Maharashtra CM Oath Taking: আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান! প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ,উদ্যোগপতি আম্বানীৰ লগতে উপস্থিত থাকিব বহু বিশিষ্ট ব্যক্তি
Devendra Fadnavis/Ajit Pawar Swearing in Ceremony: মুম্বাইত শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৪২,০০০ লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ লগতে ৯ৰ পৰা ১০জন কেন্দ্ৰীয় মন্ত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও, ১৯জন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও অনুষ্ঠানৰ অংশ হ'ব।

অৱশেষত দীঘলীয়া অপেক্ষাৰ অন্তত মহাৰাষ্ট্ৰত গঠন হ’ব নতুন চৰকাৰ। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে। বৃহস্পতিবাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানটোত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
বুধবাৰে দেৱেন্দ্ৰ ফাড়নাবিছ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত, মহাযুটি মিত্ৰজোঁটে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী জনায় ৰাজ্যপালে ফাড়নাবিছক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে আৰু তেওঁ আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) নেতা অজিত পাৱাৰ আৰু দুজন উপ-মুখ্যমন্ত্ৰীয়েও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
দ্বিতীয়গৰাকী উপ-মুখ্যমন্ত্ৰী কোন হ’ব?
অৱশ্যে, অজিত পাৱাৰৰ বাহিৰে কোনে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। বিদায়ী মুখ্যমন্ত্ৰী একনাথ সিন্দে নতুন মন্ত্ৰীসভাৰ অংশ হ’ব নে নাই সেই বিষয়ে কোনো স্পষ্টতা নাছিল। অৱশ্যে ফাড়নাভিছে আগতে কৈছিল যে তেওঁ একনাথ সিন্দেক চৰকাৰত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল।
অতিথিৰ তালিকা
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
- কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰাজনাথ সিং আদি
- এনডিএ শাসিত ৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰী/উপ-মুখ্যমন্ত্ৰী
- উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ, ৰাজ্যখনৰ অন্যান্য বিশিষ্ট ৰাজনৈতিক নেতা
- মুকেশ আম্বানীকে ধৰি ৬জন মুখ্য উদ্যোগপতি
- মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেকে ধৰি আন নেতা
- ১০০তকৈও অধিক আধ্যাত্মিক গুৰু
- মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত ব্যক্তি
- শিক্ষা আৰু সাহিত্যৰ প্ৰখ্যাত ব্যক্তি
- বিজেপি, এনচিপি আৰু শিৱসেনাকৰ্মী
বিজেপি নেতা প্ৰসাদ লাডে দাবী কৰিছে যে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় ৪২,০০০ লোক উপস্থিত থাকিব। তেওঁ লগতে কয় যে, “প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ লগতে ৯ৰ পৰা ১০জন কেন্দ্ৰীয় মন্ত্ৰীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও, ১৯জন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও অনুষ্ঠানটোৰ অংশ হ’ব।” তেওঁ আকৌ কয়, “৪০,০০০ তকৈও অধিক বিজেপি সমৰ্থকৰ বাবে বিশেষ আসন ৰখাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে বিভিন্ন ধৰ্মৰ নেতাকে ধৰি ভিভিআইপিৰ(VVIP) বাবে ২,০০০ আসনৰ ব্যৱস্থা কৰা হৈছে।
কঠোৰ নিৰাপত্তা ব্যৱস্থা
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, নিৰ্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ, নানা পাটোলে আৰু আন কেইবাজনো বিৰোধী নেতাক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰিও, বিখ্যাত উদ্যোগপতি মুকেশ আম্বানীৰ লগতে বহুতো বিখ্যাত ব্যক্তিত্বকো আমন্ত্ৰণ জনোৱা হৈছে। অনুষ্ঠানটোত হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ কেইজনমান ডাঙৰ মুখো উপস্থিত থাকিব। এইটো কোৱা হৈছে যে গায়ক কৈলাশ খেৰে এই সময়ত অনুষ্ঠান পৰিৱেশন কৰিব পাৰে।
আৰক্ষীয়ে জনোৱা মতে, শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৪,০০০তকৈও অধিক আৰক্ষী কৰ্মী। ইয়াৰ বেবে কমেও ৩,৫০০ আৰক্ষী আৰু ৫২০জন বিষয়া মোতায়েন কৰা হৈছে।