ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভিত জনতা! হোৱাইট হাউচৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ…
এক পুৰণি নীতি গ্ৰহণ কৰি ট্ৰাম্পে লৈছে এক ডাঙৰ সিদ্ধান্ত। ৱাশ্বিংটন ডিচিত নিয়োগ প্ৰায় ৮০০ নেশ্যনেল গাৰ্ড। ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

আমেৰিকাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে ৱাশ্বিংটন ডিচিত নেশ্যনেল গাৰ্ড মোতায়েনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সিদ্ধান্ত বাতিলৰ দাবী জনায়। জানিব পৰা মতে, যোৱা ১২ আগষ্টত ৰাষ্ট্ৰপতি ট্ৰাম্পে ৱাশ্বিংটনত ৮০০ নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ নিৰ্দেশ দিছিল । ৰাজধানীখনত অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৈছিল ট্ৰাম্পে।
কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে জাঙুৰ খাই উঠে একাংশই আৰু আজি প্ৰতিবাদ সাব্যস্ত কৰে। ৱাশ্বিংটনৰ এই ৰেলী ডুপণ্ট চাৰ্কলৰ পৰা আৰম্ভ হয়। প্ৰতিবাদকাৰীসকেল Shame on you, ট্ৰাম্প এতিয়া যাব লাগি আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকল ‘ক্ৰাইম ইমাৰ্জেন্সি’ ঘোষণা কৰা ট্ৰাম্পৰ নিৰ্দেশ বাতিল কৰাৰ দাবী জনাই আৰু হোৱাইট হাউচৰ পিনে গতি কৰে। অৱশ্যে ডিচি মেট্ৰ’পলিটান পুলিচৰ বিষয়াসকলে আঁতৰৰ পৰাই প্ৰতিবাকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। প্ৰতিবাদৰ ফলত কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ খবৰ এতিয়ালৈকে অহা নাই।
এই প্ৰতিবাদৰ দুদিন পূৰ্বে এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে টেৰী ক’লক ‘ইমাৰজেন্সী পুলিচ কমিচনাৰ’ হিচাপে নিযুক্তি দিবলৈ চেষ্টা কৰিছিল। কোৱা হৈছিল যে, ক’লক ডিচি আৰক্ষীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ দিয়া হ’ব। কিন্তু ইয়াৰ বিৰুদ্ধে এটৰ্নী জেনেৰেল ব্রায়ান শ্বৱালবে ফেডাৰেল আদালতত আবেদন জনায় আৰু পাছত প্ৰশাসনে এই সিদ্ধান্ত বাতিল কৰে।
একাংশ প্ৰতিবাদকাৰীয়ে কয় যে, ডিচি আৰক্ষী ব্যৱস্থাত ট্ৰাম্পৰ প্ৰভাৱ বৃদ্ধি আৰু নেশ্যনেল গাৰ্ডৰ জোৱানৰ উপস্থিতিৰ বাবে উদ্বেগ বৃদ্ধি পাইছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে হোৱাইট হাউচে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।
ইফালে, শনিবাৰে পশ্চিম ভাৰ্জিনিয়াৰ গৱৰ্ণৰ পেট্ৰিক মৰিছে ট্ৰাম্পৰ এই কাৰ্যৰ সমৰ্থনত ৩০০ৰ পৰা ৪০০ নেশ্যনেল গাৰ্ড ৱাশ্বিংটনলৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে। দক্ষিণ কেৰ’লিনাৰ পৰা ২০০ জন নেশ্যনেল গাৰ্ড আৰু অহাইঅ’ৰ পৰা ১৫০ জন গাৰ্ড ৱাশ্বিংটনত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ৱাশ্বিংটনত ৮০০ টা নেচনেল গাৰ্ড নিয়োগ কৰা হৈছে। এইসমূহ ৰাষ্ট্ৰপতিৰ নিয়ন্ত্ৰণত আছে।
৫২ বছৰীয়া নিয়মৰ ব্যৱহাৰ
ৰাষ্ট্ৰপতি ট্ৰাম্পে ১৯৭০ চনৰ হোম ৰুল আইন ব্যৱহাৰ কৰিছে। ইয়াৰ অধীনত ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থাত ৪৮ ঘণ্টাত চবৰৰ আৰক্ষী নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হয়। যদি ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত ৱাশ্বিংটন ডিচিৰ সৈতে জড়িত আইন প্ৰণয়ন কৰা সংসদীয় সমিতিসমূহক জনাই, তেন্তে তেওঁ এই অধিকাৰ দীৰ্ঘদিনলৈ ৰাখিব পাৰিব।
অন্য খবৰ পঢ়কঃ বিশ্বনাথৰ উচ্ছেদ অভিযানৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদলৈ, আজিৰ দিনটোৰ খবৰ…