Bihar Election 2025: আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১২১ আসনত ১৩১৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা
Bihar Assembly Elections 2025: প্ৰথম পৰ্যায়ৰ ১২১টা বিধানসভা সমষ্টিৰ ভিতৰত ১০২ খন সাধাৰণ আসন, আনহাতে ১৯ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। মুঠ ৪৫,৩৪১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব।
আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৩ কোটি ৭৫ লাখ ভোটাৰে ইভিএমত বন্দী কৰিব ১৩১৪জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। বিশিষ্ট নামৰ কথা ক’বলৈ গ’লে এই পৰ্যায়ত তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী, আৰু বিজয় সিনহাৰ লগতে ১৬ জন চৰকাৰী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। এই নিৰ্বাচনত সৰ্বাধিক চৰ্চিত সমষ্টি মোকামাতো অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।
প্ৰবীণ ৰাজনীতিবিদ আৰু শক্তিশালী ব্যক্তিৰ লগতে কেইবাজনো তাৰকাৰ ভাগ্য এই পৰ্যায়তে নিৰ্ণয় কৰা হ’ব। ইয়াৰ ভিতৰত আছে মৈথিলী ঠাকুৰ, খেছাৰী লাল যাদৱ, আৰু ৰিতেশ পাণ্ডেৰ দৰে নাম। প্ৰথম পৰ্যায়ৰ ১২১টা বিধানসভা সমষ্টিৰ ভিতৰত ১০২ খন সাধাৰণ আসন, আনহাতে ১৯ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। মুঠ ৪৫,৩৪১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব।
প্ৰথম পৰ্যায়ত ১২১টা বিধানসভা সমষ্টিত মুঠ ১৩১৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে ১১৯২ জন পুৰুষ আৰু ১২২ গৰাকী মহিলা প্ৰাৰ্থী। ৬ নৱেম্বৰত ইভিএমত মুঠ ৩,৭৫,১৩,৩০২ জন ভোটাৰে এই ১,৩১৪ জন প্ৰাৰ্থীৰ ভাগ্যত মোহৰ মাৰিব। ইয়াৰ ১, ৯৮, ৩৫, ৩২৫ জন পুৰুষ ভোটাৰ আৰু ১, ৭৬, ৭৭, ২১৯ গৰাকী মহিলা ভোটাৰ আছে। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৭৫৮ জন। ১৮-১৯ বছৰৰ ভোটাৰৰ সংখ্যা ৭,৩৭, ৭৬৫ গৰাকী। PWD ভোটাৰ আছে ৩, ২২, ০৭৭ জন আৰু ১০০ বছৰৰ অধিক বয়সৰ ভোটাৰ আছে ৬,৭৩৬ জন।
ইফালে নিৰ্বাচন আয়োগে পৰ্যবেক্ষকক স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে যাতে নিৰ্বাচনী যন্ত্ৰই ভোটদান প্ৰক্ৰিয়াৰ বাবে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে আৰু ভোটাৰৰ বৃহৎ ভোটদানক উৎসাহিত কৰে। আয়োগে মোবাইল জমা সুবিধা, নতুন ভিআইএছ স্লিপ, ইচিআইনেট এপৰ জনপ্ৰিয়তা, বুথৰ পৰা ১০০% ৱেবকাষ্টিং, ভোটৰ প্ৰতিবেদন সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰিবলৈ আয়োগে প্ৰথম পৰ্যায়ৰ বাবে ১২১ জন জেনেৰেল, ১৮ জন আৰক্ষী, আৰু ৩৩ জন ব্যয় পৰ্যবেক্ষক নিযুক্তি দিছে।
কোনো কোনো অঞ্চলত সন্ধিয়া ৬ বজালৈ আৰু কোনো কোনো অঞ্চলত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত কেইবাটাও স্পৰ্শকাতৰ বিধানসভা সমষ্টিত ভোটদানৰ সময়সীমা এঘণ্টা হ্ৰাস কৰা হৈছে। ফলস্বৰূপে এই বিধানসভা সমষ্টি আৰু বুথসমূহত সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
আন বুথত ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে আৰু সন্ধিয়া ৬ বজাৰ ভিতৰত সমাপ্ত হ’ব। আয়োগে প্ৰকাশ কৰা ভোটগ্ৰহণ সূচী অনুসৰি প্ৰথম পৰ্যায়ত ছিমৰি বাখতিয়াৰপুৰ, মহিছি, মুংগেৰ, আৰু জামালপুৰৰ সকলো বুথতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
প্ৰথম পৰ্যায়ত সূৰ্যগড় বিধান সভা সমষ্টিৰ ৫৬ টা বুথত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে সূৰ্যগড় বিধান সভা সমষ্টিৰ বাকী থকা বুথসমূহত সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
প্ৰথম পৰ্যায়ৰ জিলাসমূহ
প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা হ’বলগীয়া জিলাসমূহৰ ভিতৰত আছে মধেপুৰা, সহাৰছা, দৰভঙা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, সাৰণ, বৈশালী, সমস্তীপুৰ, বেগুছৰাই, খগড়িয়া, মুংগেৰ, লক্ষীচৰাই, শ্বেখপুৰা, নালন্দা, পাটনা, ভোজপুৰ, আৰু বক্সাৰ।
বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অহা ১১ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত বাকী ১২২খন আসনত ভোটগ্ৰহণ হ’ব। ১৪ নৱেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৪ নৱেম্বৰত সমাপ্ত হয়।এইবাৰ বিহাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) আৰু গ্ৰেণ্ড এলায়েন্সৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ’ব।