শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bihar Election 2025 Results: কাৰ দখললৈ বিহাৰৰ মচনদ! NDAৰ গতি ৰোধ কৰিব পাৰিবনে মহাগঠবন্ধনে?

কোনে দখল কৰিব বিহাৰৰ ক্ষমতা? বিহাৰৰ শাসনৰ গাদীত নীতিশ বাবুৰ ধাৰাবাহিকতা থাকিব নে ‘তেজস্বী’ ধুমুহাই এই ধাৰাবাহিকতা ভংগ কৰিব? নে জন স্বৰাজৰ ‘প্ৰশান্ত’ ধুমুহাই নতুন জোকাৰণি তুলিব বিহাৰত? অৱশেষত আজি উত্তৰ পোৱা দীৰ্ঘদিনীয়া এই চৰ্চিত প্ৰশ্নসমূহৰ।

Bihar Election 2025 Results: কাৰ দখললৈ বিহাৰৰ মচনদ! NDAৰ গতি ৰোধ কৰিব পাৰিবনে মহাগঠবন্ধনে?
আজি ঘোষণা হ’ব বিহাৰ নিৰ্বাচনৰ ফলাফল
monjit-dutta
Monjit Dutta | Published: 14 Nov 2025 06:15 AM

কোনে দখল কৰিব বিহাৰৰ ক্ষমতা? বিহাৰৰ শাসনৰ গাদীত নীতিশ বাবুৰ ধাৰাবাহিকতা থাকিব নে ‘তেজস্বী’ ধুমুহাই এই ধাৰাবাহিকতা ভংগ কৰিব? নে জন স্বৰাজৰ ‘প্ৰশান্ত’ ধুমুহাই নতুন জোকাৰণি তুলিব বিহাৰত? অৱশেষত আজি উত্তৰ পোৱা দীৰ্ঘদিনীয়া এই চৰ্চিত প্ৰশ্নসমূহৰ। এফালে NDAৰ শক্তি প্ৰদৰ্শন আৰু আনফালে বিৰোধীৰ ঐক্যযুঁজৰ শক্তিৰ আজি বিহাৰত উমান পোৱা যাব। দেশৰ ৰাজনীতিত এইবাৰ অতিচৰ্চিত হৈ পৰা বিহাৰ নিৰ্বাচন এই বহু দিশত তাৎপৰ্যপূৰ্ণ পৰে।

প্ৰধানতঃ ভোটাৰৰ উৎসাহ আৰু নিৰ্বাচনত অংশগ্ৰহণ এইবাৰ বিশেষভাৱে আকৰ্ষণীয় আছিল। ৰাজ্যখনৰ নিৰ্বাচনী ইতিহাসত এইবাৰে ভোটদানৰ হাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন ইতিহাসৰ সূচনা কৰে। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ নিৰ্বাচনত এইবাৰ অভিলেখসংখ্যক ৬৭.১৩ শতাংশ ভোটদান সম্পন্ন হয়।

শাসকীয় NDAই এই অভিলেখ সংখ্যক ভোটদানক বৰ্তমানৰ চৰকাৰৰ প্ৰতি উপহাৰ তথা সমৰ্থন আখ্যা দিয়াৰ বিপৰীতে বিৰোধী মহাগঠবন্ধনে এয়া পৰিৱৰ্তনৰ ইংগিত বুলি অভিহিত কৰিছে। অৱশ্যে শাসক-বিৰোধীৰ এই দাবীৰ সত্যাসত্য আজিৰ ফলাফলেহে প্ৰমাণ কৰিব।

৮ বজাৰ হ’ব ভোটগণনা

আজি ​​পুৱা ৮ বজাৰ পৰা বিহাৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ’ব। প্ৰথমে ডাক বেলট গণনা কৰা হ’ব তাৰ পিছত পুৱা ৮:৩০ বজাৰ পৰা EVMৰ ভোট গণনা কৰা হ’ব। ৩৮খন জিলাৰ ৪৬টা কেন্দ্ৰত ভোটগণনা কৰা হ’ব। এই উদ্দেশ্যে সমগ্ৰ বিহাৰজুৰি কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

নিৰ্বাচন আয়োগে ইতিমধ্যে উল্লেখ কৰিছে যে ২৪৩টা বিধানসভা সমষ্টিত গণনাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। ২৪৩ জন ৰিটাৰ্নিং অফিচাৰৰ তত্বাৱধানত গণনা কৰা হ’ব, লগতে ২৪৩ জন পৰ্যবেক্ষক থাকিব। প্ৰাৰ্থী বা তেওঁলোকৰ এজেণ্টৰ উপস্থিতিত গণনা কৰা হ’ব বুলি আয়োগে উল্লেখ কৰিছে।

নিৰাপত্তাৰ ব্যৱস্থা

শান্তিপূৰ্ণ গণনা নিশ্চিত কৰিবলৈ ৰাজ্যৰ সৰ্বপ্ৰান্তত CAPF (Central Armed Police Force) আৰু বিহাৰ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰাও ১০৬টা কোম্পানীক নিয়োগ কৰা হৈছে। গণনা কেন্দ্ৰসমূহত দুটা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। CAPF- এ ভিতৰৰ নিৰাপত্তাত নিয়োজিত হোৱাৰ বিপৰীতে বিহাৰ আৰক্ষী বাহ্যিক নিৰাপত্তাৰ দায়িত্বত থাকিব।

আত্মবিশ্বাসী তেজস্বী

ভোটগণনাৰ পূৰ্বে আৰজেডি নেতা তথা বিৰোধী মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে পুনৰ এবাৰ চৰকাৰ গঠনৰ দাবী কৰে। এক সংবাদমেলত প্ৰবল আত্মবিশ্বাসেৰে তেওঁ মহাগঠবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰিছে। সকলো জাতি-ধৰ্মৰ লোকে মহাগঠবন্ধনৰ সপক্ষে ভোটদান কৰিছিল বুলিও দাবী কৰিছে তেজস্বীয়ে।

ইফালে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সন্দৰ্ভত কোনো স্পষ্ট ঘোষণা কৰা নাই NDAই। প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ তথা শাসকীয় মিত্ৰজোঁটৰ প্ৰতিগৰাকী নেতাই নীতিশ কুমাৰৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰিছিল যদিও জেডিইউৰ মুৰব্বীগৰাকীয়েই মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিবনে, তাৰ কোনো নিশ্চয়তা দিয়া নাছিল।

অৱশ্যে নীতিশ কুমাৰকে পুনৰবাৰ NDAই মুখ্যমন্ত্ৰীৰ আসনত বহাব বুলি আশাবাদী জেডিইউ। দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই নিৰ্বাচনত মিত্ৰজোঁট বৃহৎ ব্যৱধানত জয়ী হ’ব বুলিও দাবী কৰিছে। ইফালে প্ৰশান্ত কিশোৰৰ নৱগঠিত জন স্বৰাজৰ ওপৰতো দৃষ্টি নিৱদ্ধ ৰাজনৈতিক বিশ্লেষকৰ।

জন স্বৰাজে বিশেষকৈ ৰাজ্যৰ যুৱ আৰু প্ৰব্ৰজিত ভোটাৰৰ মাজত কিছু প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। বিহাৰৰ নতুন চৰকাৰ গঠনৰ গঠনত প্ৰশান্ত কিশোৰৰ জন স্বৰাজেও ‘কিং মেকাৰ’ৰ ভূমিকা ল’ব পাৰে বুলি একাংশ বিশ্লেষকে মত পোষণ কৰিছে। এতিয়া এই সকলো দাবী-বিশ্লেষণ তথা চৰ্চাৰ ওৰ পেলাই কোনে বিহাৰৰ মচনদ দখল কৰে, সেয়া হ’ব লক্ষণীয়।