Zomato-Swiggy-ৰ কৰ্মচাৰীসকলে পাব স্বাস্থ্য-জীৱন বীমা, জানক কি কি পাব সুবিধা
Code on Social Security (Central) Rules, 2025: গিগ কৰ্মীসকলক সামাজিক সুৰক্ষা নিশ্চিত কৰা হ’ব। অৰ্থাৎ তেওঁলোকে স্বাস্থ্য, জীৱন আৰু দুৰ্ঘটনাৰ বীমা লাভ কৰিব। ইয়াৰ বাবে গিগ কৰ্মীসকলে কমেও ৯০ দিন এগ্ৰিগেটৰ অৰ্থাৎ এপৰ অধীনত কাম কৰিব লাগিব।
নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডত কাম কৰা সকলৰ বাবে এটা ডাঙৰ পদক্ষেপ ল’বলৈ গৈ আছে। অৰ্থাৎ জোমাটো, ছুইগি বা আন যিকোনো ডেলিভাৰী বা আন ধৰণৰ কাম কৰাসকলৰ বাবে, যাৰ কোনো নিশ্চিত দৰমহা নাথাকে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে সামাজিক সুৰক্ষা সংহিতা (কেন্দ্ৰীয়) নিয়মাৱলী ২০২৫ৰ খচৰা নিয়ম।
উচ্চ কৰ্মবোজা, অস্বাভাৱিক সময়সীমা আৰু সামাজিক সুৰক্ষাৰ দাবীত অনলাইন ডেলিভাৰী এজেণ্ট আৰু গিগ কৰ্মীসকলে ২৫ আৰু ৩১ ডিচেম্বৰত দেশজুৰি ধৰ্মঘটৰ আহ্বান কৰিছিল। অৱশ্যে তেওঁলোকক সামাজিক সুৰক্ষা প্ৰদানৰ বাবে ইতিমধ্যে কেন্দ্রই পদক্ষেপ গ্রহণ কৰিছে। শীতকালীন অধিবেশনত সামাজিক সুৰক্ষা সংহিতা (কেন্দ্ৰীয়) নিয়মাৱলী ২০২৫ গৃহীত হয়। ইয়াৰ অধীনত গিগ কৰ্মীৰ পঞ্জীয়ন আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ব।
খচৰা প্ৰস্তাৱত কি কি সুবিধাৰ কথা উল্লেখ কৰা হৈছে?
- গিগ কৰ্মীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা হ’ব। অৰ্থাৎ তেওঁলোকে স্বাস্থ্য, জীৱন আৰু দুৰ্ঘটনাৰ বীমা লাভ কৰিব। ইয়াৰ বাবে গিগ কৰ্মীসকলে কমেও ৯০ দিন এটা এগ্ৰিগেটৰ অৰ্থাৎ এপৰ অধীনত কাম কৰিব লাগিব।
- যিসকলে একাধিক প্লেটফৰ্মত কাম কৰে, অৰ্থাৎ খাদ্য যোগান আৰু যাত্ৰী পৰিবহণ সেৱাৰ সৈতে জড়িতসকলে এটা বিত্তীয় বৰ্ষত কমেও ১২০ দিন কাম কৰিব লাগিব।
- গিগ কৰ্মীসকলে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰা দিনটোৰ পৰাই যিমানেই নহওক কিয়, তেওঁলোকক সেই এপ বা এগ্ৰিগেটৰৰ সৈতে জড়িত বুলি গণ্য কৰা হ’ব।
- যদি কোনোবাই একেদিনাই একাধিক প্লেটফৰ্মত কাম আৰম্ভ কৰে তেন্তে সেইটো দুটা পৃথক দিন হিচাপে গণ্য কৰা হ’ব। অৰ্থাৎ যদি কোনোবাই এদিনতে Swiggy আৰু Zomato ৰ কাম আৰম্ভ কৰে তেন্তে অভিজ্ঞতাৰ উদ্দেশ্যে দুদিন বুলি গণ্য কৰা হ’ব।
- ১৬ বছৰৰ ওপৰৰ সকলো গিগ কৰ্মীয়ে আধাৰ নম্বৰ আৰু অন্যান্য নথি-পত্ৰৰে পঞ্জীয়ন কৰিব লাগিব।
- এগ্ৰিগেটৰ অৰ্থাৎ তেওঁলোকে কাম কৰা এপটোৱে গিগ কৰ্মীসকলৰ তথ্য কেন্দ্ৰীয় পৰ্টেলত আপলোড কৰিব। এই তথ্যৰ ভিত্তিত এটা ইউনিভাৰ্চেল একাউণ্ট নম্বৰ সৃষ্টি কৰা হ’ব।
- প্ৰতিজন পঞ্জীয়নভুক্ত কৰ্মচাৰীক পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব। ডিজিটেল আৰু ফিজ্যিকেল দুয়োটা আইডি কাৰ্ড প্ৰদান কৰা হ’ব, য’ত এখন ফটো আৰু অন্যান্য সবিশেষ থাকিব। এই কাৰ্ড কেন্দ্ৰীয় পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব।
- কেন্দ্ৰীয় চৰকাৰে এনে এজন বিষয়া নিযুক্তি দিব যিয়ে এগ্ৰিগেটৰৰ পৰা বৰঙণি সংগ্ৰহ কৰিব। এই ধন সামাজিক সুৰক্ষা পুঁজি হিচাপে ৰখা হ’ব, যিটো গিগ কৰ্মী বা প্লেটফৰ্ম কৰ্মীৰ বাবে আবণ্টন দিয়া হ’ব।
- এই শ্ৰমিকসকলে ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে সামাজিক সুৰক্ষা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। যদি তেওঁলোকে ৯০ দিনতকৈ অধিক সময় কোনো এগ্ৰিগেটৰৰ সৈতে কাম কৰা নাই, বা ১২০ দিনতকৈ অধিক সময় এটাতকৈ অধিক এপত কাম কৰা নাই, তেন্তে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্যকে ধৰি সকলো সুবিধা লাভ কৰিব।
- কেন্দ্ৰীয় চৰকাৰে গিগ কৰ্মী আৰু প্লেটফৰ্ম কৰ্মীৰ মাজৰ পৰা পাঁচজন সদস্যক মনোনীত কৰিব, যিসকলে ৰোটেচন ভিত্তিত বিভিন্ন প্লেটফৰ্মৰ শ্ৰমিকক প্ৰতিনিধিত্ব কৰিব।