শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২৫ বছৰে খেলা নাই নিৰ্বাচন, তথাপিও বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদীত নীতিশৰ সৰ্বাধিক কাল

২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। বিহাৰৰ বিধানসভা নিৰ্বাচনত যোৱা ২৫ বছৰে প্ৰতিদ্বন্দ্বিতা কৰা নাাই নীতিশে। এইবাৰো তেওঁ বিহাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে। কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ?

২৫ বছৰে খেলা নাই নিৰ্বাচন, তথাপিও বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদীত নীতিশৰ সৰ্বাধিক কাল
বিহাৰৰ সৰ্বাধিক কালৰ মুখ্যমন্ত্ৰী
raj-saikia
Raj Saikia | Published: 15 Nov 2025 13:18 PM

দেশৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰে বিহাৰৰ ৰাজনীতিয়ে। লালু প্ৰসাদ যাদৱেই হওক বা নীতিশ কুমাৰ, বিহাৰ ৰাজনৈতিক চৰ্চাৰ এক কেন্দ্ৰবিন্দু স্বৰূপ। বিহাৰৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ ৰচিছে এজন ব্যক্তিয়ে। আগন্তুক ৫ বছৰলৈ তেওঁক মুখ্যমন্ত্ৰী হিচাপে দেখা পোৱাৰো প্ৰবল সম্ভাৱনা। শুকুৰবাৰে (১৪ নৱেম্বৰ) ঘোষণা কৰা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত এন ডি এৰ ধুমুহাত কাৰ্যতঃ উফৰি গৈছে বিৰোধী দল। আৰু এই ফলাফলৰ পিছত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। তেওঁৰ নামত বিহাৰত দেখা গৈছে বিশেষ পোষ্টাৰ। য’ত তেওঁক কোৱা হৈছে ‘টাইগাৰ আভী জিন্দা হায়’ ।

এই নিৰ্বাচনত বিজেপিৰ সমান্তৰালকৈ ব্যাপক সফলতা লাভ কৰিছে নীতিশ কুমাৰৰ দল জেডি(ইউ)এ। কিন্তু, আপুনি জানেনে নীতিশ কুমাৰ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল এই নিৰ্বাচনত। কেৱল এইবাৰেই নহয়, ২০০০ চনত যেতিয়া নীতিশ কুমাৰ বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল, তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। দৰাচলতে বিহাৰৰ বিধানসভা নিৰ্বাচনত যোৱা ২৫ বছৰে প্ৰতিদ্বন্দ্বিতা কৰা নাাই নীতিশে। কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ?

ইয়াৰ উত্তৰ পাবলৈ অলপ পিছলৈ ঘূৰি যাব লাগিব। ১৯৮৫ চনত বিহাৰত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত জয়ী হৈছিল নীতিশ। হৰ্নাথ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ। ১৯৯৫ চনত সেই সমষ্টিৰ পৰা শেষবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু, তেওঁ জয়ী হ’ব নোৱাৰিলে। ইয়াৰ পিছত তেওঁ আৰু কেতিয়াও বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব, তেন্তে কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ? দৰাচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও তেওঁ বিহাৰৰ বিধান পৰিষদৰ সদস্য।

যেনেকৈ সংসদত লোকসভা আৰু ৰাজ্যসভা আছে। য’ত লোকসভাৰ সাংসদসকলক পোনপটীয়াকৈ ভোটাৰে নিৰ্বাচন কৰে আৰু ৰাজ্যসভাৰ সাংসদসকল বিভিন্ন ৰাজ্যৰ বিধায়কৰ ভোটত নিৰ্বাচিত হয়। একেদৰে ভাৰতৰ ৬ খন ৰাজ্যত বিধান পৰিষদ আছে। বিধানসভাৰ উচ্চ সদন। বিধান পৰিষদৰ সদস্যসকলক ভোটাৰে পোনপটীয়াকৈ নিৰ্বাচন নকৰে। বিধানসভাত থকা ৰাজনৈতিক দলসমূহৰ আসনৰ ওপৰত ভিত্তি কৰি বিধান পৰিষদৰ সদস্য নিৰ্বাচন কৰা হয়। তেনেকৈ ৰাজ্যৰ মন্ত্ৰী হ’ব পাৰে। সংসদৰ ৰাজ্যসভাৰ এজন সদস্যৰ দৰেই এজন বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল ৬ বছৰ।

২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। সেই সময়ত তেওঁ বিধানসভা বা বিধান পৰিষদৰ সদস্য নাছিল। যাৰ বাবে আঠ দিনৰ ভিতৰতে তেওঁ পদত্যাগ কৰে। তাৰ পিছত ২০০৫ চনত নীতিশ পুনৰ মুখ্যমন্ত্ৰী হয়। তেতিয়াও তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। বৰঞ্চ তেওঁ বিধান পৰিষদৰ সদস্য হোৱাৰ সিদ্ধান্ত লয়। ২০১৪ চনৰ ২০ মে’ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰা নীতিশে বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰী হৈ থাকে। ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তাৰ পিছত তেওঁ কেইবাবাৰো মিত্ৰতা সলনি কৰে।

কেতিয়াবা লালু প্ৰসাদৰ দলৰ সৈতে মিত্ৰতা কৰিছিল আৰু কেতিয়াবা এন ডি এলৈ উভতি আহিছিল। এই গুণৰ বাবে দেশৰ ৰাজনীতিত তেওঁক এক বিশেষ নামেৰেও জনা যায়। মিত্ৰতা সলনি কৰিলেও কিন্তু তেওঁ মুখ্যমন্ত্ৰী হৈয়েই থাকিল। শুকুৰবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বিজেপি আৰু জেডিউৰ আসনে জনতাৰ চকু কপালত তুলিলে। ৭৪ বছৰীয়া নীতিশ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত। এইবাৰো তেওঁ বিধান পৰিষদৰ সদস্য হিচাপে মুখ্যমন্ত্ৰীৰ পদৰ দায়িত্ব ল’বলৈ ওলাইছে। কাৰণ, ২০২৪ চনত পুনৰ বিধান পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ। ২০৩০ চনত শেষ হ’ব তেওঁৰ কাৰ্যকাল।