শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতত কেতিয়া চলিব বুলেট ট্ৰেইন? বছৰৰ প্ৰথমতেই স্থান আৰু তাৰিখ জনালে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে

নৱবৰ্ষৰ পহিলা দিনটোতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০২৭ চনৰ ভিতৰত বুলেট ট্ৰেইনখন সাজু হ’ব। ১৫ আগষ্টৰ পৰা ই কাৰ্যক্ষম হ’ব। প্ৰথমে চুৰাটৰ পৰা বিলিমোৰালৈ, তাৰ পিছত ভূপালৰ পৰা চুৰাটলৈ চলিব বুলেট ট্ৰেইন। তাৰ পিছত ভূপালৰ পৰা আহমেদাবাদলৈ আৰু অৱশেষত মুম্বাইৰ পৰা আহমেদাবাদলৈ এই ট্ৰেইন চলাচল কৰিব।'

ভাৰতত কেতিয়া চলিব বুলেট ট্ৰেইন? বছৰৰ প্ৰথমতেই স্থান আৰু তাৰিখ জনালে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে
কেতিয়া চলিব বুলেট ট্ৰেইনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 02 Jan 2026 19:09 PM

ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন চলাচলক কেন্দ্ৰ কৰি উৎকণ্ঠাৰ অন্ত নাই। ইফালে ৰে’ল মন্ত্ৰালয়ে প্ৰতিবাৰেই সম্ভাৱ্য তাৰিখ ঘোষণা কৰাত পলম কৰিবলগীয়া হৈছে। কিন্তু নতুন বছৰৰ প্ৰথম দিনটোতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধিক আত্মবিশ্বাসী দেখা গ’ল এই ক্ষেত্ৰত। তেওঁ ঘোষণা কৰিলে দেশৰ প্ৰথমখন বুলেট ট্ৰেইন চলাচলৰ দিন। এই বুলেট ট্ৰেইনখন মুম্বাই-আহমেদাবাদ তীব্ৰবেগী ৰে’ল কৰিড’ৰত কেতিয়া চলিব তাৰ সঠিক তাৰিখৰ কথা ঘোষণা কৰিছে অশ্বিনী বৈষ্ণৱে।

নৱবৰ্ষৰ পহিলা দিনটোতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০২৭ চনৰ ভিতৰত বুলেট ট্ৰেইনখন সাজু হ’ব। ১৫ আগষ্টৰ পৰা ই কাৰ্যক্ষম হ’ব। প্ৰথমে চুৰাটৰ পৰা বিলিমোৰালৈ, তাৰ পিছত ভূপালৰ পৰা চুৰাটলৈ চলিব বুলেট ট্ৰেইন। তাৰ পিছত ভূপালৰ পৰা আহমেদাবাদলৈ আৰু অৱশেষত মুম্বাইৰ পৰা আহমেদাবাদলৈ এই ট্ৰেইন চলাচল কৰিব।’

২০২৭ চনত বুলেট ট্ৰেইন আৰু হাই স্পীড ৰেল কৰিড’ৰৰ উদ্বোধনী অনুষ্ঠানত এই ৰে’লখন ভূপালৰ পৰা চুৰাটলৈ ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত চলিব বুলি জনাইছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে অশ্বিনী বৈষ্ণৱে এই পথত প্ৰথমে ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লখন চলিব বুলি উল্লেখ কৰিছিল। কিন্তু সময়ৰ লগে লগে দূৰত্ব বৃদ্ধি পাইছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, “মুম্বাইৰ পৰা আহমেদাবাদলৈ দূৰত্ব ৫৪০ কিলোমিটাৰ। কিন্তু এই দুখন চহৰক তীব্ৰবেগী ৰে’ল কৰিড’ৰৰ জৰিয়তে মাত্ৰ ১ ঘণ্টা ৫৮ মিনিটতে সংযোগ কৰিব পৰা যাব। এই সময়ছোৱাত মুঠ ৪টা ষ্টপ আছে। কিন্তু যদি ৰেলখন ১২টা ষ্টপেজতে ৰ’বলগীয়া হয়, তেন্তে ২ ঘণ্টা ১৭ মিনিট সময় লাগিব।”

এই সন্দৰ্ভত ২০০৯-১০ বিত্তীয় বৰ্ষৰ ৰে’ল বাজেটত প্ৰথমে মুম্বাই-আহমেদাবাদ ৰে’ল কৰিডৰৰ কথা উল্লেখ কৰা হৈছিল। কিন্তু ইয়াৰ ৰূপায়ণত বহু সময় লাগিছে। এতিয়াও অব্যাহত আছে নিৰ্মাণৰ কাম। অহা বছৰৰ মাজভাগৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে। যোৱা বছৰৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুৰাটৰ নিৰ্মাণ অংশ পৰিদৰ্শন কৰিবলৈ গৈছিল। সেই সময়ত তেওঁ এই প্ৰকল্প আৰু প্ৰতিটো স্তৰতে কাম কৰা শ্ৰমিকসকলক প্ৰশংসাৰে উপচায় দিয়ে। এতিয়া সকলোৰে অপেক্ষা দেশৰ প্ৰথমখন বুলেট ট্ৰেইন চলাচললৈ।