নিজৰ বিপদ মাতি আনিছে পাকিস্তানেঃ ভাৰতৰ পিছত এইবাৰ বেলুচ বিদ্ৰোহীয়ে চলালে আক্ৰমণ..
এইবাৰ বেলুচিস্তানত থকা বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানী সেনাৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে। লগতে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ গেছ পাইপলাইন এটাও উৰুৱাই দিছে বেলুচ বিদ্ৰোহীয়ে। অৰ্থাৎ এতিয়া ভাৰতীয় আক্ৰমণৰ লগতে আভ্যন্তৰীণ শত্ৰুৰ বিপক্ষেও যুঁজ দিব লগা হৈছে পাকিস্তানে।

ভাৰতৰ আক্ৰমণত জুৰুলা হোৱা পাকিস্তানে এইবাৰ আভ্যন্তৰীণভাৱেও আন এক যুঁজৰ সন্মুখীন হৈছে। পাকিস্তানে ভাৰতত আক্ৰমণৰ বৃথা চেষ্টা চলোৱাৰ পিছতে ভাৰতে দেশখনৰ কেইবাখনো মূল চহৰত প্ৰত্যাক্ৰমণ চলাইছে। এইবাৰ বেলুচিস্তানত থকা বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানী সেনাৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে। লগতে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ গেছ পাইপলাইন এটাও উৰুৱাই দিছে বেলুচ বিদ্ৰোহীয়ে। অৰ্থাৎ এতিয়া ভাৰতীয় আক্ৰমণৰ লগতে আভ্যন্তৰীণ শত্ৰুৰ বিপক্ষেও যুঁজ দিব লগা হৈছে পাকিস্তানে।
সূত্ৰ অনুসৰি বেলুচিস্তানৰ বহু ঠাইত পাকিস্তান সেনাৰ ফৰৱাৰ্ড পোষ্টক লক্ষ্য কৰি গধুৰ অস্ত্ৰৰে আক্ৰমণ চলায় বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। এই আক্ৰমণত পাকিস্তানী সেনা গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছে, বৰ্তমান সময়ত নিহত সৈনিকৰ সংখ্যাৰ কোনো স্পষ্ট তথ্য অৱশ্যে পোহৰলৈ অহা নাই। বিশেষজ্ঞসকলৰ মতে অপাৰেচন সেন্দুৰৰ পিছত পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হৈছে আৰু এই আভ্যন্তৰীণ বিদ্ৰোহে পাকিস্তানক আৰু অধিক অস্থিৰ কৰি তুলিছে।
বেলুচ লিবাৰেশ্যন আৰ্মীৰ এই আক্ৰমণে এইসময়ত বিশেষ তাৎপৰ্য বহন কৰিছে। দীৰ্ঘদিন ধৰি পৃথক বেলুচিস্তান গঠনৰ দাবীৰে পাকিস্তানৰ বিপক্ষে সশস্ত্ৰ বিদ্ৰোহ চলাই আহিছে বেলুচ বিদ্ৰোহী সংগঠনটোৱে আৰু এতিয়া ভাৰতৰ প্ৰত্যাক্ৰমণৰ স্পষ্ট সুযোগ গ্ৰহণ কৰিছে। বিশ্লেষকসকলৰ মতে যদি পাকিস্তানে বেলুচিস্তানৰ পৰিস্থিতিক গুৰুত্বসহকাৰে নলয়, তেতিয়া এই আক্ৰমণসমূহ বৃহৎ পৰিসৰত সংঘটিত হ’ব পাৰে।
ইতিমধ্যেই অপাৰেচন সেন্দুৰৰ বাবে পাকিস্তানৰ শাসন ব্যৱস্থাৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। ভাৰতে গ্ৰহণ কৰা প্ৰতিশোধমূলক ব্যৱস্থাত পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ক্ষেপণাস্ত্ৰ উৎক্ষেপণ স্থানৰ যথেষ্ট ক্ষতি হৈছে। এতিয়া বেলুচিস্তানত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণে পাকিস্তান চৰকাৰৰ আভ্যন্তৰীণ দুৰ্বলতা আৰু অধিক উদঙাই দিছে।