগতে ইয়াক পুনৰ উন্নয়ন কৰা হ’ব, অধিক ক্ষতিগ্ৰস্ত গাজাৰ জনসাধাৰণৰ সুবিধাৰ বাবে এই পদক্ষেপ লোৱা হ’ব।
শান্তি পৰিকল্পনাত উল্লেখ কৰা হৈছিল যে যদি দুয়োপক্ষই এই প্ৰস্তাৱত সন্মতি দিয়ে তেন্তে যুদ্ধৰ তৎক্ষণাত অন্ত পৰিব। পণবন্দীক মুক্তিৰ বাবে প্ৰস্তুতি চলাবলৈ ইজৰাইলৰ বাহিনীয়ে চুক্তিবদ্ধ লাইনলৈ আঁতৰি যাব। এই সময়ছোৱাত আকাশী আৰু আৰ্টিলাৰী বোমাবৰ্ষণকে ধৰি সকলো সামৰিক অভিযান স্থগিত ৰখা হ’ব, আৰু সম্পূৰ্ণ পৰ্যায়ক্ৰমে প্ৰত্যাহাৰৰ চৰ্ত পূৰণ নোহোৱালৈকে যুদ্ধ বন্ধ হৈ থাকিব।
শান্তি পৰিকল্পনাত আৰু কোৱা হৈছে যে ইজৰাইলে এই চুক্তি ৰাজহুৱাভাৱে গ্ৰহণ কৰাৰ ৭২ ঘণ্টাৰ ভিতৰত জীৱিত আৰু মৃত সকলো পণবন্দীক ঘূৰাই দিয়া হ’ব।
সকলো পণবন্দীক মুকলি কৰি দিয়াৰ পিছত ইজৰাইলে ২৫০ জন যাৱজ্জীৱন কাৰাদণ্ডৰ বন্দীক মুকলি কৰি দিব আৰু লগতে ২০২৩ চনৰ ৭ অক্টোবৰৰ পিছত আটক কৰা সকলো মহিলা আৰু শিশুকে ধৰি ১৭০০ গাজাবাসীক মুকলি কৰি দিব। প্ৰতিজন ইজৰাইলী পণবন্দীৰ মৃতদেহ মুকলি কৰি দিয়াৰ বিপৰীতে ইজৰাইলে ১৫ জন মৃত গাজাবাসীৰ মৃতদেহ মুকলি কৰি দিব।
পইণ্ট প্লেনত উল্লেখ কৰা হৈছে যে সকলো পণবন্দীক ঘূৰাই অনাৰ পিছত শান্তিপূৰ্ণ সহ-অস্তিত্ব আৰু অস্ত্ৰ-শস্ত্ৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হামাছৰ সদস্যসকলক ক্ষমা প্ৰদান কৰা হ’ব। গাজা এৰিব বিচৰা হামাছৰ সদস্যসকলক গ্ৰহণকাৰী দেশলৈ নিৰাপদ পথৰ ব্যৱস্থা কৰা হ’ব।
এই চুক্তি গ্ৰহণ কৰাৰ লগে লগে গাজা ষ্ট্ৰিপলৈ সম্পূৰ্ণ সাহায্য প্ৰেৰণ কৰা হ’ব। ন্যূনতমভাৱে সাহায্যৰ পৰিমাণ ২০২৫ চনৰ ১৯ জানুৱাৰীত মানৱীয় সাহায্য সম্পৰ্কীয় চুক্তিত অন্তৰ্ভুক্ত হোৱাৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব, য’ত আন্তঃগাঁথনি (পানী, বিদ্যুৎ, নলা-নৰ্দমা), চিকিৎসালয় আৰু বেকাৰীৰ পুনৰ্বাসন, আৰু ধ্বংসাৱশেষ আঁতৰাবলৈ আৰু মুকলি পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সঁজুলিৰ প্ৰৱেশ আদি অন্তৰ্ভুক্ত কৰা হৈছে।
শান্তি পৰিকল্পনাত উল্লেখ কৰা হৈছে যে গাজা ষ্ট্ৰিপত বিতৰণ আৰু সাহায্যৰ প্ৰৱেশ ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সংস্থাসমূহৰ জৰিয়তে, আৰু ৰেড ক্ৰীচেণ্টৰ জৰিয়তে দুয়োটা পক্ষৰ হস্তক্ষেপ অবিহনে আগবাঢ়িব। ইয়াৰ উপৰিও কোনো এটা পক্ষৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নোহোৱা অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ জৰিয়তেও আগবাঢ়িব। দুয়োফালে ৰাফাহ ক্ৰছিং মুকলি কৰাৰ ক্ষেত্ৰত ১৯ জানুৱাৰী, ২০২৫, চুক্তিৰ অধীনত ৰূপায়ণ কৰা একে ব্যৱস্থাৰ অধীনত থাকিব।