পিয়াহৰ পানীটুপিতো বৰবিহ, ১৫ জনৰ মৃত্যু দুই শতাধিক চিকিৎসাধীন, কি হৈছে ইন্দোৰত?
দূষিত পানী খোৱাৰ পিছত কমেও ১৫ জন লোকৰ মৃত্যু হৈছে আৰু শ শ লোক চিকিৎসাধীন হৈ আছে। বিষয়াসকলে জনোৱা মতে, ভাগীৰথপুৰাৰ মূল পানী যোগান পাইপলাইনত লিকেজ পোৱা গৈছে। উল্লেখযোগ্য যে ইয়াৰ ওপৰত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত সম্ভৱতঃ দূষিত পানী খোৱাপানীৰ সৈতে মিহলি হৈছিল।
পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। কিন্তু কেতিয়াবা এই পানীয়েই ল’ব পাৰে মানুহৰ প্ৰাণ। মধ্যপ্ৰদেশৰ ইন্দোৰত দূষিত পানী খাই যোৱা কেইদিনমানত ১৫ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১৫০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পানীৰ প্ৰদূষণ আৰু মৃত্যুক লৈ সমালোচনাৰ মাজতে জৰুৰী ব্যৱস্থা তীব্রতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে ৷
পৰীক্ষাত নিশ্চিত কৰা হৈছে যে এতিয়ালৈকে চাৰিজন লোকৰ ডায়েৰিয়াত মৃত্য়ু হৈছে, যিটো দূষিত পানীৰ বাবেই হৈছে: বিষয়াসকলে কয়। সোমবাৰৰ পৰা ভাগীৰথপুৰাৰ বাসিন্দাসকলে বমি, জ্বৰ আৰু ডায়েৰিয়াত ভোগা বুলি চিকিৎসালয়ত খবৰ দিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ চেক প’ষ্টৰ এটা শৌচাগাৰৰ নলাৰ পানী খোৱাপানীৰ পাইপত সোমোৱাৰ ফলত এই ঘটনা সংঘটিত হয়।
ইন্দোৰত কি হৈছে?
দূষিত পানী খোৱাৰ পিছত কমেও ১৫ জন লোকৰ মৃত্যু হৈছে আৰু শ শ লোক চিকিৎসাধীন হৈ আছে। বিষয়াসকলে জনোৱা মতে, ভাগীৰথপুৰাৰ মূল পানী যোগান পাইপলাইনত লিকেজ পোৱা গৈছে। উল্লেখযোগ্য যে ইয়াৰ ওপৰত এটা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত সম্ভৱতঃ দূষিত পানী খোৱাপানীৰ সৈতে মিহলি হৈছিল।
অভিযোগ অনুসৰি নিৰ্মাতাজনে শৌচাগাৰৰ আৱৰ্জনাবোৰ চেপ্টিক টেংক বনোৱাৰ পৰিৱৰ্তে গাঁত এটালৈ লৈ যায়। মৃত্যু হোৱা লোকৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰা হৈছে। মূল পানী পাইপলাইনত এই লিক ধৰা পৰাৰ ফলত অৱশেষত চাৰিওফালৰ অঞ্চলৰ পানী দূষিত হয়। এই কাণ্ডৰ পিছত চৰকাৰে এতিয়া ৰাজ্যত খোৱাপানীৰ আন্তঃগাঁথনিৰ বাবে এক মানক পৰিচালনা পদ্ধতি জাৰি কৰাৰ পৰিকল্পনা কৰিছে।
ভাগীৰথপুৰাৰ উপৰিও আন কেবাটাও স্থানত দূষিত পানী
কেৱল ভাগীৰথপুৰা অঞ্চলতে নহয়, সমগ্ৰ চহৰৰ ৫৯টা স্থানত খোৱাপানী দূষিত বুলি ধৰা পৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে পৌৰ নিগমলৈ তিনিখন পত্ৰ লিখি দূষিত পানীৰ বিষয়ে সকীয়াই দি এই অঞ্চলসমূহত বিশুদ্ধ পানী যোগান ধৰিবলৈ আহ্বান জনাইছিল।
প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ২০১৬-১৭ আৰু ২০১৭-১৮ চনৰ ভিতৰত সমগ্ৰ চহৰখনৰ ৬০টা স্থানৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰে। ২০১৯ চনত এই পৰীক্ষাৰ প্ৰতিবেদন আহিছিল, আৰু ৬০টা নমুনাৰ ভিতৰত ৫৯টা নমুনা পৰীক্ষাত বিফল হৈছিল। এই পৰীক্ষাত পানীত কলিফৰ্ম বেক্টেৰিয়া পোৱা গৈছে, যিটো স্বাস্থ্যৰ বাবে অত্যন্ত বিপজ্জনক বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বমি, ডায়েৰিয়া, পেটৰ বিষ আদি গুৰুতৰ ৰোগ হ’ব পাৰে।