শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

8th Pay Commission: নতুন বছৰ আৰম্ভ হ’ল, বৃদ্ধি পোৱা দৰমহা কেতিয়া পাব?

দেশৰ প্ৰায় ১ কোটি ১৯ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আশা আৰু বাঢ়িছে। সকলোৰে এটাই প্ৰশ্ন যে, অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধিৰ বাৰ্তা কেতিয়া আহিব?

8th Pay Commission: নতুন বছৰ আৰম্ভ হ’ল, বৃদ্ধি পোৱা দৰমহা কেতিয়া পাব?
manas-borah
Manas Borah | Updated On: 03 Jan 2026 18:41 PM

২০২৬ চনটো আৰম্ভ হৈছে। কেলেণ্ডাৰ সলনিৰ লগে লগে দেশৰ প্ৰায় ১ কোটি ১৯ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আশা আৰু বাঢ়িছে। সকলোৰে এটাই প্ৰশ্ন যে, অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা বৃদ্ধিৰ বাৰ্তা কেতিয়া আহিব? মুদ্ৰাস্ফীতিৰ এই যুগত প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰ ফিটমেণ্ট ফেক্টৰৰ পৰিৱৰ্তন আৰু তেওঁলোকৰ আয় সন্মানজনকভাৱে বৃদ্ধিৰ আশা কৰিছে।

দৰমহা বৃদ্ধিৰ তাৰিখক লৈ চলি থকা চৰ্চাৰ মাজতে সৰ্বভাৰতীয় এন পি এছ কৰ্মচাৰী ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ মঞ্জিত পেটেলে পৰিস্থিতি স্পষ্ট কৰাৰ চেষ্টা কৰিছে। তেওঁৰ মতে, যদি আমি কেৱল নিয়মাৱলী বিবেচনা কৰো তেন্তে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰিশোধৰ সময় বুলি ধৰা হয়। আইন অনুসৰি নতুন দৰমহাৰ সুবিধা এই তাৰিখৰ পৰা লাভ কৰিব লাগে।

কিন্তু চৰকাৰৰ কাম-কাজ প্ৰক্ৰিয়া আৰু পে কমিছনৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ লোৱা সময়ে এই বিষয়টো অস্পষ্ট কৰি তুলিছে । ড° পেটেলে বুজাই দিয়ে যে, চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে যিকোনো পে কমিছনে নিজৰ বিশদ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কমেও ১৮ মাহ সময় লাগে। প্ৰতিবেদন দাখিল কৰাৰ পিছতো কাম সম্পূৰ্ণ নহয়; তাৰ পিছত পৰামৰ্শসমূহৰ ওপৰত আলোচনা কৰা হয়, আৰু কেবিনেটৰ অনুমোদন লাভ কৰিবলৈ আৰু ছমাহ সময় লাগে। সমগ্ৰ গণনাটো যোগ কৰিলে এই প্ৰক্ৰিয়াত প্ৰায় দুবছৰ সময় লাগে। ফলস্বৰূপে ২০২৮ চনৰ ১ জানুৱাৰীৰ আশে-পাশে কৰ্মচাৰীসকলে বৃদ্ধি পোৱা দৰমহা লাভ কৰিব যেন লাগে।

যদিও ধাৰণাটোৱে ২০২৮ চনলৈ আঙুলিয়াই দিয়ে, ৰাজনীতিত সময়েই সকলো। কৰ্মচাৰী সংগঠনসমূহে আশা কৰিছে চৰকাৰে ইমান পলম নকৰে। ড০ পেটেলৰ বিশ্লেষণৰ পৰা অনুমান কৰিব পাৰি যে, ২০২৭ চনৰ মাজভাগ অৰ্থাৎ ২০২৭ চনৰ ১ জুলাইৰ ভিতৰত চৰকাৰে বৃদ্ধি কৰা দৰমহা ঘোষণা কৰিব পাৰে।

ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন। অনুমান কৰা হৈছে যে, উত্তৰ প্ৰদেশত নিৰ্বাচন ২০২৭ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ কথা। ফলস্বৰূপে চৰকাৰে কৰ্মচাৰীক অসন্তুষ্ট কৰিব নিবিচাৰিব। কৰ্মচাৰী সংগঠনসমূহৰ মতে, ইউ পিৰ নিৰ্বাচনী গতিশীলতাক লক্ষ্য কৰিলে চৰকাৰে ২০২৮ চনৰ বাবে অপেক্ষা নকৰি, ২০২৭ চনত নিজেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি দিব পাৰে আৰু ভাল খবৰটো আগবঢ়াব পাৰে।

বিগত বছৰৰ পৰিঘটনাবোৰ চালে পলম হোৱাৰ কাৰণবোৰ স্পষ্ট হৈ পৰে। ২০২৫ চনৰ ১৫ জানুৱাৰীত চৰকাৰে দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল যদিও প্ৰায় ১০ মাহ ধৰি ফাইলসমূহ স্থগিত ৰাখিছিল। ২৮ অক্টোবৰতহে চৰকাৰী অধিসূচনা জাৰি কৰা হয়, য’ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে, আয়োগে নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় পাব।

অক্টোবৰৰ পৰা ১৮ মাহ যোগ কৰিলে ২০২৭ চনৰ জুলাই মাহলৈকে সময়সীমা থাকিব। বিশেষজ্ঞসকলে কয় যে দিল্লী নিৰ্বাচনক কেন্দ্ৰ কৰি কৰা ঘোষণা, বিহাৰ নিৰ্বাচনৰ সময় (২০২৫) আশে-পাশে আয়োগৰ আনুষ্ঠানিক গঠন, ইউ পি নিৰ্বাচনৰ সময়ৰ আশে-পাশে ইয়াৰ কাৰ্যকৰীকৰণ এই সকলোবোৰেই এক পৰিকল্পিত কৌশলৰ অংশ হ’ব পাৰে। বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৃদ্ধি পোৱা দৰমহাৰ বাবে ২০২৭ চনৰ মাজভাগ বা ২০২৮ চনৰ আৰম্ভণিলৈকে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।