শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যুদ্ধবিৰতি উলংঘা পাকিস্তানৰঃ ভাৰতীয় সেনাক দিয়া হৈছে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

বিগত তিনিদিন ধৰি অবিৰত সংঘাতৰ অন্তত শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। কিন্তু ইয়াৰ পাছতো যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানে সীমান্তৰ বহু স্থানত গুলীচালনা কৰিছে। পাকিস্তানৰ এনে কাৰ্যক তীব্ৰ নিন্দা কৰিছে ভাৰতে। লগতে পাকিস্তানী সেনাৰ এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে।

যুদ্ধবিৰতি উলংঘা পাকিস্তানৰঃ ভাৰতীয় সেনাক দিয়া হৈছে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
সংবাদ মেলত বৈদেশিক সচিব বিক্ৰম মিশ্ৰী
Monjit Dutta
Monjit Dutta | Published: 11 May 2025 00:18 AM

বিগত তিনিদিন ধৰি অবিৰত সংঘাতৰ অন্তত শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়। কিন্তু ইয়াৰ পাছতো যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানে সীমান্তৰ বহু স্থানত গুলীচালনা কৰিছে। পাকিস্তানৰ এনে কাৰ্যক তীব্ৰ নিন্দা কৰিছে ভাৰতে। লগতে পাকিস্তানী সেনাৰ এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ প্ৰদান কৰা হৈছে। সমান্তৰালকৈ শ্ৰীনগৰত এক বৃহৎ বিস্ফোৰণৰ খবৰ প্ৰকাশ পাইছিল যদিও ভাৰতীয় সেনাই এনে খবৰ স্পষ্টভাৱে ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি নিশ্চিত কৰিছে।

ভাৰতীয় সেনাই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত যিকোনো বিস্ফোৰণৰ খবৰ নাকচ কৰা হৈছে। সেনাই লগতে পাকিস্তানৰ দিশৰ পৰা কিছু ড্ৰোন আহিছিল বুলিও উল্লেখ কৰে আৰু কিছু সময়ৰ পিছত পৰিস্থিতি নিশ্চিত হ’ব বুলি সদৰী কৰে। সেনাৰ বিবৃতিত লগতে এতিয়া নিয়ন্ত্ৰণ ৰেখাত কোনো ধৰণৰ গুলীচালনা হোৱা নাই বুলিও স্পষ্ট কৰি দিয়া হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ লাল চ’কৰ সমীপত ড্ৰ’নৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ খবৰ ওলাইছিল যদিও এই খবৰ সম্পূৰ্ণ মিছা বুলিও কোৱা হৈছে। চি আৰ পি এফৰ দলে এনে কোনো প্ৰমাণ পোৱা নাই বুলি সদৰী কৰিছে। পাকিস্তানে ভাৰতীয় ভূখণ্ডত বিস্ফোৰণ আৰু আক্ৰমণৰ উৰাবাতৰি অহৰহ প্ৰচাৰ কৰি আছে আৰু এইদৰে ভাৰতৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

ভাৰতীয় সেনাই কেইবাটাও প্ৰমাণৰ উদ্ধৃতি দি পাকিস্তানৰ এনে দাবীক ভিত্তিহীন বুলি অভিহিত কৰিছে। ইফালে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এক সংবাদ মেলযোগে পাকিস্তানে যুদ্ধবিৰতি গুৰুতৰভাৱে উলংঘা কৰিছে বুলি উল্লেখ কৰে। ইয়াৰ বাবে পাকিস্তানক স্পষ্টকৈ দোষাৰোপ কৰি বিক্ৰম মিশ্ৰীয়ে লগতে সেনাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি সদৰী কৰে। তদুপৰি যিকোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সেনাক।

সংবাদ মেলত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আজি সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ DGMOৰ মাজত সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে এক চুক্তিত উপনীত হয়। কিন্তু যোৱা কেইঘণ্টামানৰ পৰা এই চুক্তি উলংঘা কৰি আছে পাকিস্তানে।” তেওঁ লগতে পাকিস্তানক এই পৰিস্থিতি সঠিকভাৱে অনুধাৱন কৰি এই যুদ্ধবিৰতি উলংঘন বন্ধ কৰাৰ বাবে তৎকালীনভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায়।