মাত্ৰ ১ মিনিটত ধ্বংস সকলো! আহমেদাবাদ বিমান দুৰ্ঘটনাৰ ১৩ টা সবাতোকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ আপডেট…
Air india flight Crash: বৃহস্পতিবাৰে দুপৰীয়া গুজৰাটৰ আহমেদাবাদত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এয়াৰ ইণ্ডিয়াৰ এই বিমানখনত ২৪২ জন যাত্ৰী আছিল।

গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ১২ জুনৰ দুপৰীয়া প্ৰায় ১.৩৯ মিনিটত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ থকা বিমানখনত ২৪২ জন যাত্ৰী আছিল। এই ঘটনাত কিমান সংখ্যক লোকৰ মৃত্যু হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে আহতসকলক লগে লগে হাস্পাতালত ভৰ্তি কৰায়।
সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি বৃস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেঘনানী নগৰ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনে উৰণ আৰম্ভ কৰাৰ প্ৰায় ১ মিনিটৰ ভিতৰতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া জয়েশ খাদিয়াই জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে চাৰিওফালে ধোঁৱাই ছানি ধৰে। লগে লগে সেই স্থানলৈ অগ্নিনিৰ্বাপক বাহিনী প্ৰেৰণ কৰি জুই নুমুৱাবলৈ চেষ্টা কৰা হয়।
গুৰুত্বপূৰ্ণ তথ্য
- দিনৰ ১.১৭ বজাত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল AI171 নম্বৰৰ বিমান।
- উৰা মৰাৰ লগে লগে পাইলটে ATC লৈ MAYDAY ফোন কৰে। কিন্তু ইয়াৰ পাছত বিমানখনৰ সৈতে কোনো যোগাযোগ নহ’ল।
- দুপৰীয়া ১:৩৯ বজাত মেঘনী নগৰ অঞ্চলৰ মানসিক চিকিৎসালয় কেম্পাছৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
- আহমেদাবাদত উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান।
- আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ আছিল বিমানখন।
- বিমানখনত মুঠ ২৪২জন লোক আছিল, য’ত আছিল ২জন পাইলট, ১০জন ক্ৰু মেম্বাৰ আৰু ২৩০জন যাত্ৰী।
- এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে আহমেদাবাদ হৰ্চ কেম্পৰ আৱাসিক এলেকাত।
- বিমান দুৰ্ঘটনাত বৃহৎ লোকচানৰ আশংকা।
- দুৰ্ঘটনাৰ কাৰণ বিমানৰ পাছ অংশ গছত খুন্দা মৰা বুলি জানিব পৰা গৈছে।
- এক্সত পোষ্ট কৰি এয়াৰ ইণ্ডিয়াই লিখিছে যে আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ যোৱা বিমান নম্বৰ AI171 আজি ১২ জুন ২০২৫ তাৰিখে দুৰ্ঘটনাগ্ৰস্ত হয়।
- বিমানখনৰ মুখ্য পাইলট আছিল কেপ্তেইন সুমিত সভাৰৱাল। তেওঁৰ বিমানখন চলোৱাৰ অভিজ্ঞতা আছিল ৮২০০ ঘণ্টা।
- সহ-পাইলট ক্লাইভ কুণ্ডাৰৰ ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল।
- ২৩ নম্বৰ ৰাণৱেৰ পৰা উৰণৰ পিছতে বিমানখন দুৰ্ঘটনাতপতিত হয়।
অন্য খবৰ পঢ়কঃ ৰাজ নহয়, সোণমৰ আছে অন্য এজন প্ৰেমিক! কোন এই নতুন যুৱক, যাৰ বাবে মেলিলে প্ৰতাৰণাৰ জাল…