পুনৰ Covid-19 ৰ ভয়াবহ ৰূপ! দেশত শ শ লোক আক্ৰান্ত কোৰোনাত…
Covid 19: দেশত পুনৰ বৃদ্ধি কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, গুজৰাট, হাৰিয়ানা আৰু কৰ্ণাটকৰ লগতে বিভিন্ন ঠাইৰ পৰা এনে খবৰ পোহৰলৈ আহিছে।

দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ২০২০ চনত কোৰোনাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল। য’ত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল। কেইটামান বছৰ কোৰোনাৰ পৰা মানুহে কিছু পৰিমাণে পৰিত্ৰাণ লাভ কৰিছিল যদিও নতুন ভেৰিয়েন্টে চিন্তাত পেলাইছে বিভিন্নজনক। শেহতীয়াকৈ কেইবাখনো ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰোনাৰ JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, গুজৰাট, হাৰিয়ানা আৰু কৰ্ণাটকৰ লগতে বিভিন্ন ঠাইৰ পৰা এনে খবৰ পোহৰলৈ আহিছে। নতুন ভেৰিয়েন্টত আক্ৰান্ত ৰোগীৰ সংখ্যা পোহৰলৈ অহাৰ পাছতে এতিয়া স্বাস্থ্য বিভাগ এলাৰ্ট মোডত আছে। বিগত ২৪ ঘন্টাত কেৱল মহাৰাষ্ট্ৰতে ৪৫ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। ইয়াৰে ৩৫ জন মুম্বাইৰ হোৱাৰ বিপৰীতে ৪ জন পুনেৰ, ২ জন কলহাপুৰৰ, ২ জন ৰাইগাডৰ আৰু ১ জন লাটুৰৰ আৰু ১ জন থানেৰ। ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে ৰাজ্যখনত মুঠ ৬৮১৯ জন লোকৰ Covid ৰ পৰীক্ষা কৰা হৈছে, ইয়াৰে ২১০ জন লোকৰ পজিটিভ ধৰা পৰিছে। এই সময়চোৱাত মুম্বাইৰ মুঠ ১৮৩ জন ৰোগীৰ ভিতৰত ৮১ জন আৰোগ্য হৈছে আৰু বাকীসকলৰ দেহত সামান্য কিছু লক্ষণ দেখা পোৱা গৈছে।
যোৱা ২৩ মে’ত বেংগালুৰত এটি ৯ মহীয়া শিশু কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰোপৰি তেলেংগানাত নতুনকৈ এজন কোৰোনাত আক্ৰান্ত ৰোগী পোহৰলৈ আহিছে।। ইয়াৰ সমান্তৰালকৈ গাজিয়াবাদতো কোৰোনাত আক্ৰান্ত ৪ জন ৰোগী পোহৰলৈ আহিছে। ৰাজধানী দিল্লীটো বহু লোক কোৰোনাত আক্ৰান্ত হৈছে।বৰ্তমান সময়ত ৰাজধানী দিল্লীত ২৩ জন সক্ৰিয় ৰোগী আছে। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী পংকজ সিঙে স্থিতিৰ ওপৰত নজৰ ৰাখি স্বাস্থ্য বিভাগক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
এই পৰ্যন্ত কেৰালাত মে’ মাহত ২৭৩ গৰাকী ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আন ৰাজ্যৰ তুলনাত ইয়াৰ পৰিমাণ বেছি। উল্লেখ্য যে, কেৱল ভাৰততে নহয় ,সমগ্ৰ বিশ্বত পুনৰ এবাৰ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। থাইলেণ্ড, চীন, হংকং আৰু ছিংগাপুৰত অধিকাংশ ৰোগী ধৰা পৰিছে। এইবাৰ কোৰোনাৰ নতুন ভেৰিয়েন্টে মানুহক বহুত বেছি শংকাত পেলাইছে। ইয়াক JN.1 বুলি জনা যায়। JN.1 ভেৰিয়েন্টৰ ফলত নাকত পানী ওলোৱা, কাহ, মূৰৰ বিষ, জ্বৰ আৰু কিছুমান ক্ষেত্ৰত গোন্ধ হেৰুৱাও হয়।
অন্য খবৰ পঢ়কঃ চাহ আৰু কফিয়ে মানসিক চাপ কম কৰে নেকি? জানক চিকিৎসকৰ পৰা…