শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণণ, RSS ৰ পৰা আৰম্ভ হৈছিল যাত্ৰা…

অৱশেষত NDA ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। ঘোষণা অনুসৰি চিপি ৰাধাকৃষ্ণণ হ'ব এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল।

NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণণ, RSS ৰ পৰা আৰম্ভ হৈছিল যাত্ৰা…
চিপি ৰাধাকৃষ্ণণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 17 Aug 2025 20:41 PM

বহু অপেক্ষাৰ অন্তত ঘোষণা হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ নাম। মহাৰাষ্ট্ৰ বৰ্তমানৰ ৰাজ্যপাল চিপি ৰাধাকৃষ্ণণ হ’ব NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। বিজেপিৰ সংসদীয় বৰ্ডত অনুমোদন জনোৱা পাছতে ঘোষণা কৰা হয় তেওঁৰ নাম। জানিব পৰা মতে, বহু আলোচনাৰ অন্তত সংসদীয় কমিটীয়ে তেওঁৰ নাম ঘোষণা কৰে। চি পি ৰাধাকৃষ্ণন তামিলনাডুৰ বাসিন্দা। এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই কয় যে, “NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী ঠিক কৰা হৈছে। সৰ্বসন্মতিক্ৰমে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আমাৰ প্ৰাৰ্থী হ’ব চি পি ৰাধাকৃষ্ণন। বৰ্তমান তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল”।

দুবাৰকৈ সাংসদ

তেওঁৰ সম্পূৰ্ণ নাম চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণণ। তেওঁ দুবাৰকৈ সাংসদ (১৯৯৮, ১৯৯৯) হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৫৭ চনৰ ২০ অক্টোবৰত তামিলনাডুৰ তিৰুপপুৰত জন্মগ্ৰহণ ৰাধাকৃষ্ণণ বিজেপিৰ এগৰাকী জ্যেষ্ঠ আৰু পুৰণি নেতা। তেওঁ ২০২৪ চনৰ ৩১ জুলাইৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ ৩০ জুলাইলৈ তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপালৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিজেপিৰ অধ্যক্ষ

সাংসদৰ উপৰি ৰাধাকৃষ্ণণে ৰাজ্যিক বিজেপিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০০৩ চনৰ পৰা ২০০৬ চনলৈ তেওঁ তামিলনাডু বিজেপিৰ অধ্যক্ষ আছিল। কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ ভিত্তিত সংঘ আৰু বিজেপিত নিজৰ স্থান দখল কৰা এজন বিশিষ্ট ৰাজনীতিবিদ চি পি ৰাধাকৃষ্ণণ। তামিলনাডুত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান বহুত। সাধাৰণ কৰ্মীৰ পৰা আৰম্ভ কৰি এতিয়া বিজেপিৰ উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

RSS ৰ সৈতে সম্পৰ্ক

আৰ এছ  এছৰ সৈতে সম্পৰ্ক আছিল এইগৰাকী নেতাৰ। চি পি ৰাধাকৃষ্ণনে ১৯৭৩ চনত ১৬ বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল। তাৰ পাছত তেওঁ ১৯৭৪ চনত ভাৰতীয় জনসংঘৰ তামিলনাডু ৰাজ্যিক কাৰ্যবাহীৰ সদস্য হয়। ১৯৯৬ চনত তেওঁ তামিলনাডু বিজেপিৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে। আৰ এছ এছৰ পৰা আৰম্ভ হোৱা এই ৰাজনীতিক যাত্ৰা এতিয়া উপ-ৰাষ্ট্ৰপতিৰ পদলৈ গতি কৰিছে। দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহাৰ পাছত এতিয়া ৰাধাকৃষ্ণণ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

 

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভিত জনতা! হোৱাইট হাউচৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ…