শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Maha Kumbh 2025 : গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত ডুব মাৰিলে অমিত শ্বাহে, সংগ দিলে যোগী-ৰামদেৱে…

আজি পুৱাতে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত স্নান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহমন্ত্ৰী গৰাকীক সৈতে আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। লগতে বহু কেইগৰাকী ঋষি-সাধুৱেও তেওঁক সংগ দিয়ে । অমিত শ্বাহৰ সৈতে ত্ৰিবেণী সংগমত পবিত্ৰ ডুব মাৰিছিল যোগগুৰু বাবা ৰামদেৱও।

Maha Kumbh 2025 : গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত ডুব মাৰিলে অমিত শ্বাহে, সংগ দিলে যোগী-ৰামদেৱে…
সোমবাৰে সংগমত পবিত্ৰ ডুব মৰিলে অমিত শ্বাহে
Manas Borah
Manas Borah | Edited By: Raj Saikia | Updated On: 27 Jan 2025 16:54 PM

সোমবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পাছতে আজি পুৱাতে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ত্ৰিবেণী সংগমত স্নান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহমন্ত্ৰীগৰাকীক সৈতে আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। লগতে বহু কেইগৰাকী ঋষি-সাধুৱেও তেওঁক সংগ দিয়ে । ইয়াৰ পিছতে শ্বাহে পৰিয়ালৰ সৈতে গংগাত আৰতি কৰে। অমিত শ্বাহৰ সৈতে ত্ৰিবেণী সংগমত পবিত্ৰ ডুব মাৰিছিল যোগগুৰু বাবা ৰামদেৱও।

অমিত শ্বাহে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, ‘কুম্ভই সমন্বয়ৰ ওপৰত ভিত্তি কৰি আমাৰ চিৰন্তন জীৱন দৰ্শনক প্ৰতিফলিত কৰে। আজি ধৰ্মীয় নগৰ প্ৰয়াগৰাজৰ এই একতা আৰু অখণ্ডতাৰ এই মহান উৎসৱত স্নান কৰি সন্তসকলৰ আশীৰ্বাদ ল’বলৈ আগ্ৰহী।’ প্ৰয়াগৰাজত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেইবাগৰাকী মন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনাইছিল।

মহাকুম্ভ মিডিয়া চেণ্টাৰে ২৭ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহ মহাকুম্ভত লৈ যোৱাৰ সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। এই প্ৰেছ বিজ্ঞপ্তি অনুসৰি অমিত শ্বাহে প্ৰথমে প্ৰয়াগৰাজত উপস্থিত হৈ ত্ৰিবেণী সংগমত গংগাত স্নান কৰে। ইয়াৰ পিছত তেওঁ বাদে হনুমানজী মন্দিৰ আৰু অক্ষয় ভাটলৈ যাব। ইয়াৰ লগতে মহাৰাজ আৰু অন্যান্য সন্তসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি জুনা আখৰাৰ দৰ্শন কৰিব।

ধৰ্মনগৰী ভ্ৰমণৰ সময়ত গুৰু শৰণানন্দৰ আশ্ৰমলৈ গৈ গুৰু শৰণানন্দ আৰু গোবিন্দ গিৰিজী মহাৰাজক সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁ শ্ৰীংগেৰী, পুৰী আৰু দ্বাৰকাৰ শংকৰাচাৰ্যসকলকো সাক্ষাৎ কৰিব । সন্ধিয়া দিল্লীলৈ পুনৰ ৰাওনা হ’ব অমিত শ্বাহ।