কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব নেকি বিজেপি মন্ত্ৰী বিজয় শ্বাহ? এজাহাৰত দাখিল কৰা ধাৰাত কি কি শাস্তি হ’ব পাৰে জানক
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বিজয় শ্বাহক মন্ত্ৰী পদৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী তীব্ৰতৰ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শ্বাহে কয় যে, "মোৰ শেহতীয়া বক্তব্যই সমাজৰ আৱেগক আঘাত কৰিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।"

ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল এজাহাৰ । কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ। শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্ৰীগৰাকী।
বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ। উচ্চ ন্যায়ালয়ে এই অভিয়োগত দিয়া নিৰ্দেশৰ পিছত যোৱা বুধবাৰে নিশা ইন্দোৰ জিলাত এজাহাৰ ৰুজু কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ তিনিটা ভিন্ন ধাৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই ধাৰাসমূহৰ অধীনত কি শাস্তি প্ৰদান কৰা হ’ব জানক।
এই গোচৰৰ সৈতে জড়িত এগৰাকী বিষয়াই কয়, ছ’চিয়েল মিডিয়া X ত এটা পোষ্টত মুখ্যমন্ত্ৰী মোহন যাদৱে কয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত জনজাতীয় কল্যাণ মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এজাহাৰ ৰবি শংকৰ পাৰিকে ইন্দোৰ গ্ৰাম্য অঞ্চলৰ অন্তৰ্গত মানপুৰ থানাত দাখিল কৰা হৈছে। এই এজাহাৰ বুধবাৰে নিশা ১১:৩০ বজাত দাখিল কৰা হয়।
কি কি গোচৰত ৰুজু কৰা হৈছে
আদালতৰ নিৰ্দেশত মানপুৰ থানাত এফআইআৰ ৰুজু হোৱা বুলিও এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। সংবাদ সংস্থা পিটিআইৰ আগত আৰক্ষী অধীক্ষক (গ্ৰাম্য) হিতিকা ভাছলে এজাহাৰ দাখিল হোৱা বুলি জানিবলৈ দিয়ে। ভাৰতীয় দণ্ডবিধিৰ ১৫২, ১৯৬(১) (বি) আৰু ১৯৭ (১)(চি) ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
मध्य प्रदेश सरकार के मंत्री कुंवर विजय शाह के खिलाफ बीएनएस की धारा 152, 196(1)(बी) और 197(1)(सी) के तहत FIR दर्ज़ की गई है। कर्नल सोफिया कुरैशी के खिलाफ कुंवर विजय शाह की आपत्तिजनक टिप्पणी को लेकर मध्य प्रदेश उच्च न्यायालय के निर्देश पर FIR दर्ज़ की गई है।
— ANI_HindiNews (@AHindinews) May 14, 2025
দোষী সাব্যস্ত হ’লে কি শাস্তি দিয়া হ’ব
এই গোচৰটো ১৫২ (জাতিটোক আক্ৰমণ বা অপৰাধমূলক কাম), ১৯৬ (১) (খ) (বিভিন্ন সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত ক্ষতিকাৰক কাম, যিয়ে জনশান্তি ভংগৰ কাৰণ বা হোৱাৰ সম্ভাৱনা) আৰু ১৯৭ (১) (গ) (যিকোনো সম্প্ৰদায়ৰ সদস্যৰ বিষয়ে কোৱা, যাৰ প্ৰভাৱ বিভিন্ন সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ ওপৰত বিৰূপ প্ৰভাৱ) ধাৰাত পঞ্জীয়ন কৰা হৈছে।
এতিয়া ১৫২ ধাৰাত দোষী সাব্যস্ত হ’লে কোনো ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড, বা ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব পাৰে। একেদৰে ১৯৬ (১) (খ) ধাৰাত এজন ব্যক্তিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বা দুয়োটাৰে শাস্তি দিব পাৰে। যদি কোনো ধৰ্মীয় স্থান বা ধৰ্মীয় অনুষ্ঠানত অপৰাধ সংঘটিত হয়, তেন্তে শাস্তি ৫ বছৰলৈ বৃদ্ধি পায়। ১৯৭ (১) (গ) ধাৰাত দুবিধ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। যদি দোষী সাব্যস্ত হয়, তেন্তে অভিযুক্তক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটাৰে শাস্তি দিব পাৰে। যদি কোনো ধৰ্মীয় স্থানত একে অপৰাধ সংঘটিত হয় তেন্তে শাস্তি ৫ বছৰলৈ বৃদ্ধি পাব পাৰে।
মই লাজ পাইছোঁ আৰু ক্ষমা বিচাৰিছোঁ: বিজয় শ্বাহ
বিতৰ্কৰ মাজতে বিজেপি নেতা তথা মন্ত্ৰী বিজয় শ্বাহে পুনৰবাৰ মহিলা সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে তেওঁ ‘ভগ্নী ছফিয়া’ আৰু সেনাক সন্মান কৰে। উচ্চ ন্যায়ালয়ে তেওঁক ধমক দি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে আৰু ইয়াৰ পিছতে তেওঁ এই ক্ষমা বিচাৰিছিল।
আদালতৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ মন্ত্ৰীসভাৰ পৰা বিজয় শ্বাহক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী তীব্ৰতৰ হৈ পৰে। বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শ্বাহে কয় যে, “মোৰ শেহতীয়া বক্তব্যই সমাজৰ আৱেগক আঘাত দিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।”