শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিয় কোম্পানীয়ে বিচাৰিছে কৰ্মচাৰীৰ পৰা বিদ্যুতৰ বিল? জানক কাৰণ…

কোম্পানীসমূহে বিভিন্ন সময়ত বহু পদক্ষেপ গ্ৰহণ কৰে। শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে Infosys য়ে। তেওঁলোকে ঘৰৰ পৰা কাম কৰা কৰ্মচাৰীসকলৰ পৰা বিদ্যুতৰ বিল বিচাৰিছে। বিশেষ কাৰণত বিচাৰিছে এই বিল।

কিয় কোম্পানীয়ে বিচাৰিছে কৰ্মচাৰীৰ পৰা বিদ্যুতৰ বিল? জানক কাৰণ…
কোম্পানীImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 26 Jan 2026 13:08 PM

কোৰোনা মহামাৰীয়ে দেশত তাণ্ডৱ সৃষ্টি কৰাৰ পাছতে কেইবাটাও কোম্পানীয়ে কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ সুযোগ প্ৰদান কৰি আহিছে। এনে এটা কোম্পানী হ’ল ইনফ’ছিছ (Infosys)। কিন্তু শেহতীয়াকৈ কোম্পানীটোৱে আন এটা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, কোম্পানীটোৱে কৰ্মচাৰীসকলৰ পৰা বিদ্যুতৰ বিল বিচাৰিছে। উল্লেখ্য যে কোম্পানীয়ে কৰ্মচাৰীসকলক কেইমিনিটমান সময় উলিয়াই কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ অনুৰোধ জনাইছে। তাতেই বিদ্যুতৰ বিলৰ কথাও উল্লেখ আছে।

শেহতীয়াকৈ এটা ইমেইলযোগে ইনফ’ছিছৰ মুখ্য বিত্তীয় বিষয়া (CFO) জয়েশ সংঘৰাজকাই কৰ্মচাৰীসকলক জনাইছে যে কোম্পানীয়ে বিদ্যুৎ ব্যৱহাৰৰ ওপৰত এক সমীক্ষা আৰম্ভ কৰিছে। দীৰ্ঘদিন ধৰি ইনফ’ছিছে এই সমীক্ষা চলাই আহিছে। কিন্তু এইবাৰ তেওঁলোকে ঘৰৰ পৰা কাম কৰাত বিদ্যুতৰ ব্যৱহাৰৰ বিষয়টো সেই সমীক্ষাৰ পৰিসৰৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে।

ইনফ’ছিছৰ চিএফঅ’ই কৰ্মচাৰীসকলক কয়, “হাইব্ৰিড মোডত কাম কৰাতো এতিয়া এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। সেয়ে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ এতিয়া কেৱল কাৰ্যালয়ৰ চৌহদতে সীমাবদ্ধ নহয়, আমাৰ ঘৰতো সীমাবদ্ধ হৈ পৰিছে।ঘৰৰ পৰা কাম কৰাৰ সময়ত ব্যৱহাৰ কৰা বিদ্যুৎ শক্তিয়েও ইনফ’ছিছৰ সেউজ গৃহ গেছ নিৰ্গমনত অৰিহণা যোগায়।” লগতে তেওঁ মন্তব্য কৰে যে বিদ্যুৎ ব্যৱহাৰৰ সঠিক তথ্য সংগ্ৰহ কৰাটো অতি গুৰুত্বপূৰ্ণ।

উল্লেখ কৰা প্ৰয়োজন যে, বেংগালুৰুস্থিত এই চফটৱেৰ কোম্পানীটোত তিনি লাখৰো অধিক কৰ্মচাৰী নিয়োজিত। চি এফ অগৰাকীয়ে আৰু কয় যে ইনফ’ছিছে নিৰ্ধাৰিত সময়ৰ আগতেই কাৰ্বন নিউট্ৰেলিটি লাভ কৰিছে, যাৰ ফলত ২০০৮ চনৰ পৰা জনমূৰি বিদ্যুতৰ ব্যৱহাৰ ৫৫ শতাংশ হ্ৰাস পাইছে।ইনফ’ছিছৰ কৰ্মচাৰীসকলে দাবী কৰে যে এই সমীক্ষাৰ মূল উদ্দেশ্য হৈছে বিদ্যুৎ ৰাহি কৰা আৰু এই বিষয়ত সজাগতা বৃদ্ধি কৰা।

এই সমীক্ষাত ঘৰত কিমান দিনলৈ ফেন, এচি, হিটাৰ চলি থাকে, কিমান লাইটিং ব্যৱহাৰ কৰা হয়, সৌৰশক্তি ব্যৱহাৰ কৰা হয় নে নহয়, অন্যান্য বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰা হয় নে নহয় আদি প্ৰশ্ন কৰা হৈছে। কৰ্মচাৰীসকলকো সোধা হয় যে তেওঁলোকে ঘৰতে বিদ্যুৎ ৰাহিৰ বাবে কোনো ব্যৱস্থা লৈছে নেকি। কোম্পানীটোৰ মতে, আজিৰ সময়ত এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ।

 

অন্য খবৰ পঢ়কঃ LIC ৰ বিশেষ আঁচনিঃ মাত্ৰ ১,৪০০ টকা জমা কৰি লাভ কৰক ২৫ লাখ টকা! জানক কেনেকৈ…