ৰাজ নহয়, সোণমৰ আছে অন্য এজন প্ৰেমিক! কোন এই নতুন যুৱক, যাৰ বাবে মেলিলে প্ৰতাৰণাৰ জাল…
ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত নতুন তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি সোণমে ৰাজক কেৱল ব্যৱহাৰ কৰিছিল। সকলোকে প্ৰতাৰণা কৰি সোণমে অন্য যুৱকৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰিছিল।

ৰাজা ৰঘুবংশী কাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এই ঘটনাত বৰ্তমানলৈ আৰক্ষীয়ে ৰাজাৰ পত্নী সোণম, ৰাজ কুছৱাহাকে ধৰি ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আটাইকেইজন অভিযুক্ত। প্ৰথম অৱস্থাত ৰাজ কুছৱাহাক সোণমৰ প্ৰেমিক বুলি ধৰা হৈছিল যদিও এতিয়া এই ঘটনাই এক নতুন মোৰ লৈছে। এতিয়ালৈকে এয়া স্পষ্ট হৈ পৰিছে যে সোণমে ৰাজ আৰু আন চুপাৰি কিলাৰৰ সৈতে মিলি ৰাজাক হত্যা কৰিছিল। কিন্তু এতিয়া এই ঘটনাত আন এজন যুৱকৰ এন্ট্ৰি হৈছে।
আৰক্ষীৰ মতে, সোণমৰ পৰিকল্পনা আছিল যে ৰাজাক হত্যা কৰি তেওঁ বিধৱা হ’ব আৰু পাছত প্ৰেমিকৰ সৈতে বিয়াত বহিব। এই সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি, ৰাজাক হত্যাৰ বাবে সোণমে কেৱল ৰাজ কুছৱাহাক ব্যৱহাৰ কৰিছিল। সোণমে এই ঘটনাৰ মাষ্টাৰমাইণ্ড ৰাজ বুলি কোৱাৰ বিপৰীতে ৰাজে কৈছে সোণম বুলি ।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই সমগ্ৰ গোচৰৰ প্ৰকৃত মাষ্টাৰমাইণ্ড হৈছে সোণম। তেওঁ ৰাজক কেৱল ব্যৱহাৰ কৰিছিল। অভিযুক্তক জেৰা কৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে কয় যে, এনে লাগে সোণমে সকলোকে প্ৰতাৰণা কৰি ৰাজাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰিছিল। ৰাজক প্ৰেমৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে আনকেইজনক টকাৰ প্ৰলোভন দিছিল।
কোৱা হৈছিল যে, এই সমগ্ৰ কাণ্ড সোণমে ৰাজৰ বাবে কৰিছে আৰু তেওঁৱে ষড়যন্ত্ৰকাৰী। ৰাজক সোণমৰ প্ৰেমিক বুলি কোৱা হৈছিল। কিন্তু সূত্ৰই জনাই যে এই ঘটনাই এতিয়া নতুন মোৰ লৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে সোণমে আন কোনো ব্যক্তিৰ বাবেহে এই কাণ্ড সংঘটিত কৰিছে। সোণমে অন্য এজন যুৱকৰ সৈতে পলায়ন কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। এই সকলোবোৰৰ বিষয়ে ৰাজ জ্ঞাত নাছিল, যাৰ বাবে তেওঁ সোণমক সহায় কৰিছিল। এই তৃতীয় ব্যক্তিজন কোন সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ হোৱা নাই। অৱশ্যে এই সকলো অভিযোগৰ সত্যাসত্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।
ইফালে সোণমৰ পৰিয়ালে দাবী কৰি আহিছে যে ৰাজৰ সৈতে তেওঁলোকৰ কন্যাৰ কোনো প্ৰেমৰ সম্পৰ্ক নাছিল। সোণমে ৰাজক ৰাখী পিন্ধাইছিল। সোণনৰ ভাতৃ গোবিন্দইও কৈছিল যে- ৰাজক সোণমে ৰাখী পিন্ধাইছিল আৰু ৰাজে দিদি বুলি সম্বোধন কৰিছিল। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে.যদি সঁচাকৈ সোণম আৰু ৰাজৰ মাজত তেনে কোনো সম্পৰ্ক নাছিল, তেন্তে কাৰ কাৰণে সোণমে স্বামীক হত্যা কৰিলে?
বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আটাইকেইজন অভিযুক্ত। শ্বিলং আৰক্ষীয়ে এই আটাইকেইজন অভিযুক্তক এতিয়া অপৰাধস্থলীলৈ লৈ যাব আৰু ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিব। প্ৰয়োজন হলে অভিযুক্তক ইন্দোৰলৈও লৈ যাব। এই হত্যাকাণ্ডৰ পাছত সোণম ক’ত , কাৰ লগত আছিল এই সকলোবোৰে হয়তো ঘটনাৰ গতি সলাব। এই ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত প্ৰকৃত সত্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডৰ মাষ্টাৰমাইণ্ড কোন? আৰম্ভ সোণম-ৰাজৰ নতুন নাটক…