শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bullet train in India: কেতিয়াৰ পৰা ভাৰতৰ ৰে’লপথত চলিব বুলেট ট্ৰেইন?

Bullet train in India: ভাৰতত কেতিয়া চলিব বুলেট ট্ৰেইন? বুলেট ট্ৰেইনত যাত্ৰা কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দেশবাসীয়ে। কিন্তু এই প্ৰকল্প সম্পূৰ্ণ হ'বলৈ লাগিব আৰু কেইটামান বছৰ। কেন্দ্ৰীয় ৰে'লমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বিশেষ তথ্য।

Bullet train in India: কেতিয়াৰ পৰা ভাৰতৰ ৰে’লপথত চলিব বুলেট ট্ৰেইন?
প্ৰতীকী ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 24 Jul 2025 19:01 PM

সমগ্ৰ দেশেই অপেক্ষা কৰি আছে বুলেট ট্ৰেইনৰ বাবে। প্ৰথম অৱস্থাত মুম্বাই-আহমেদাবাদ পথত মুকলি কৰা হ’ব এই ৰে’লখন। কেতিয়া সম্পূৰ্ণ হ’ব এই তীব্ৰবেগী ৰে’ল প্ৰকল্প, কেতিয়া দেশত চলিব বুলেট ট্ৰেইন? সেই কথা ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

৫০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটো ২০২৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বুলেট ট্ৰেইন প্ৰকল্পটো যথেষ্ট জটিল। কাৰিকৰীভাৱে ই বৰ সহজ নহয়। এই প্ৰকল্পৰ সৈতে জড়িত সকলো নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে এই ৰে’লখন চলিব। ট্ৰেক, বৈদ্যুতিক ব্যৱস্থা, চিগনেলিং আৰু টেলিকমিউনিকেচন ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ বাবে অপেক্ষা কৰিব লাগিব।

জাপান চৰকাৰৰ কাৰিকৰী আৰু আৰ্থিক সাহায্যত MAHSR নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটো গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ মাজেৰে পাৰ হৈ যায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে মুম্বাই, থানে, বিৰাৰ, বৈছাৰ, ভাপি, বিলিমোৰা, চুৰাট, ভাৰুচ, বদোদৰা, আনন্দ, আহমেদাবাদ আৰু সাবৰমতীত ১২টা ষ্টেচন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ লগতে কয় যে যোৱা ৩০ জুনলৈকে এই প্ৰকল্পৰ বাবে মুঠ ৭৮,৮৩৯ কোটি টকা ব্যয় কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহাৰাষ্ট্ৰৰ ভূমি অধিগ্ৰহণত পলম হোৱাৰ বাবে প্ৰকল্পটো বহুদিন স্তব্ধ হৈ আছিল। কিন্তু এতিয়া এম এইচ এছ আৰ প্ৰকল্পৰ বাবে ১৩৮৯.৫ হেক্টৰ ভূমি অধিগ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত ৩৯২ কিলোমিটাৰ পিয়াৰ নিৰ্মাণ কৰা হৈছে, ৩২৯ কিলোমিটাৰ গাৰ্ডাৰ কাষ্ট কৰা হৈছে আৰু ৩০৮ কিলোমিটাৰ গাৰ্ডাৰ লঞ্চ কৰা হৈছে। সাগৰৰ তলত সুৰংগ নিৰ্মাণৰ কামো আৰম্ভ হৈছে।